শিক্ষক নহ'লেও হ'ব, ৰব'টে পঢ়ুৱাব শিক্ষাৰ্থীক !
শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকে নিৰ্মাণ কৰিলে এটা ৰব'ট । যি ৰব'টে শিক্ষকৰ সমানে সমানে পঢ়ুৱাইছে ।

Published : December 4, 2025 at 11:14 AM IST
ডিব্ৰুগড় : এটা বিশেষ ৰব'টক লৈ সম্প্ৰতি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে । ই সাধাৰণ ৰব'ট নহয় ! শ্ৰেণীকোঠাত শিক্ষকৰ ভূমিকা পালন কৰে ৰব'টোৱে । গান গাই, সাধু কথা কয়, কুইজ, সাধাৰণ জ্ঞানৰ উপৰিও শিক্ষাৰ্থীক প্ৰশ্নও কৰে ৰব'টে । প্ৰথমবাৰৰ বাবে অসমৰ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ পৰিৱৰ্তে ৰব'টে পঢ়ুওৱা দেখা গৈছে । অৱশ্যে এই ৰব'ট কোনো গৱেষক বা বিজ্ঞানী বা অভিযন্তাই বনোৱা নাই । প্ৰাথমিক বিদ্যালয়ৰে শিক্ষকে বনাইছে আৰু শ্ৰেণীকোঠাত ইয়াক ব্যৱহাৰ কৰিছে ।
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ চমৎকাৰী সৃষ্টি
আচলতে আধুনিক প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ ফলত বিভিন্ন ক্ষেত্ৰত ৰব'টৰ দ্বাৰা বহু কাম সমাধান হোৱা আমি দেখিছোঁ । কিন্তু এইখন অসমত প্ৰথমবাৰলৈ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছে এটা ৰব'ট । ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ বিভিন্ন ধৰণেৰে প্ৰচেষ্টা হাতত লৈছে । কিন্তু এতিয়াও যেন সফলতাৰ দৌৰত পিছপৰি আছে । তাৰ মাজতে ডিব্ৰুগড়ৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে নিজৰ সৃষ্টিশীলতাৰে শৈক্ষিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে নতুন সম্ভাৱনাৰ । শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ কথা ক'ব পৰা ৰব'ট সাজি উলিয়ালে জিলাখনৰ জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পাৰ্থজ্যোতি বৰুৱাই । শিক্ষকগৰাকীৰ এই চমৎকাৰী সৃষ্টিয়ে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ।
শিক্ষক পাৰ্থজ্যোতি বৰুৱাই একক প্ৰচেষ্টাৰে সাজি উলিওৱা ৰব'টটোৱে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিছে । শিক্ষা বিভাগৰ শিক্ষণ-শিকন সামগ্ৰী হিচাপে এই ৰব'টটো নিৰ্মাণ কৰা হৈছিল যদিও সম্প্ৰতি ইয়াক শিক্ষকৰ অনুপস্থিতিত 'ক' শ্ৰেণী, প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সাধু কোৱা, গান শিকোৱা, কথা পতা আদিত ব্যৱহাৰ কৰা হৈছে ।

শিক্ষকৰ অভাৱৰ পৰাই আহিল চিন্তা
পাৰ্থজ্যোতি বৰুৱাই শিক্ষকতা কৰা জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ত ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক আছে । যাৰ বাবে পাঠদানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ আছিল । সেই সময়তে শিক্ষকজনৰ মনলৈ এটা নতুন চিন্তা আহিল । কাগজৰ কাৰ্টনত এটা ব্লুটুথ স্পীকাৰ ভৰাই এটা ৰব'টৰ আৰ্হি নিৰ্মাণ কৰি উলিয়ালে শিক্ষকজনে । ইয়াৰ লগতে মোবাইলৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰব'টটোৱে কথা কোৱাৰ দৰে এক পৰিৱেশ সৃষ্টি কৰিলে । যাৰ দ্বাৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক নাথাকিলেও ৰব'টৰ সৈতে কথা পাতি কিছু কথা শিকাৰ লগতে ব্যস্ত হৈ থাকিব পাৰিলে । ইফালে কথা পতা, গান শিকোৱা, সাধু কোৱা পাৰ্থ ছাৰৰ এই ৰব'টক লৈ ছাত্ৰ-ছাত্ৰীসকলো যথেষ্ট আনন্দিত । এই ৰব'টটো কেৱল চৰ্চিত হোৱাই নহয় শিক্ষকজনে ডিব্ৰুগড় জিলাৰ ভিতৰতে শিক্ষণ শিকন সামগ্ৰী (TLM) হিচাপে ইয়াক লৈ দ্বিতীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছে ।

