এজন মানুহ এটা ভাষা ! খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূৰ্ণ
"মোৰ হাতত হীৰাৰ টোপোলাটো আছে । কোনোবাই বিচাৰিলে মই দিবলৈ ইচ্ছুক । কোনো নাহিলে নৈত পেলাই দিব লাগিব ।" গভীৰ বেদনাৰে ক'লে ভোগেশ্বৰ থমুঙে ৷

Published : January 20, 2026 at 6:49 PM IST
গুৱাহাটী: এজন ব্যক্তি আৰু এটা ভাষা । তেওঁৰ অবৰ্তমানত এই ভাষাটো সলসলীয়াকৈ ক’ব, লিখিব আৰু পঢ়িব পৰা পৃথিৱীত দ্বিতীয়জন ব্যক্তি নাই । তেওঁৰ ব্যতিৰেকে ভাষাটো অস্তিত্ব নোহোৱা হৈ যোৱাৰ বেদনা কঢ়িয়াই লৈ ফুৰিছে । এই ব্যক্তিজন হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমীপৰ পাৱৈমুখৰ বাসিন্দা ৮৪ বছৰীয়া ভোগেশ্বৰ থমুং ।
ভোগেশ্বৰ থমুঙেই হৈছে অসমৰ আটাইতকৈ বিপদাপন্ন ভাষা খাময়াং ভাষা ক’ব, লিখিব, পঢ়িব জনা একমাত্ৰ জীৱিত ব্যক্তি ৷ সৰুৰে পৰা পিতৃ-মাতৃৰ পৰা তথা পৰম্পৰাগতভাৱে তেওঁ এই ভাষা শিকিছিল । তেওঁৰ পৰা এই ভাষাৰ বিষয়ে জানিবলৈ থাইলেণ্ড, বাৰ্মাৰ পৰা বহু লোক আহে ।
খাময়াং লোকসকলৰ ভৌগোলিক অৱস্থিতি হৈছে তিনিচুকীয়া, শিৱসাগৰ আৰু গোলাঘাট । এই ভাষা-ভাষী লোক এই তিনিখন জিলাত প্ৰায় ১০০০-১৪০০ ৰ ভিতৰত আছে ।এই বিপদাপন্ন ভাষাটো শিকিবলৈ নৱপ্ৰজন্মই ওলাই নহাৰ দুখে তেওঁক খুন্দিয়াই থাকে ।
ভোগেশ্বৰ থমুঙে কয়, ‘‘ভাষা এটা ডাঙৰ সম্পদ । আমাৰ বিদ্যালয় এখন আছিল ৷ দুবছৰমান আমি ভালদৰে চলালো । ল’ৰা-ছোৱালীবোৰ চহৰমুখী হোৱাৰ লগতে ঘৰত খাময়াং ভাষাৰ প্ৰচলন কমি যোৱাত বিদ্যালয়খন বন্ধ হৈ গ'ল । মোৰ হাতত হীৰাৰ টোপোলাটো আছে । কোনোবাই যদি গ্ৰহণ কৰে মই দিবলৈ ইচ্ছুক । কোনো নাহিলে মই কি কৰিম । টোপোলাটো নৈত পেলাই দিব লাগিব । দুই-এজনে শিকি আছে । আগ্ৰহ, চেষ্টা আৰু ওলাই নাহিলে কেনেদৰে ধৰি ৰাখিব ভাষাটোক । এজন বা দুজনে ভাষাটো ধৰি ৰাখিব নোৱাৰে ।’’

তেওঁ লগতে কয়, ‘‘ভাষাটো শিকিবলৈ ওলাই নহা, শিকিব নিবিচৰাটোৱে মোৰ মনৰ দুখ । হেঁপাহ, আগ্ৰহ আৰু চেষ্টা থাকিব লাগিব, তেতিয়াহে জোনাকী পৰুৱাৰ পোহৰৰ পৰা তৰাৰ পোহৰ হ'ব ।’’
উল্লেখ্য যে, ইউনেস্ক’(UNESCO) ই অতি বিপন্ন ভাষা হিচাপে তালিকাভুক্ত কৰা অসমৰ তিনিটা থলুৱা ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ সংৰক্ষণৰ কাম সম্পন্ন কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে । এই কথা মঙলবাৰে এখন সংবাদমেলত সদৰী কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ডঃ ভট্টাচাৰ্যই কয়, ‘‘অসমৰ তিনিটা থলুৱা ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ডিজিটেল সংৰক্ষণৰ কাম সম্পন্ন কৰিলো । এতিয়া অধ্যয়ন আৰু গৱেষণাৰ কাম সহজলভ্য হ’ব । আজিৰ পৰা সকলোৱে পাব পৰাকৈ তথ্যবোৰ উপলব্ধ হৈছে । আঠমাহজোৰা এই সফল সমাপ্তিৰ পিছত আমি সংকল্প লৈছো যে অতি বিলুপ্তপ্ৰায় প্ৰতিটো জাতি-জনগোষ্ঠীয় ভাষাৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ অব্যাহত ৰাখিম । এইটো ভাষা সুৰক্ষাৰ সংৰক্ষণৰ এটা আন্দোলন । জাতি জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা, প্ৰসাৰ, সংৰক্ষণ এই তিনিটা দিশত আমাৰ এই পদক্ষেপ আগুৱাই লৈ যাম ।’’
আনহাতে, আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘বিগত আঠমাহে সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ কৰিছে । পাঠ্য আৰু দৃশ্য সংৰক্ষণ, শ্ৰাব্য নথিভুক্তিকৰণ কৰা হৈছে । তিনিওটা ভাষাত উপলভ্য সমূহ তথ্য অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিছে । ছাত্র-ছাত্রী, গবেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব । ১০ হাজাৰতকৈ কম মানুহে ব্যৱহাৰ কৰা ইউনেস্ক’ই অতি বিপন্ন ভাষা হিচাপে স্বীকৃতি দিয়া খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষা তিনিটাক বাচি লোৱা হৈছিল সংৰক্ষণৰ বাবে । এই তিনিটা ভাষাৰ খাময়াং ভাষা-ভাষী লোক তিনিচুকীয়া, শিৱসাগৰ আৰু গোলাঘাটত প্ৰায় ১০০০-১৪০০ আছে । টাই ফাকে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত প্ৰায় ২০০০ মান আছে আৰু চিংফৌ ভাষা ভাষী লোক তিনিচুকীয়াত প্ৰায় ৯০০০ আছে ।’’
মঙলবাৰে অনুষ্ঠিত সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সম্পাদক মৃণাল তালুকদাৰ আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মা উপস্থিত থাকি বিষয় সন্দৰ্ভত বিশদ বিৱৰণ দাঙি ধৰে ।
লগতে পঢ়ক: চিচি টিভিত বন্দী ভয়াবহ ৪০ মিনিট, তাৰপিছতেই সকলো চাফা...

