ETV Bharat / state

ব্যৰ্থতাৰ পৰা সফলতাৰ দিশলৈ, গুৱাহাটীত মাদুৰাইৰ দিনেশৰ সফল ব্যৱসায়

তামিলনাডুৰ মাদুৰাইৰ পৰা অসমত ব্যৱসায় কৰা এগৰাকী সফল ব্যৱসায়ী । ব্যৰ্থতাই সলনি কৰিছিল জীৱনৰ লক্ষ্য। সাংবাদিক কুলগীতা সাউদৰ সহযোগত শৰৎ শৰ্মাৰ সম্পাদনাত পঢ়ক এই প্ৰতিবেদন...

Dinesh from Madurai's successful business in Guwahati
গুৱাহাটীত মাদুৰাইৰ দিনেশৰ সফল ব্যৱসায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 7:46 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: চিআৰপিএফত যোগদান কৰি দেশসেৱা কৰাৰ সপোন লৈ তামিলনাডুৰ মাদুৰাইৰ পৰা ২০১৫-১৬ চনত এজন যুৱক অসমলৈ আহিছিল । যুৱকজনৰ গাঁৱৰ প্ৰতিঘৰৰ পৰাই কোনোবা নহয় কোনোবা সেনা বা অৰ্ধসামৰিক বাহিনীত থকাৰ বাবে যুৱকজনৰো চিআৰপিএফত ভৰ্তি হোৱাৰ ইচ্ছা আছিল ।

সেয়ে মোমায়েকৰ আহ্বানত পৰীক্ষাত বহিছিল যদিও ব্যৰ্থ হ’বলগীয়া হয় । কিন্তু এই ব্যৰ্থতাই তেওঁৰ জীৱনৰ লক্ষ্য সলাই পেলালে । আজি তেওঁ গুৱাহাটীৰ এজন সফল ব্যৱসায়ী । চাউথ ইণ্ডিয়ান দোচাৱালা নামৰ দুখন বিপণীৰ জৰিয়তে মাদুৰাইৰ দিনেশে দৈনিক শ শ লোকক সুস্বাদু দক্ষিণ ভাৰতীয় খাদ্য ইদলি, দোচা আৰু বৰাৰ সোৱাদ দি আহিছে ।

প্ৰায় আঠ বছৰ পূৰ্বে মাতৃৰ সোণৰ গহনা বিক্ৰী কৰি লাভ কৰা ৩ লাখ ৫০ হাজাৰ টকাৰে দিনেশে শিলপুখুৰীত প্ৰথমখন সৰু দোচাৰ দোকান আৰম্ভ কৰিছিল । আৰম্ভণিতে দৈনিক মাত্ৰ ৫-৬ প্লেট দোচা বিক্ৰী হৈছিল যদিও তেওঁ হতাশ হোৱা নাছিল ।

খাদ্যৰ মান, ঘৰুৱা সোৱাদ আৰু নিজৰ কষ্টৰ বলত লাহে লাহে গ্ৰাহকৰ সঁহাৰি বৃদ্ধি পাবলৈ ধৰে । শিলপুখুৰীতে সৰুৰ পৰা এখন ডাঙৰ দোকানলৈ স্থানান্তৰ কৰিলে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশেও তেওঁৰ দোকানলৈ আহি দোচাৰ সোৱাদ লৈ তেওঁক উৎসাহ যোগাইছিল ।

পৰৱৰ্তী সময়ত শিলপুখুৰীত উৰণ সেতু নিৰ্মাণৰ কাম চলি থকাৰ বাবে তেওঁ দোকানখন বিগত বৰ্ষত পল্টন বজাৰলৈ স্থানান্তৰ কৰে । বৰ্তমান পল্টন বজাৰৰ উপৰিও কুমাৰপাৰা পাঁচ আলিলৈকে তেওঁৰ ব্যৱসায় সম্প্ৰসাৰিত হৈছে ।