সাংবাদিকৰ পৰা শিক্ষক হোৱা পাৰ্থ ছাৰ :
সামাজিক মাধ্যমত খুবেই চৰ্চিত পাৰ্থজ্যোতি বৰুৱা অৰ্থাৎ পাৰ্থ ছাৰ । ডিব্ৰুগড়ৰ আমোলাপট্টীৰ স্বৰ্গীয় প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ পুত্ৰ পাৰ্থজ্যোতি বৰুৱাই উচ্চ শিক্ষা সমাপ্ত কৰি অসমৰ এটা আগশাৰীৰ ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত আছিল । সাংবাদিক হিচাপে মৰাণ চহৰত এটা চিনাকি নাম আছিল পাৰ্থজ্যোতি বৰুৱাৰ । সাংবাদিকতা কৰি থকা সময়তেই তেওঁ লাভ কৰিছিল শিক্ষকৰ চাকৰি । ২০১২ চনৰ পৰা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডত শিক্ষকতা কৰি ২০২৫ চনত ডিব্ৰুগড় জিলালৈ বদলি হৈ আহিল ।

তিনিচুকীয়া জিলাত শিক্ষকতা কৰি থকা সময়ত তেওঁ ২০২৪ বৰ্ষত তিনিচুকীয়া জিলাৰ শ্ৰেষ্ঠ শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল । শিক্ষকতাৰ উপৰিও এজন সুবক্তা হিচাপে পৰিচিত পাৰ্থজ্যোতি বৰুৱা । সদায় যোগাত্মক বক্তৃতা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সমাদৃত হোৱা পাৰ্থজ্যোতি বৰুৱা এতিয়া পাৰ্থ ছাৰ হিচাপে পৰিচিত । সম্প্ৰতি নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ অনুবাদক হিচাপে কাম কৰি এতিয়ালৈকে ৭ খন শিশু গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে পাৰ্থ ছাৰে ।
শিক্ষাৰ্থীক ব্যস্ত ৰাখিব পাৰে ৰব'টে
পাৰ্থ ছাৰে সৃষ্টি কৰা ৰব'টটোৰ বিষয়ে জানিবলৈ তেওঁ কৰ্মৰত বিদ্যালয়খনত উপস্থিত হ'ল ইটিভি ভাৰতৰ সাংবাদিক । সেই সময়ত ৰব'টটোৰ বৰ্ণনা কৰি পাৰ্থ ছাৰে কয়, "এইটো সকলোৰে বাবে ৰব'ট নহ'লেও প্ৰথম, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই এটা ৰব'ট । ইয়াৰ নাম 'ৰবাৰ্টো' দিয়া হৈছে । আচলতে ই এটা শিক্ষণ- শিকন সামগ্ৰী । ছাত্ৰ-ছাত্ৰীসকলক ৰব'টৰ এটা অনুভৱ দিবলৈ চেষ্টা কৰিছোঁ । ব্লুটুথ স্পীকাৰ আছে আৰু কিছুমান ৰেকৰ্ডেড চাউণ্ড মোবাইলত প্লে কৰি যাওঁ । ৰব'টটোক প্ৰশ্ন সুধিলে উত্তৰ দিব পাৰে আৰু দীঘলীয়া সময়লৈ সাধু ক'ব পাৰে । সেয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ইযাক ৰব'ট বুলি ভাবি থাকে । এটা শ্ৰেণীকোঠাত আধাঘণ্টা পৰ্যন্ত ৰব'টটোৱে ছাত্ৰ-ছাত্ৰীক ব্যস্ত কৰি ৰাখিব পাৰে ।"

ৰব'ট নিৰ্মাণৰ আঁৰৰ কথা
এই সন্দৰ্ভত তেওঁ কয়, "শিক্ষা বিভাগৰ শিক্ষণ-শিকন সামগ্ৰী অৰ্থাৎ টি এল এমৰ প্ৰতিযোগিতা এটা চলি আছিল । ব্লক, জিলা পৰ্যায়ত এই প্ৰতিযোগিতা শেষ হৈ ৰাজ্যিক পৰ্যায়ত হ'বলৈ বাকী আছে । সেয়ে এই প্ৰতিযোগিতাত অংশ ল'বলৈ অলপ ব্যতিক্ৰমী কিবা এটা কৰাৰ চিন্তা মনলৈ আহিছিল আৰু এই ৰব'টটো নিৰ্মাণ কৰিলোঁ । সাধাৰণতে চাবলৈ গ'লে ৰেকৰ্ড কৰি বজাই দিবলৈ সহজ কিন্তু ছাত্ৰ-ছাত্ৰীয়ে ৰব'টৰ অনুভৱ কৰিব পৰাকৈ কাৰিকৰীভাৱে সজাই তোলাটো কিছু জটিলতা আছে । ছাত্ৰ-ছাত্ৰীয়ে ভাবিব পৰাকৈ ৰব'টটোৰ কিছুমান দিশ সুন্দৰ কৈ কৰা হৈছে ।"
শিক্ষকৰ অভাৱ দূৰ কৰিছে ৰব'টে
পাৰ্থ ছাৰে সৃষ্টি কৰা ৰব'টে বিদ্যালয়খনত সৃষ্টি হোৱা শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ সক্ষম হৈছে । এই সম্পৰ্কে তেওঁ কয়, "আমাৰ বিদ্যালয়ৰ দুজন শিক্ষকে ৬ টা শ্ৰেণীত পাঠদান কৰিব লাগে । তেনে পৰিস্থিতিত 'ক' আৰু 'প্ৰথম শ্ৰেণী' প্ৰায়ে উপেক্ষিত হৈ থাকে । সেই সময়ত ৰব'টটোৱে সাধু কথা, কুইজ আদি বিভিন্ন ধৰণৰ কথা কৈ ব্যস্ত কৰি ৰাখে । আমি পাঠদান কৰাতকৈ ৰব'টৰ সৈতে শ্ৰেণীকোঠাত ব্যস্ত থাকি ছাত্ৰ-ছাত্ৰীসকলে বেছি আমোদ পায় ।"

