জাতিংগাত পৰিভ্ৰমী চৰাই ধৰিলে বিপদত পৰিব : এইবাৰ কঠোৰ চৰকাৰ
পৰিভ্ৰমী পক্ষীৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যৰে বিশেষ পদক্ষেপ ডিমা হাছাও জিলা প্ৰশাসনৰ ।

Published : August 29, 2026 at 4:36 PM IST
হাফলং: ডিমা হাছাও জিলাৰ জাতিংগা আৰু দৈহেঙৰ সমীপৱৰ্তী অঞ্চল এতিয়া পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰিছে । এই পৰিভ্ৰমী পক্ষীৰ সুৰক্ষা নিশ্চিত কৰা তথা পক্ষীসমূহৰ চিকাৰ, অবৈধভাৱে ধৰি নিয়াৰ ঘটনা ৰোধ কৰাৰ বাবে ডিমা হাছাও জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।
এই সন্দৰ্ভত জিলা দণ্ডাধীশ গায়ত্ৰী দেৱীদাস হাইলিঙে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত (পূৰ্বৰ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰা) এক নিষেধাজ্ঞামূলক নিৰ্দেশ জাৰি কৰিছে । জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহলৈ জাতিংগা আৰু দৈহেং অঞ্চলৰ বিভিন্ন স্থানত পৰিভ্ৰমী চৰাই আহি অৱস্থান কৰে ।
এই সময়ছোৱাত পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে বন বিভাগৰ কৰ্মীসকলে সংশ্লিষ্ট অঞ্চলত দিনে নিশাই ২৪ ঘণ্টাই টহল দি থাকে । কেৱল মানুহৰ পৰাই নহয়, বিভিন্ন চিকাৰী প্ৰাণীৰ পৰাও পৰিভ্ৰমী চৰাইসমূহক সুৰক্ষা দিয়াৰ উদ্দেশ্যে এই নিৰীক্ষণ ব্যৱস্থা অব্যাহত ৰখা হয় ।
ডিমা হাছাও ফৰেষ্ট ডিভিজন (ৱেষ্ট), হাফলঙৰ ডিভিজনেল ফৰেষ্ট অফিচাৰে দাখিল কৰা তথ্যৰ ভিত্তিতেই জিলা প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে । বন বিভাগে ২৪ আগষ্ট, ২০২৬ তাৰিখে প্ৰেৰণ কৰা এখন পত্ৰযোগে অঞ্চলটোলৈ পৰিভ্ৰমী চৰাইৰ আগমন আৰু সুৰক্ষাৰ বিষয়টো জিলা প্ৰশাসনক অৱগত কৰিছিল ।

জিলা দণ্ডাধীশৰ নিৰ্দেশত জাতিংগা আৰু দৈহেং অঞ্চলত পৰিভ্ৰমী চৰাই হত্যা কৰা, ধৰি নিয়া বা চিকাৰ কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ বুলি উল্লেখ কৰা হৈছে । ইয়াৰ উপৰি চৰাই ধৰাৰ উদ্দেশ্যে উচ্চ ক্ষমতাসম্পন্ন হেল’জেন লাইট, দীঘল খুঁটি অথবা এনেধৰণৰ অন্যান্য সঁজুলি ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
অৰ্থাৎ, প্ৰত্যক্ষ বা পৰোক্ষভাৱে চৰাই চিকাৰ অথবা ধৰি নিয়াত সহায় কৰিব পৰা যিকোনো কাৰ্য-কলাপৰ বিৰুদ্ধেও প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । প্ৰশাসনৰ এই নিষেধাজ্ঞাক পৰিভ্ৰমী চৰাইৰ নিৰাপদ বিচৰণক্ষেত্ৰ সংৰক্ষণ আৰু পক্ষীবোৰৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে ।
জাতিংগা আৰু দৈহেং অঞ্চললৈ প্ৰতি বছৰে পৰিভ্ৰমী চৰাইৰ আগমনে স্থানীয় লোকসকলৰ মাজতো বিশেষ আগ্ৰহৰ সৃষ্টি কৰে । সেই সুযোগ লৈ যাতে কোনো লোকে চৰাই চিকাৰ কৰি বা ধৰি ব্যৱসায় কৰিব নোৱাৰে, তাৰ বাবে বন বিভাগৰ নিৰীক্ষণৰ সমান্তৰালভাৱে এই প্ৰশাসনিক নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
নিৰ্দেশত লগতে উল্লেখ কৰা হৈছে যে নিষেধাজ্ঞা উলংঘা কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অৰ্থাৎ, পৰিভ্ৰমী চৰাই হত্যা, ধৰা বা নিষিদ্ধ সঁজুলি ব্যৱহাৰৰ অভিযোগ প্ৰমাণিত হ’লে অভিযুক্তৰ বিৰুদ্ধে প্ৰশাসনে আইনাগত ব্যৱস্থা গ্ৰহণ কৰিব ।
এই সন্দৰ্ভত জিলা দণ্ডাধীশ গায়ত্ৰী দেৱীদাস হাইলিঙে কয়,"ডিমা হাছাও জিলা প্ৰশাসনৰ তৰফৰ পৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত আমি নিষেধাজ্ঞা জাৰি কৰিছোঁ । যাৰ অধীনত বৰ্তমান সময়ত আগষ্টৰ পৰা ফেব্ৰুৱাৰীলৈ আমাৰ জিলাখনলৈ বহু পৰিভ্ৰমী চৰাই আহে । সেই পৰিভ্ৰমী পক্ষীৰ যাতে কোনো ক্ষয়-ক্ষতি নহয়, পৰিৱেশৰ সৈতে যাতে ভাল সমন্বয় ৰাখিব পাৰোঁ, সেইবাবে এই নিৰ্দেশ দিয়া হৈছে ।"
তেওঁ পুনৰ কয়,"আমি বিচাৰোঁ যে ৰাইজৰ লগতে যিসকল পৰ্যটক ইয়ালৈ আহে, তেওঁলোকে যাতে এই কথা ধ্যান ৰাখে যে কোনো ধৰণৰ শক্তিশালী পোহৰ, টৰ্চ, কোনোধৰণেৰে পক্ষীবোৰৰ ক্ষতি হোৱা সামগ্ৰী নাথাকে । পৰিভ্ৰমী পক্ষীৰ বাবেই জাটিংগা পইণ্টলৈ পৰ্যটকসকল আহে ।"
জিলা প্ৰশাসনৰ এই পদক্ষেপৰ ফলত জাতিংগা আৰু দৈহেং অঞ্চলত পৰিভ্ৰমী চৰাইৰ নিৰাপদ বিচৰণ নিশ্চিত কৰাৰ লগতে চৰাই চিকাৰৰ প্ৰৱণতা ৰোধ কৰিবলৈ নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে ।

