ধেমাজিত বিদ্যালয় পানীৰ তলত, চলিছে ডিজিটেল পাঠদান
জোনাইৰ এখন চৰকাৰী বিদ্যালয়ৰ দুটা বিপৰীত ছবি । এফালে ৰান্ধনীঘৰ, প্ৰস্ৰাৱগাৰত একাঠু পানী আনফালে ভগ্নপ্ৰায় শ্ৰেণীকোঠাত চলিছে ডিজিটেল পাঠদান ।

Published : August 27, 2026 at 2:55 PM IST
|Updated : August 27, 2026 at 3:02 PM IST
জোনাই : ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ বাবে নানান আঁচনি গ্ৰহণ কৰিছে । ব্যক্তিগত বিদ্যালয়ৰ দৰেই উন্নত শ্ৰেণীকোঠা, ডিজিটেল শ্ৰেণীকোঠা সংযোজন কৰাৰ লগতে শিক্ষণ পদ্ধতিৰ সংস্কাৰৰ বাবেও চৰকাৰে বিভিন্ন প্ৰকল্প হাতত লৈছে ।
মুঠতে চৰকাৰী বিদ্যালয়সমূহৰ আধুনিকীকৰণৰ বাবে বিগত বছৰবোৰত কোটি কোটি টকা খৰচ কৰা হৈছে । কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ গ্ৰামাঞ্চলৰ বহু বিদ্যালয় আজিও মৌলিক আন্তঃগাঁথনিৰ অভাৱত জৰ্জৰিত । জোনাইৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত লালী বিল্লাম মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশে সেই কঠোৰ বাস্তৱ ছবিখন উদঙাইছে ।
চৰকাৰী বিদ্যালয়খনলৈ যাতায়াতৰ বাবে নাই সুচল পথ । চাৰিওফালে হাবি-জংঘলেৰে বিদ্যালয়খন আৱৰি আছে । তাতোকৈও ডাঙৰ সমস্যাটো হৈছে সম্প্ৰতি বিদ্যালয়খনৰ বেছি অংশ পানীৰ তলত আছে ।
কেইবামাহ ধৰি বিদ্যালয় চৌহদত পানী জমা হৈ থকাৰ ফলত স্বাভাৱিক শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে । কেৱল খেলপথাৰ বা বিদ্যালয় চৌহদেই নহয়, ৰান্ধনীঘৰ আৰু প্ৰস্ৰাৱগাৰো পানীৰ তলতেই আছে ।
এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতেই বিদ্যালয়লৈ কণ কণ শিক্ষাৰ্থী আৰু শিক্ষকসকল আহিবলগীয়া হৈছে । বিদ্যালয়খনত প্ৰায় ২৫ গৰাকী শিক্ষাৰ্থী আছে যদিও প্ৰতিকূল পৰিস্থিতিৰ বাবে বহু শিক্ষাৰ্থী অনুপস্থিত থাকে ।

দীৰ্ঘদিন ধৰি পানী জমা হৈ থকাৰ ফলত শিক্ষাৰ্থীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুতৰ উদ্বেগৰ সৃষ্টি হৈছে । বৰষুণৰ বতৰত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব বুলি অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষই আশংকা কৰিছে ।
বিদ্যালয়খনৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধান শিক্ষকে কয়, "যোৱা বছৰৰ পৰাই এই অৱস্থা হৈ আছে । আলিটো দিয়াৰ পৰা ইয়াত পানী জমা হৈ থাকে । পেচাব-পায়খানা কৰিবলৈ ঠাই নাই । শিক্ষাৰ্থীৰ লগতে আমাৰ শিক্ষকসকলৰো সমস্যা হয় । ইয়াত বহু সমস্যা আছে । খোৱাপানীৰ ব্যৱস্থাও বেয়া হৈ থাকিল । ৰান্ধনীঘৰত পানীৰ বাবে ভাত ৰান্ধিব নোৱাৰি । শিক্ষাৰ্থীসকলে জোতা পিন্ধি আহিব নোৱাৰে ।"
