ধোপগুৰিত মাল গোঁসাই পূজা: উজলিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি
জুই-পানীক একাকাৰ কৰি ঘূৰি ফুৰা এখন চাঙী । মন্ত্ৰপুতঃ কৰি এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয় ।

Published : July 15, 2026 at 1:19 PM IST
সোণাপুৰ: মধ্যযুগৰ ৰজাদিনীয়া ঐতিহ্য আৰু পৰম্পৰাক অক্ষুণ্ণ ৰাখি মঙলবাৰে ডিমৰীয়াৰ ধোপগুৰিত অগণন লোকৰ সমাগমেৰে অতি উলহ-মালহেৰে অনুষ্ঠিত হৈ যায় ঐতিহাসিক ‘গৰখীয়া মাল গোঁসাই পূজা’ । অসমৰ পুৰণি কৃষ্টি-সংস্কৃতিৰ এক অন্যতম চহকী নিদৰ্শনস্বৰূপ এই পূজাই পুনৰবাৰ প্ৰমাণ কৰিলে যে আধুনিকতাৰ ধুমুহাই আজিও ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ বুকুত থকা পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিক ম্লান কৰিব পৰা নাই । ঐক্য, সম্প্ৰীতি আৰু সংস্কৃতিৰ এক অভূতপূৰ্ব মহামিলনৰ মাজেৰে ধোপগুৰিৰ এই পূজা প্ৰাঙ্গণত মঙলবাৰে হেজাৰ হেজাৰ লোকৰ সমাৱেশ ঘটে ।
মাল গোঁসাই পূজাৰ ঐতিহাসিক পটভূমি:
ঐতিহাসিক তথ্য আৰু লোক-বিশ্বাস অনুসৰি, মধ্যযুগৰ ডিমৰীয়া ৰাজ্যৰ লগতে অসমৰ অন্যান্য স্বাধীন ৰজাসকলৰ দিনত ‘মাল যুঁজ’ বা কুস্তিয়ে বিশেষ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল । নিজ ৰাজ্যক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু সৈন্য-সামন্তৰ মাজত বল-বিক্ৰম বৃদ্ধি কৰিবলৈ ৰজাসকলে মাল যুঁজৰ চৰ্চা অপৰিহাৰ্য কৰি তুলিছিল । এই মাল যুঁজৰ সৈতে জড়িত আৰাধ্য দেৱতাক পূজা-অৰ্চনা কৰাৰ যি ৰীতি আছিল, সেয়াই কালক্ৰমত ‘মাল গোঁসাই পূজা’ৰ ৰূপ লয় ।
সততে যুদ্ধ-বিগ্ৰহত লিপ্ত থাকিবলগীয়া হোৱা সেই সময়ৰ ৰজাসকলে যুদ্ধত বিজয় লাভৰ উদ্দেশ্যে শিৱ আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিছিল । সেই পৰম্পৰা অনুসৰিয়েই এই পূজাত শিৱৰ উগ্ৰ তথা প্ৰচণ্ড ৰূপ ‘মহা মালেশ্বৰ’ আৰু দেৱী ‘মহামায়া’ক অত্যন্ত নিষ্ঠাৰে আৰাধনা কৰা হয় ।
চাঙী দেৱতাৰ অলৌকিক পৰিক্ৰমা:
এই ৰজাদিনীয়া পূজাক কেন্দ্ৰ কৰি এক বিশেষ তান্ত্ৰিক পৰম্পৰা প্ৰচলিত থকা দেখা যায় । পূজা উপলক্ষে বাঁহৰে এখন বিশেষ ‘চাঙী’ নিৰ্মাণ কৰা হয় । পৰৱৰ্তী সময়ত তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীখনক এক অলৌকিকতা প্ৰদান কৰা হয় । লোকবিশ্বাস অনুসৰি, মন্ত্ৰপূত কৰাৰ পিছত চাঙীখনে দেৱতাৰ নিৰ্দেশত স্বয়ং চালিত হ’বলৈ ধৰে । চাৰিজন বলিষ্ঠ ডেকাই এই চাঙীখন কান্ধত বহন কৰে আৰু চাঙী দেৱতাৰ নিৰ্দেশমতেই তেওঁলোকে জুই-পানী একাকাৰ কৰি সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰে ।

ধোপগুৰি অঞ্চলৰ প্ৰতিঘৰ মানুহৰ চোতালত এই চাঙী বহনকাৰী লোকসকল উপস্থিত হয় । অঞ্চলটোৰ প্ৰতিগৰাকী গৃহস্থই নিজৰ ঘৰৰ সমুখত শ্ৰদ্ধা আৰু ভক্তি সহকাৰে মাল দেৱতালৈ ‘শৰাই-শলিতা’ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰে । ধাৰণা কৰা হয় যে এই দেৱতাই অঞ্চলটোলৈ নামি অহা সকলো অপায়-অমংগল দূৰ কৰে ।
ডেকা মাল আৰু বুঢ়া মালৰ পাৰ্থক্য:
উল্লেখ্য যে ডিমৰীয়াৰ লোক-সংস্কৃতিত প্ৰচলিত ‘পঞ্চ দেৱতা’ৰ ভিতৰত মাল গোঁসাই অন্যতম । এই মাল গোঁসাই পূজা মূলতঃ দুটা ভাগত বিভক্ত—
- ডেকা বা গৰখীয়া মাল: এই পূজা প্ৰতি বছৰে আহাৰ মাহত অনুষ্ঠিত কৰা হয় ।
- বুঢ়া মাল: এই পূজা তুলনামূলকভাৱে ডাঙৰকৈ প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা হয় ।
মঙলবাৰে ধোপগুৰিত অনুষ্ঠিত হোৱা পূজাভাগ আছিল বাৰ্ষিক ‘গৰখীয়া মাল গোঁসাই পূজা’ ।
সমন্বয় আৰু সংহতিৰ বাৰ্তা:
অতীতত ৰজাসকলে কেৱল সামৰিক শক্তি প্ৰদৰ্শনৰ বাবেই নহয়, বৰঞ্চ সমাজৰ অপায়-অমংগল ৰোধ কৰিবলৈ আৰু ৰাজ্যত ‘শষ্য-মৎস্য’ৰ শ্ৰীবৃদ্ধি কামনা কৰি এই ঐতিহাসিক পূজা পালন কৰিছিল । বৰ্তমান যুগত ৰজা নাই যদিও ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজে সেই একেই বিশ্বাস আৰু উদ্যমেৰে এই পৰম্পৰা জীয়াই ৰাখিছে ।
এই পূজাৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল— ইয়াৰ জৰিয়তে ডিমৰীয়াৰ বিভিন্ন ফৈদ আৰু জনগোষ্ঠীৰ মাজত একতাৰ এক দৃঢ় বাৰ্তা প্ৰসাৰিত হয় । মঙলবাৰেও ইয়াৰ কোনো ব্যতিক্ৰম নহ’ল । হেজাৰ হেজাৰ আবাল-বৃদ্ধ-বনিতাৰ স্বতঃস্ফূত অংশগ্ৰহণে ধোপগুৰিত এক অনন্য সমন্বয়ৰ সেঁতু ৰচনা কৰিলে, যিয়ে অসমৰ বুকুত লোক-সংস্কৃতিৰ এক স্বৰ্ণিল অধ্যায় পুনৰবাৰ জিলিকাই তুলিলে ।
লগতে পঢ়ক : মঙলদৈৰ এখন গাঁৱত কিয় কৰা হয় জল দেৱতা আৰু বিষ্ণু পূজা ?

