দিখাৰী নদীয়ে ভাবুকি কঢ়িয়াইছে জোনাইৰ আন এখন ৰে’লৱে দলঙলৈ
তীব্ৰ বান আৰু খৰস্ৰোতা দিখাৰী নৈৰ খহনীয়াৰ ফলত আন এখন ৰে’লৱে দলং যিকোনো মুহূৰ্ততে খহাই নিয়াৰ আশংকাৰ সৃষ্টি হৈছে ।

Published : June 30, 2026 at 2:06 PM IST
জোনাই: চিমেন নৈৰ বানে এখন ৰে’লৱে দলঙৰ এটা অংশ ভাঙি পেলোৱাৰ পাছত পুনৰ জোনাইত সংকটৰ সন্মুখীন হৈছে ৰে’ল যোগাযোগ । তীব্ৰ বান আৰু খৰস্ৰোতা দিখাৰী নৈৰ খহনীয়াৰ ফলত আন এখন ৰে’লৱে দলং যিকোনো মুহূৰ্ততে খহাই নিয়াৰ আশংকাৰ সৃষ্টি হৈছে । নৈখনৰ প্ৰবল সোঁতে দলংখনৰ খুঁটাৰ কাষত খহনীয়া চলাই থকাৰ ফলত পৰিস্থিতি অত্যন্ত সংকটজনক হৈ পৰিছে ।
ইফালে, ৰে’ল বিভাগে খহি যোৱা অংশত জৰুৰীভাৱে মেৰামতিৰ কাম চলাই আছে যদিও নৈখনৰ প্ৰবল সোঁতৰ বাবে যিকোনো মুহূৰ্ততে দলংখন অধিক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যিকোনো মুহূৰ্ততে খহি পৰাৰ আশংকা কৰিছে ।
উল্লেখযোগ্য যে, মাত্ৰ দুদিন পূৰ্বে চিমেন চাপৰিৰ চিমেন নৈৰ ওপৰৰ ৰে’লৱে দলংখনো তীব্ৰ সোঁতৰ খহনীয়াত খহি পৰিছিল । এতিয়া দিখাৰী নৈৰ দলংখনো একে ধৰণৰ বিপদৰ সন্মুখীন হোৱাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে ।

দিখাৰী নৈৰ দলংখনত কোনো ধৰণৰ অঘটন ঘটিলে জোনাই–মূৰ্কংচেলেকৰ সৈতে গুৱাহাটী, ডিব্ৰুগড় আদি স্থানলৈ ৰে’ল যোগাযোগ প্ৰায় ৬ মাহ পৰ্যন্ত ব্যাহত হোৱাৰ আশংকা কৰা হৈছে । ফলত যাত্ৰীসকলৰ লগতে সমগ্ৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থাতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

আনহাতে, চিমেন নদীৰ ওপৰত থকা ৰে’লৱে দলঙৰ এটা খুঁটা খহাই নিয়াৰ ফলত তললৈ বহি যায় দলঙৰ এটা অংশ৷ ২৮ জুনৰ পৰা জোনাই মুৰ্কংচেলেক অভিমুখী সকলোবোৰ ৰে’লৰ চলাচল বাতিল কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৷ চিমেন চাপৰি আৰু তেলামৰ ৰে’লৱে দলং পুনৰ নতুনকৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰে’ল চলাচল বন্ধ হৈ থাকিব ৷ অৱশ্যে চিলাপথাৰ পৰা সকলো ৰে’লৰ চলাচল অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: জোনাইত বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ ১ লাখ ২০ হাজাৰ টকাকৈ চৰকাৰী এককালীন সাহায্য ঘোষণা

