ডিব্ৰুগড় চহৰত লাগিল হাহাকাৰ, কিন্তু কিয় ?
ৰাজ্যৰ দ্বিতীয় ৰাজধানীত বাজিল যুদ্ধৰ দামামা । কঁপি উঠিল বোমাৰ শব্দত । কেনেকৈ সৃষ্টি হ'ল এই পৰিৱেশৰ ?

Published : May 17, 2026 at 8:32 AM IST
ডিব্ৰুগড়: হঠাৎ হুৱাদুৱা লাগিল ৰাজ্যৰ দ্বিতীয় ৰাজধানীত । বোমাৰ শব্দ, চাৰিওফালে ধুঁৱলি-কুঁৱলী পৰিৱেশ । হঠাৎ বাজি উঠিল চাইৰেণ, অন্ধকাৰ পৰিৱেশ হৈ পৰাত ৰাইজৰ মাজত বিৰাজ কৰে তীব্ৰ আতংক । আহিল এম্বুলেঞ্চ, আহিল অগ্নিনিৰ্বাপক বাহিনী । আহতসকলক কৰা প্ৰদান কৰা হ'ল প্ৰাথমিক চিকিৎসা । কিন্তু কিয় আৰু কেনেকৈ সৃষ্টি হ'ল এই পৰিৱেশ ?
এই কাৰ্যৰ আঁৰত আছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এক নিৰ্দেশনা । যিকোনো যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰতিটো বিভাগ যাতে তৎপৰ হৈ থাকে তাৰ বাবে গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে । ৰাজ্যখনৰ বিভিন্ন জিলাৰ দৰে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা সাপেক্ষে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা শনিবাৰে নিশা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল যিকোনো যুদ্ধকালীন পৰিস্থিতিৰ বিশেষকৈ বিমান আক্ৰমণৰ ম'কড্ৰিল ।
ডিব্ৰুগড় চহৰৰ অতি ব্যস্ততাপূৰ্ণ ক'ল ৰোডত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত যুদ্ধকালীন জৰুৰী পৰিস্থিতিৰ অনুশীলনত দেখা গ'ল এই পৰিৱেশ । যুদ্ধকালীন জৰুৰী পৰিস্থিতিৰ সময়ত সৰ্বসাধাৰণ ৰাইজ আৰু বিভিন্ন চৰকাৰী বিভাগসমূহে কেনেদৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব তাৰ আভাস দিয়াৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বিশেষকৈ সাধাৰণ ৰাইজক যুদ্ধকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সজাগ কৰা বাবেই এই কাৰ্যসূচী হাতত লোৱা হয় । ম'কড্ৰিলটোৰ সময়ত সম্পূৰ্ণ আন্ধাৰ বা ‘ব্লেক আউট’ পৰিৱেশ সৃষ্টি কৰা হয় । বিদ্যুৎ যোগান ব্যাহত হোৱা সময়ত নাগৰিকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা, আহত লোকক উদ্ধাৰ কৰাৰ লগতে জৰুৰীকালীন চিকিৎসা সেৱা আৰু তাৎক্ষণিক সঁহাৰি ব্যৱস্থা কেনেকৈ কৰা হয় তাৰ প্ৰদৰ্শন কৰা হয় । অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দলে জৰুৰী অৱস্থাত কেনেকৈ ক্ষীপ্ৰতাৰে সেৱা আগবঢ়াব তাৰো ৰাইজক আভাস দিয়ে ।

ডিব্ৰুগড়ৰ এই ম'কড্ৰিল কাৰ্যসূচীত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ লগতে আৰক্ষী, হোমগাৰ্ড, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগতে স্বাস্থ্য, বিদ্যুৎ, পৰিবহন আৰু জনসংযোগৰ আদি চৰকাৰী বিভাগসমূহেও অংশগ্ৰহণ কৰে ।
সমগ্ৰ ম'কড্ৰিল কাৰ্যসূচীক লৈ দায়িত্বত থকা এগৰাকী বিষয়াই কয়,"ডিব্ৰুগড় জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ এই ম'কড্ৰিল অনুষ্ঠিত কৰা হৈছিল । যুদ্ধকালীন পৰিস্থিতিৰ বিভাগসমূহে কেনেকৈ নিজৰ দায়িত্ব পালন কৰিব তাৰ এটা অনুশীলন কৰা হয় । বিমান আক্ৰমণ আৰু বিমান আক্ৰমণৰ সময়ত ব্লেক আউট কৰা তাৰো অনুশীলন কৰা হয় । এই কাৰ্যসূচীত সকলো চৰকাৰী বিভাগে অংশগ্ৰহণ কৰে ।"

