ETV Bharat / state

মৌ-মাখিৰে বন্ধুত্ব ! বিশেষভাৱে সক্ষম আব্দুলৰ সফলতাৰ কাহিনী

মৌ পালনেৰেও স্বাৱলম্বী হ'ব পাৰি । এই কথা প্ৰমাণ কৰিলে হোজাইৰ বিশেষভাৱে সক্ষম আব্দুল অহাবে ।

Self reliant through beekeeping
মৌ-মাখিৰে বন্ধুত্ব ! বিশেষভাৱে সক্ষম আব্দুলৰ সফলতাৰ কাহিনী (ETV bharat)
author img

By ETV Bharat Assamese Team

Published : August 8, 2026 at 2:11 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : বহুতৰে বাবে হয়তো মৌ-মাখি এক আতংকৰ নাম । কাৰণ ৰাজ্যত মৌ-মাখিৰ আক্ৰমণত পূৰ্বে বিভিন্নজনৰ মৃত্যু হৈছে বা আহত হৈছে । কিন্তু সেই মৌ-মাখিয়ে কাৰোবাক উপাৰ্জনৰ বাট দিব পাৰে । তাৰ উৎকৃষ্ট উদাহৰণ হোজাই জিলাত দেখা গৈছে । মৌ-মাখিৰ সৈতে বন্ধুত্ব স্থাপন কৰি হোজাই জিলাৰ এগৰাকী বিশেষভাৱে সক্ষম লোকে পৰিয়াল পোহপাল দিছে ।

শাৰীৰিক প্ৰত্যাহ্বানে যে মানুহৰ ইচ্ছাশক্তি আৰু সংগ্ৰামক বাধা দিব নোৱাৰে, হোজাই জিলাৰ লংকাজানৰ মৌ পালক আব্দুল অহাবে তাকেই প্ৰমাণ কৰি দেখুৱাইছে । বিশেষভাৱে সক্ষম সত্ত্বেও নিজৰ মনোবল আৰু চৰকাৰী সহযোগিতাত তেওঁ আজি অঞ্চলটোৰ এগৰাকী সফল মৌ-পালক হিচাপে পৰিগণিত হৈছে ।

মৌ-মাখিৰে বন্ধুত্ব ! বিশেষভাৱে সক্ষম আব্দুলৰ সফলতাৰ কাহিনী (ETV bharat)

আব্দুল অহাবে অলপতে কৃষি বিভাগৰ উদ্যোগত আয়োজিত মৌ পালনৰ এক বিশেষ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল । প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ বৈজ্ঞানিক পদ্ধতিৰে নিজৰ ঘৰতে মৌ পালনৰ কাম আৰম্ভ কৰে । অতি কম সময়ৰ ভিতৰতে তেওঁ মৌ পালনৰ জৰিয়তে সুন্দৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ দ্বাৰা স্বাৱলম্বিতাৰ এক নতুন পথ মুকলি কৰে । তেওঁৰ এই প্ৰচেষ্টাই কেৱল ব্যক্তিগত আৰ্থিক স্থিতি শক্তিশালী কৰাই নহয়, অঞ্চলটোৰ অন্যান্য যুৱক-যুৱতীৰ বাবেও এক অনন্য উদাহৰণ হৈ পৰিছে ।

আব্দুল অহাবৰ এই সফলতাৰ বুজ ল'বলৈ শুকুৰবাৰে বিয়লি হোজাই জিলা কৃষি বিভাগৰ এটা দল লংকাজানস্থিত তেওঁৰ মৌ ফাৰ্মত উপস্থিত হয় । কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অহাবৰ মৌ পালনৰ পদ্ধতি আৰু তেওঁৰ সফলতা প্ৰত্যক্ষ কৰি অত্যন্ত সন্তোষ প্ৰকাশ কৰে । এগৰাকী বিশেষভাৱে সক্ষম লোকে দেখুওৱা এই কৰ্মস্পৃহা আন বহুতৰ বাবেও প্ৰেৰণাদায়ক বুলি বিষয়াসকলে মন্তব্য কৰে । লগতে বিভাগৰ তৰফৰ পৰা তেওঁক আগন্তুক দিনত অধিক সহায়-সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰা হয় ।

এই সন্দৰ্ভত মৌ পালক আব্দুল অহাবে কয়, "মই বিশেষভাৱে সক্ষম ব্যক্তি হৈও মৌ পালনৰ ক্ষেত্ৰত কৃষি বিভাগৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি ২০২০ চনৰ পৰাই কাম আৰম্ভ কৰিছিলোঁ । এতিয়া মই মাহত ২০ লিটাৰতকৈ অধিক মৌ উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ । সম্পূর্ণ বিশুদ্ধ মৌ বিচাৰি মোৰ ওচৰলৈ হোজাই জিলাৰ উপৰিও নগাঁও, মৰিগাঁও আদি জিলাৰ পৰাও বহু লোক আহে আৰু মৌ ক্ৰয় কৰি লৈ যায় । কৃষি বিভাগে যদি মোক আৰু আৰ্থিক অনুদান আগবঢ়াই তেনেহ'লে অধিক উৎপাদনেৰে মই এই প্ৰকল্পটোক আগবঢ়াই লৈ যাব পাৰিম । এতিয়া মোৰ সপোন আছে নিবনুৱা যুৱক-যুৱতীসকলক মৌ পালনৰ ক্ষেত্ৰত প্ৰশিক্ষণ দি তেওঁলোককো মৌ পালনেৰে স্বাৱলম্বী কৰাৰ ।"

আব্দুল অহাবৰ এই সফলতাই বৰ্তমান সমগ্ৰ হোজাই অঞ্চলতে এক ইতিবাচক আৰু উৎসাহজনক বাৰ্তা প্ৰেৰণ কৰিছে । স্থানীয় লোকসকলেও তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে আৰু বহুতে মৌ পালনৰ দৰে বৈজ্ঞানিক কৃষি পদ্ধতি গ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে । চৰকাৰী সহযোগিতা আৰু ব্যক্তিগত সংকল্পৰে কেনেকৈ এক সফলতা বুটলিব পাৰি, আব্দুল অহাবৰ মৌ পালন তাৰেই এক উজ্জ্বল উদাহৰণ ।

বিশেষভাৱে সক্ষম হোৱাৰ পিছতো যে ইচ্ছাশক্তিক জয় কৰিব পাৰি তাকে প্ৰমাণ কৰি দেখুৱালে হোজাই জিলাৰ আব্দুল অহাবে । লংকাজানৰ এই আদৰ্শ ব্যক্তিজনৰ এনে কৰ্মস্পৃহাই অঞ্চলটোৰ আৰু বহুতো লোকক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব বুলি কৃষি বিভাগৰ দলটোৱেও আশা কৰিছে ।

লগতে পঢ়ক :

বানৰ কবলত সৰুপথাৰৰ আমগুৰি; তিনি বছৰেই লাভ কৰা নাই ক্ষতিপূৰণ