এনেবোৰ সমস্যাৰ মাজতো আন এক ডাঙৰ সমস্যা হৈছে শিক্ষকৰ অভাৱ । বিদ্যালয় মাত্ৰ ৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে । তেওঁলোকে পাঠদানৰ লগতে বিদ্যালয়ৰ অন্যান্য দায়িত্বও পালন কৰিবলগা হৈছে । তথাপিও শিক্ষাৰ্থীসকলৰ পাঠদানত যাতে ক্ষতি নহয় তাৰ বাবে সামৰ্থ্য অনুসৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
অৱশ্যে বিদ্যালয়খনৰ এক ইতিবাচক দিশো আছে । পথৰ অভাৱ, কৃত্ৰিম বান, হাবি-জংঘল, দুৰ্বল আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ আদি সমস্যাৰ মাজতো শিক্ষাৰ্থীসকলক আধুনিক শিক্ষাৰ সৈতে সংযোগ কৰাৰ চেষ্টা চলোৱা হৈছে । পৰ্যাপ্ত সুবিধা নথকাৰ পাছতো বিদ্যালয়খনত আছে এটা ডিজিটেল শ্ৰেণীকোঠা । য'ত শিক্ষাৰ্থীসকলে নিতৌ পাঠ্যক্ৰমৰ সৈতে জড়িত নতুন নতুন কথা শিকিছে ।
শিক্ষক অবিহনে তেওঁলোকে ডিজিটেল মাধ্যমত শিক্ষা আহৰণ কৰিছে । মৌলিক সুবিধাৰ অভাৱৰ মাজতো ডিজিটেল শিক্ষাৰ ব্যৱস্থাই শিক্ষকসকলৰ দায়বদ্ধতা আৰু শিক্ষাৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতাক প্ৰতিফলিত কৰিছে ।
এই সম্পৰ্কত প্ৰধান শিক্ষকে কয়, "ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা এবছৰমান হৈছে । যিহেতু শিক্ষকৰ সংখ্যাও কম সেয়ে অফিচৰ পৰা আমাক ডিজিটেল ক্লাছ কৰিব লাগে বুলি এই ব্যৱস্থা দিলে । আমি চৰকাৰক ধন্যবাদ দিব লাগিব । আমাৰ শিক্ষাৰ্থীসকল উপকৃত হৈছে । আমি ৩ গৰাকী শিক্ষক কেতিয়াবা কামলৈ যাবলগা হয় । তেতিয়া ডিজিটেল শ্ৰেণীকোঠাতে শিক্ষাৰ্থীসকলক পঢ়ুৱাব লগা হয় ।"
কিন্তু মূল প্ৰশ্নটো হৈছে যে এনে পৰিৱেশত আৰু কিমান দিনলৈ পাঠদান চলিব ? ডিজিটেল শিক্ষাৰ ব্যৱস্থা আছে যদিও বিদ্যালয়খনৰ ৰান্ধনীঘৰ, প্ৰস্ৰাৱগাৰ যদি পানীত বুৰ গৈ থাকে, শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ আহিবলৈ যদি এটা সুচল পথ নাথাকে তেনেহ'লে উন্নত আৰু মানসম্পন্ন শিক্ষাৰ লক্ষ্য কিদৰে পূৰণ হ'ব ?
সেয়ে লালী বিল্লাম মধ্য ইংৰাজী বিদ্যালয়ৰ সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগ আৰু প্ৰশাসনৰ তাৎক্ষণিক হস্তক্ষেপৰ প্ৰয়োজন বুলি বিদ্যালয় কৰ্তৃপক্ষই দাবী জনাইছে । একেদৰে বিদ্যালয়লৈ এটা সুচল পথ, কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান, বিদ্যালয় চৌহদৰ পানী নিষ্কাশনৰ ব্যৱস্থা, ৰান্ধনীঘৰ আৰু প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা, হাবি-জংঘল পৰিষ্কাৰ কৰাৰ লগতে প্ৰয়োজন অনুসৰি শিক্ষক নিযুক্তিৰো দাবী উঠিছে ।
উন্নত শিক্ষাৰ শ্ল'গান কেৱল আঁচনি বা ঘোষণাতে সীমাবদ্ধ নাথাকি বাস্তৱত প্ৰতিফলিত হ'বলৈ হ'লে জোনাইৰ এই বিদ্যালয়খনৰ দৰে গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহৰ মৌলিক সমস্যা সমাধানৰ অতি প্ৰয়োজন ।
লগতে পঢ়ক :

