ETV Bharat / state

প্ৰথমবাৰৰ বাবে ডিমা হাছাওত আয়োজন মেঠোন মহোৎসৱ

ডিমা হাছাও জিলাত থকা মেঠোনৰ সংৰক্ষণ আৰু সজাগতাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন ।

Mithun festival 2026
ডিমা হাছাওত আয়োজন মেঠোন মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 10, 2026 at 11:29 AM IST

5 Min Read
Choose ETV Bharat

হাফলং : বন্যপ্ৰাণীৰ সুৰক্ষা আৰু থলুৱা পশুধন সংৰক্ষণৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অসমৰ অন্যতম শীতল অঞ্চল হিচাপে পৰিচিত ডিমা হাছাওৰ লাইছং অঞ্চলৰ অন্তৰ্গত কেঁপেইলো গাঁৱত প্ৰথমবাৰৰ বাবে মেঠোন মহোৎসৱৰ আয়োজন কৰা হৈছে ।

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পিছত এতিয়া অসমে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিছে মেঠোন (Bos frontalis)ৰ উপস্থিতি । যদিও স্থানীয় গাঁওবাসীয়ে নিজৰ পৰম্পৰাগত জীৱনশৈলীৰ অংশ হিচাপে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মেঠোনক ডাঙৰ-দীঘল কৰি আহিছে, পশু চিকিৎসা বিভাগৰ শেহতীয়া পৰ্যবেক্ষণে কেঁপেইলো অঞ্চলৰ এই প্ৰজাতিটোৰ প্ৰতি আনুষ্ঠানিকভাৱে দৃষ্টি আকৰ্ষণ কৰিছে ।

মেঠোন মহোৎসৱ ২০২৬ (ETV Bharat Assam)

ইয়াৰ পিছতে গৱেষক, পশু চিকিৎসা বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে যৌথভাৱে মেঠোনৰ বৈজ্ঞানিক সংৰক্ষণ, সুৰক্ষা আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এই পদক্ষেপৰ অংশ হিচাপে অঞ্চলটোত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে মেঠোন মহোৎসৱৰ আয়োজন কৰা হৈছে । এই উৎসৱৰ মূল লক্ষ্য হৈছে মেঠোনৰ পৰিৱেশ, সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে নথিপত্ৰ, গৱেষণা আৰু দীৰ্ঘম্যাদী সংৰক্ষণ কৌশলক উৎসাহিত কৰা । লগতে স্থানীয় গাঁওবাসী, বিষয়া, গৱেষক আৰু পশুপালন বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি অসমৰ থলুৱা পশুধন ঐতিহ্যৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা । এই পদক্ষেপে মেঠোন সংৰক্ষণৰ লগতে উন্নয়নৰ বাবে নতুন সুযোগ মুকলি কৰিব আৰু এই বিৰল প্ৰজাতিটোক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

Mithun festival 2026
মেঠোন মহোৎসৱ ২০২৬ (ETV Bharat Assam)

৮ জানুৱাৰীত কেঁপেইলো গাঁৱত প্ৰথম মেঠোন মহোৎসৱৰ উদ্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কয়, "উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ লাইছং নিৰ্বাচন সমষ্টিৰ কেঁপেইলো গাঁৱত মেঠোন সংৰক্ষণ আৰু মেঠোনৰ প্ৰচাৰ, পালনৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে মেঠোন মহোৎসৱৰ আয়োজন কৰা হৈছে ।" তেওঁ উল্লেখ কৰা মতে উত্তৰ পূবৰ অৰুণাচল, নাগালেণ্ডৰ পিছতে অসমৰ ভিতৰত একমাত্ৰ ডিমা হাছাও জিলাত মেঠোন পোৱা যায় । তেওঁ কয়, "সজাগতাৰ অভাৱত লাহে লাহে মেঠোনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে । মেঠোন সংৰক্ষণ কৰাৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ, পশুপালন বিভাগ আৰু স্থানীয় গাঁৱৰ বাসিন্দাসকলৰ সহযোগত আয়োজন কৰা হৈছে এই মেঠোন মহোৎসৱ ।"

