মৰণফান্দত পৰিণত কাঠৰ দলং, আন গাড়ী বাদেই এম্বুলেঞ্চো সোমাব নোৱাৰে গাঁৱত
বিকশিত অসমৰ স্বৰূপ উদঙাই দিছে জিলাখনৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ডিমাপুৰ গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে ।

Published : June 26, 2026 at 11:45 AM IST
জনিয়া : বৰপেটা জিলাৰ কলগাছিয়াৰ ডিমাপুৰ গাঁৱত মৰণফান্দত পৰিণত হৈছে এখন জৰাজীৰ্ণ কাঠৰ দলং। দলংখনেৰে যাতায়ত কৰিব নোৱাৰে কোনো জৰুৰীকালীন বাহন । দৈনিক হাজাৰ হাজাৰ ৰাইজে যাতায়ত কৰা দলংখনৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজে ।
বিকশিত অসমৰ স্বৰূপ উদঙাই দিছে জিলাখনৰ কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ডিমাপুৰ গাঁৱৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে । দলংখন পূৰ্বৰ জনিয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল যদিও নিৰ্মাণৰ এবছৰ পিছৰে পৰাই জৰাজীৰ্ণ হৈ পৰিছে । ফলত জৰুৰীকালীন সেৱাৰ বাহনো গাঁওখনলৈ যাব নোৱাৰে ।
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "এই দলংখনৰ অৱস্থা খুবেই বেয়া । মানুহ অহা-যোৱা কৰিব নোৱাৰে । স্কুল-কলেজীয়া ছাত্ৰ- ছাত্ৰীয়ে যাতায়ত কৰিব নোৱৰা অৱস্থা হৈছে । এম্বুলেঞ্চ আদিও যাব নোৱাৰে । বিপদ-আপদ হ'লে বিশেষকৈ অগ্নিকাণ্ড আদি সংঘটিত হ'লে কোনো বাহন আহিব নোৱাৰে ।"
এই দলংখনেৰে দৈনিক চাকলা, মনাকচা, হালধীয়া, কোকিলা, কলগাছিয়া, ডিমাপুৰ আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজ আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়ত কৰে । দলঙৰ ওপৰেদি কোনো বাহন চলাচল কৰিব নোৱাৰে যদিও মৰণত শৰণ দি খোজ কাঢ়ি পাৰাপাৰ হয়; কিন্তু দীৰ্ঘদিন ধৰি এই দলংখন অতিকৈ ভয়াৱহ ৰূপ ধাৰণ কৰাত গাঁওখনৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে । ফলত সঘনাই সংঘটিত হৈ আছে সৰু-বৰ দুৰ্ঘটনা ।
এই দলং খনৰ ওপৰেদি প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীয়ে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়, ডিমাপুৰ জনপ্ৰিয় মহাবিদ্যালয়, কলগাছিয়া কেকে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কেইবাখনো প্ৰাথমিক বিদ্যালয় আৰু ব্যক্তিগত বিদ্যালয়লৈ অহা-যোৱা কৰাৰ লগতে দুচকীয়া বাহনৰ বাবে খুবই বিপদজনক হৈ পৰিছে ।
উল্লেখ্য যে কেৱল নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকলে ভোট ভিক্ষা কৰিবলৈ আহি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও বিজয়ী হোৱাৰ পিছত প্ৰতিশ্ৰুতি পাহৰি যায় । এই ক্ষেত্ৰত মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:সাৱধান ! পথ নিৰ্মাণকাৰী সংস্থাই পাতিছে মৰণফান্দ
২০ বছৰে নিৰ্মাণ নহ'ল পকী দলং; ভঙা দলঙৰ বাবে নাযায় এম্বুলেন্স

