বাইডিমা নৃত্যৰে ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিত উৎসৱ বুছু ডিমা উদযাপন
বুছু ডিমা ডিমাছা, কছাৰী জনগোষ্ঠীৰ সৰ্ববৃহৎ আৰু সৰ্বাগ্ৰগণ্য উৎসৱ ৷ সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই উৎসৱ ৷

Published : January 28, 2026 at 8:21 AM IST
হাফলং: ডিমাছা জনগোষ্ঠীৰ কৃষি ভিত্তিত উৎসৱ হৈছে বুছু ডিমা বা বুুষু ডিমা । শস্য চপোৱাৰ পিচত আয়োজিত এই উৎসৱ মঙলবাৰৰ পৰা আৰম্ভ হৈছে । ২৭ জানুৱাৰীত বুছু ডিমা উৎসৱ আৰম্ভ হয় । ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইতো সপ্তাহজুৰি বুছু ডিমা পালন কৰা হ'ব ।
ডিমাছাৰ জীৱনত কৃষিৰ গুৰুত্ব প্ৰতিফলিত কৰি শস্য চপোৱাৰ পিছত উদযাপন কৰা বুছু উৎসৱৰ সময়ত বাইডিমা নৃত্য নিশা পৰিবেশন কৰা হয় । এই উৎসৱত গায়ন-বায়নৰ লগতে নৃত্য আৰু খেলা-ধূলা জড়িত হৈ থাকে । পৰম্পৰাগত খাদ্যৰ ভোজ খোৱাৰ লগতে চাউলৰ বিয়েৰ (জুডিমা) আৰু সংগীত যেনে খ্ৰাম ঢোল আৰু মুৰি ফাইফ নৃত্য (বাইডিমাৰ দৰে) আৰু খেলা-ধূলা উপভোগ কৰি এই উৎসৱ উদযাপন কৰা হয় ।
সাধাৰণতে ২৭ জানুৱাৰীৰ আশে-পাশে ধান চপোৱা সম্পূৰ্ণ হোৱাৰ পিছত গাঁওসমূহত বুছু ডিমা উদযাপন কৰা হয় । এই উৎসৱত যুৱক-যুৱতীসহ পুৰুষ-মহিলা, কণমানিসকলেও অংশগ্ৰহণ কৰি এক অন্য মাত্ৰ প্ৰদান কৰে ।

বুছু ডিমাত সুস্বাদু খাদ্য:
বিশেষ ভোজ ভিত্তিক সুস্বাদু খাদ্য আৰু জুডিমা (ধানৰ বিয়েৰ) পান কৰা হয় । পৰম্পৰাগত গীত আৰু নৃত্য, বিশেষকৈ বাদ্যযন্ত্ৰৰ তালত বাইডিমা নৃত্য, খৰাম (ঢোল) আৰু মুৰি (ফাইফে)ৰ সংগীত পৰিবেশন কৰে । তদুপৰি ডিমাছা জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত ক্ৰীড়া আৰু সাংস্কৃতিক ঐতিহ্য দাঙি ধৰা হয় ।

ধান চপোৱা সম্পূৰ্ণ হোৱাৰ পিছত বিভিন্ন পৰম্পৰাগত ক্ৰীড়া আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন কৰা হয় । পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বাইডিমা নৃত্য পৰিবেশন কৰে । ডিমাছা জনগোষ্ঠীৰ এই পৰম্পৰাগত উৎসৱ যেনে জিদাব বুছু, সুৰেম বুছু এসপ্তাহলৈকে চলি থাকে ।

এই সন্দৰ্ভত হাফলং টাউনৰাজিৰ গাঁওপ্ৰধান ফিৰোজ লাংথাচাই কয়, "বুছু ডিমা হৈছে ডিমাছা জনগোষ্ঠীৰ আটাইতকৈ বৃহৎ উৎসৱ । প্ৰতি বছৰে ২৭ জানুৱাৰীৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বুছু ডিমা উদযাপন কৰা হয় । বুছু ডিমা উৎসৱ চাৰি ধৰণৰ । ইয়াৰ মাজতে হাঞ্চে বুছু উৎসৱ সাত দিন চলে । ইয়াৰ উপৰি সুৰেম বুছু, জিদাব বুছু উদযাপন কৰা হয় । হাফলং টাউনৰাজিত বুছু ডিমা উপলক্ষে মহিলা, যুৱক-যুৱতী আৰু কণমানিসকলৰ মাজত বাইডিমা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । তদুপৰি সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত ডিমাছা জনগোষ্ঠীৰ পৰম্পৰাগত ক্ৰীড়া আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ উপৰি হাফলং চহৰৰ প্ৰায় তিনি শতাধিক ঘৰৰ পৰা অনা হৈছে জুডিমা । জুডিমা ভাল হোৱাসকলৰ মাজত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পোৱাসকলক বঁটা প্ৰদান কৰা হয় ।"