দেৱলাল গাৰ্লোচাই লগত কয়, "মেঠোন মহোৎসৱৰ প্ৰথম সংস্কৰণত মেঠোন সংৰক্ষণ আৰু প্ৰসাৰণৰ বিষয়বস্তুৰে লাইছঙৰ কেঁপেইলোত, প্ৰজাতিটোৰ সাংস্কৃতিক আৰু পৰিৱেশগত তাৎপৰ্য্য উদযাপন কৰি এই অনুষ্ঠানে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক আকৰ্ষণ কৰাৰ উপৰিও পৰ্যটন স্থলীৰ প্ৰচাৰ কৰিব ।" ভৱিষ্যতে অধিক সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয়, "ভৱিষ্যতে মানুহৰ বাবে বৈচিত্ৰময় আকৰ্ষণসমূহ অন্বেষণ আৰু অভিজ্ঞতা লাভ কৰাৰ অধিক সুযোগ সৃষ্টি হ'ব । উত্তৰ পূবৰ অৰুণাচল, নাগালেণ্ডৰ বাহিৰে অসমৰ কেৱল ডিমা হাছাও জিলাতে বনৰীয়া মেঠোন পোৱা যায় ।"

Mithun festival 2026
মেঠোন মহোৎসৱ ২০২৬ (ETV Bharat Assam)

তেওঁ জানিবলৈ দিয়ে যে ডিমা হাছাও জিলাত ৫ শতাধিক মেঠোন আছে । দিল্লীৰ আই চি এ আৰ এন আৰ চিৰ সঞ্চালক ডঃ গিৰীশ পাটিল, ডঃ কিশোৰ কুমাৰ বৰুৱা মেঠোন মহোৎসৱলৈ আহিছে আৰু এই বিশেষজ্ঞসকলে গাওঁপ্ৰধানৰ লগতে গাঁৱৰ বাসিন্দাসকলক মেঠোন পালনৰ পদ্ধতিক লৈ প্ৰশিক্ষণ প্ৰদান কৰিব । তেওঁ লগতে কয় যে লাইছং কেঁপেইলো গাঁৱত আছে জলপ্ৰপাত আৰু স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইদিলিউ কেভ আৰু বিদেশী পৰ্যটকসকলে এই দৃশ্য উপভোগ কৰিবলৈ আহে ।

দেৱলাল গাৰ্লোচাই কয় যে কেঁপেইলো গাঁৱক চেৰাপুঞ্জীৰ দৰে অসমৰ এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ স্থল হিচাপে গঢ়ি তোলা হ'ব । গেষ্ট হাউছ, হোম ষ্টে নিৰ্মাণৰ বাবে আঁচনি প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে । আনহাতে পৰ্যটনৰ ক্ষেত্ৰত কেঁপেইলো গাঁৱৰ সুকীয়া স্থান আছে কাৰণ থুৰুকৰ পিছতে কেঁপেইলো গাঁও হৈছে অসমৰ অন্যতম শীতল স্থান ।

ইফালে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ভৈৰৱ কুমাৰ কাকতিয়ে কয়, "অসমৰ ভিতৰতে একমাত্ৰ ডিমা হাছাও জিলাত মেঠোন পোৱা যায়, যি অসমৰ বাবে এক গৌৰৱ । ডিমা হাছাও জিলাত মেঠোনৰ সংখ্যা বহু আছিল কিন্তু লাহে লাহে মেঠোনৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে । যাৰ বাবে পুনৰ জৰীপ চলাই ডিমা হাছাও জিলাত মেঠোন সংৰক্ষণ কৰি মেঠোনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে । এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰথমবাৰ মেঠোন মহোৎসৱৰ আয়োজন কৰা হৈছে ।

যোৱা এমাহৰো বেছি সময় ধৰি লাইছঙত বাহৰ পাতি থকা ফ্ৰান্সৰ পৰ্যটক এলেক্সে লাইছং অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি অভিভূত হৈ পৰিছে । তেওঁ কয়, "২০১৪ চনত প্ৰথমবাৰ ভাৰত ভ্ৰমণলৈ নাগালেণ্ডত হৰ্ণবিল মহোৎসৱলৈ গৈছিলো । তেতিয়া মোক এগৰাকী মহিলাই লাইছং ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল ।"

উল্লেখ্য যে দুদিনীয়া মেঠোন মহোৎসৱত আছিল মেঠোনৰ প্ৰদৰ্শনী, বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত লোক সংস্কৃতিৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান আদিকে ধৰি বিভিন্ন অনুষ্ঠান আৰু থলুৱা খাদ্যৰ প্ৰদৰ্শনী ।

লগতে পঢ়ক :চক্ৰবেহু আৰু ৰংঘৰৰ আৰ্হিত ভেলাঘৰৰে ভোগালীক আদৰিবলৈ সাজু ডিব্ৰুগড়ৰ ৰাইজ