প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বহু বোজা একেলগে দিব বিচৰা নাই : দিলীপ শইকীয়া
চাৰিদিনীয়া উজনি অসম ভ্ৰমণত ওলাল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । বোকাখাতত ল'লে পুৰি আৰু পেৰাৰ সোৱাদ ।

Published : June 14, 2026 at 3:23 PM IST
গোলাঘাট: চাৰিদিনীয়া উজনি অসমৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত বোকাখাতত দলীয় কাৰ্যকৰ্তাৰ সৈতে পুৰি আৰু পেৰাৰ সোৱাদ ল'লে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউত দলীয় সভাত অংশগ্ৰহণ কৰিব সভাপতিগৰাকীয়ে ।
পুৰিৰ সোৱাদ লৈ বোকাখাতত সাংবাদিকৰ আগত বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই কয়, "উজনি অসম ভ্ৰমণলৈ আহিছিলো, বোকাখাতত পুৰি আৰু পেৰাৰ সোৱাদ ললো । সদায় বোকাখাত আহিলে পুৰি আৰু পেৰাৰ ইয়াত ৰখাই দিয়ে । আজিও কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি পুৰি আৰু পেৰাৰ সোৱাদ ললো । উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ দলীয় কাৰ্যসূচী আছে ।"
আনহাতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কে তেওঁ কয়, "সমগ্ৰ বিশ্ব এতিয়া গ্ৰামাঞ্চললৈ পৰ্যবেশিত হৈছে । তাৰ প্ৰভাৱ সকলো অঞ্চলতে পৰিছে । ভাৰতবৰ্ষত ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে সফল হৈছে । আমাৰ কাষৰীয়া দেশ শ্ৰীলংকা, বাংলাদেশ, আমেৰিকা, ফ্ৰাঞ্চ, জাপান - সকলোতে তেলৰ মূল্য ৪০ ৰ পৰা ৬০ শতাংশ লৈকে বৃদ্ধি পাইছে । কিন্তু তাৰ তুলনাত আমাৰ ইয়াত ৫ ৰ পৰা ৭ টকা বৃদ্ধি পাইছে ।"
তেওঁ পুনৰ কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক বহু বোজা একেলগে দিব বিচৰা নাই । তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও বিভিন্ন দেশৰ লগত কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি আহিছে কিন্তু বিশ্বৰ তৈলজাত সামগ্ৰী উৎপাদন কৰা দেশসমূহত যুদ্ধ সদৃশ পৰিৱেশ হ'লে সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰে । ৬ জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰা হ'ব । চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই কিছু কাম কৰাই লয় । এতিয়া পূৰ্ণাংগ বাজেট উত্থাপন হ'ব ।"

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, "অসমত অসমত ১৪৫ টাকৈ অধিক জাতি জনগোষ্ঠীৰ লোক আছে । গতিকে তেওঁলোকৰ ৰাজনৈতিক সামাজিক অধিকাৰ সদায় সংবেদনশীল গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো জাতি জনগোষ্ঠীৰ বাবে চিন্তা চৰ্চা কৰিব । স্বাধীনোত্তৰ ভাৰতবৰ্ষত গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪৪০০ দিন অতিবাহিত কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকাল আৰু যাতে বৃদ্ধি হয় আৰু ভাৰতবৰ্ষ এখন শ্ৰেষ্ঠ দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰক তাৰ কামনা কৰিছো ।"