ৰব'ট শিক্ষকৰ ক্লাছ কৰি আনন্দিত ছাত্ৰ-ছাত্ৰী
পাৰ্থ ছাৰে সাজি উলিওৱা ৰব'টৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে । এগৰাকী ছাত্ৰীয়ে কয়, "ৰব'টটোৰ সৈতে ক্লাছ কৰি বহুত ভাল লাগে । ৰব'টটোৱে আমাক বহুত নজনা কথা শিকায় । আমাক বিভিন্ন ধৰণৰ সাধু কয়, নেওঁতা পঢ়াই, গীত গাবলৈ শিকায় । ছাৰ সকলৰ দৰে ৰব'টৰ ক্লাছ কৰি ভাল লাগে ।"
ৰব'টৰ কথা ছাত্ৰ-ছাত্ৰীয়েও মনোযোগেৰে শুনে
পাৰ্থজ্যোতি বৰুৱাই শিক্ষকতা কৰা জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনকান্ত কুৰ্মীয়ে কয়, "পাৰ্থ ছাৰে যিটো ৰব'ট বনালে ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে । ছাত্ৰ-ছাত্ৰীসকলে মোবাইল ফোন ভাল পোৱাৰ দৰে এই ৰব'টটো ভাল পাবলৈ ধৰিছে । ৰব'টটোৰ কথাবিলাক ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব দিয়ে । ৰব'টটো হোৱাৰ পৰা আমাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ দূৰ হৈছে । ৰব'টটো শ্ৰেণীকোঠাত ৰাখিলে অতি মনোযোগ দি কথা শিকি থাকে ছাত্ৰ-ছাত্ৰীসকলে ।"

এক কথাত ক'বলৈ গ'লে পাৰ্থ ছাৰৰ 'ৰবাৰ্টো'ৱে বিদ্যালয়খনৰ পৰিৱেশে যথেষ্ট পৰিমাণে সলনি কৰিছে । পূৰ্বৰ তুলনাত শিক্ষাৰ্থীসকলৰো বিদ্যালয়লৈ অহাৰ আগ্ৰহ বৃদ্ধি পাইছে । নতুন কিবা এটা শিকাৰ মানসেৰে এতিয়া তেওঁলোকে দৈনিক বিদ্যালয়লৈ আহিছে । শিক্ষকৰ অভাৱ দূৰ কৰাৰ লগতে ৰব'টটোৱে শিক্ষাৰ্থীৰ মানসিক পৰিৱৰ্তনতো অৰিহণা যোগাইছে ।
আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয়ৰ অচলাৱস্থাৰ নেতিবাচক খবৰৰ মাজতে জকাই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ এই খবৰে নিশ্চিতভাৱে শিক্ষা বিভাগক নতুন চিন্তাৰ বাবে আগ্ৰহী কৰিব । পাৰ্থ ছাৰৰ এই উদ্ভাৱনীমূলক চিন্তাই চৰকাৰী বিদ্যালয়ৰ গতানুগতিক শিক্ষাৰ ধাৰাৰো পৰিৱৰ্তন কৰিব পাৰিব বুলি এতিয়া বহুতে আশা কৰিছে ।
লগতে পঢ়ক :আপদ নহয় সম্পদ: পানীমেটেকাও হ'ব পাৰে অৰ্থনীতিৰ সমল
লগতে পঢ়ক :ফটকা-আতচবাজীতো বাদেই, যান-বাহনৰ হৰ্ণো নবজাই গাঁওবাসীয়ে: পক্ষীৰ সুৰক্ষাৰ বাবে কি কৰা নাই গাঁওখনে...