দিনেশে ইটিভি ভাৰতৰ আগত কয়, "চিআৰপিএফত যোগ দি দেশসেৱা কৰাৰ সপোন আছিল যদিও সপোন পূৰণ নোহোৱাত মামাই গুৱাহাটীলৈ মাতিছিল । আৰ্মি কেম্পৰ কেণ্টিনত দোচা বিক্ৰী কৰিবলৈ । সেই সূত্ৰেই ঘৰৰ পৰা গুৱাহাটীলৈ আহিছিলোঁ । ইয়াত অহাৰ পিছত ভাবিলোঁ যে দোচা বিক্ৰী কৰিম যিহেতু কেণ্টিনত কিয়, বাহিৰত কৰিম ।"

তেওঁ কয়, "সেই কথা ভাবিয়েই ঘৰত আলোচনা কৰি মাৰ সোণৰ গহনা বিক্ৰী কৰি ৩.৫০ লাখ টকাৰে শিলপুখুৰীত সৰু দোকানখন আৰম্ভ কৰিছিলোঁ । আমাৰ দোকানৰ মচলাবোৰ দক্ষিণৰ পৰাই লৈ আহোঁ আৰু ইয়াত মায়ে ঘৰুৱা সোৱাদত প্ৰস্তুত কৰি দিয়ে । আমি দোকানত আনি সেইবোৰ বনাই বিক্ৰী কৰোঁ । আমাৰ দোকানত ৬০ টকাৰ পৰা ১৫০ টকাৰ ভিতৰত দোচা, ইদলি আৰু বৰা পোৱা যায় । ইয়াৰে চিজ মাচালা দোচা আৰু বাটাৰ মাচালা দোচা গ্ৰাহকৰ অতি প্ৰিয় ।"

তেওঁ লগতে কয়, "দুয়োখন দোকান মিলি প্ৰতিদিনে ২০০ প্লেটতকৈও অধিক দোচা বিক্ৰী হয় । গ্ৰাহকৰ সঁহাৰি খুব ভাল পাইছোঁ । তদুপৰি বৰ্তমান মোৰ অধীনত ৯ জন কৰ্মচাৰী আছে । মোৰ তাত কাম কৰি তেওঁলোকে পৰিয়াল পোহপাল দি আছে ।"

কেৱল ব্যৱসায়তে সীমাবদ্ধ নাথাকি দিনেশে সমাজসেৱাতো বিশেষ বৰঙণি আগবঢ়াইছে । অসমৰ পৰা চেন্নাইলৈ চিকিৎসাৰ বাবে যোৱা ২,০০০ তকৈও অধিক অসমৰ পৰিয়ালক তেওঁ বিভিন্ন ধৰণে সহায় কৰিছে । ইয়াৰ উপৰি বহু অসমীয়া যুৱকক কইম্বাটুৰ আৰু তিৰুপুৰত সংস্থাপনৰ সুযোগ উলিয়াই দিছে ।

আগন্তুক ৩-৪ বছৰৰ ভিতৰত নিজৰ গৃহৰাজ্যলৈ উভতি যোৱাৰ পৰিকল্পনা কৰা দিনেশে তাত থকা অসমীয়া যুৱকসকলক একগোট কৰি ‘চাউথ ইণ্ডিয়া আছাম’ নামৰ এটা সংস্থা গঠন কৰাৰ লক্ষ্য ৰাখিছে । আনৰ অধীনত শ্ৰমিক হৈ থকাতকৈ যুৱকসকলে যাতে নিজে স্বত্বাধিকাৰী হৈ আত্মনিৰ্ভৰশীল হ’ব পাৰে, তাৰবাবে তেওঁলোকক সহায় কৰাটোৱে দিনেশৰ মূল উদ্দেশ্য হৈ আহিছে ।

লগতে পঢ়ক: ডেৰ লাখ টকাৰে আৰম্ভ কৰা সপোন...উদ্যোগী মহিলা ৰুনিমা চেতিয়াৰ উত্তৰণৰ কাহিনী

মাজুলীত চেণ্টাৰ অৱ এক্সিলেন্সৰ প্ৰশিক্ষাৰ্থীৰ তিনিটাকৈ বিশেষ কাৰিকৰী প্ৰকল্প নিৰ্মাণ