ETV Bharat / state

দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে বাস কৰা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ ৷

Dibrugarh District Administration carried out an eviction drive
দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 5:32 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: চৰকাৰ গঠন কৰিয়েই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।‌ কথামতেই কাম ৷ বৃহস্পতিবাৰে দ্বিতীয় ৰাজধানী ডিব্ৰুগড় চহৰত প্ৰশাসনে পুনৰ চলালে এক বৃহৎ উচ্ছেদ অভিযান ।

অবৈধ সন্দেহযুক্ত পৰিয়ালৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই নীতিৰে ডিব্ৰুগড়ত প্ৰশাসনে চহৰ‌ৰ মাজমজিয়াত থকা ব্ৰহ্মপুত্ৰৰ পাৰ, মাৰোৱাৰীপট্টী, পূজাঘাটৰ কাষত বুলড'জাৰেৰে চলাই এই উচ্ছেদ অভিযান ।

ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে বাস কৰা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ (ETV Bharat Assam)

অভিযোগ মতে, দীৰ্ঘদিনৰ পৰা এচাম লোকে ট্ৰিপালৰ চালি দি গৃহ নিৰ্মাণ কৰি উক্ত ভূমি দখল কৰি আছিল । এইসকল লোকক প্ৰশাসনে বাৰম্বাৰ নৈ কাষৰ ভূমি খালি কৰি দিবলৈ জাননী প্ৰদান কৰি আহিছিল ৷ কিন্তু তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ ফলত বৃহস্পতিবাৰে প্ৰশাসনে বুলড’জাৰ লৈ উচ্ছেদ অভিযান চলাই নৈ কাষৰ ভূমি বেদখলমুক্ত কৰে ।

Dibrugarh District Administration carried out an eviction drive
দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান (ETV Bharat Assam)
Dibrugarh District Administration carried out an eviction drive
দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান (ETV Bharat Assam)

অবৈধভাৱে বাস কৰা এইসকল লোক ডিব্ৰুগড়লৈ ক'ৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ পাৰত ঘৰ সাজি আছিল সেই তথ্য নাই ডিব্ৰুগড়ৰ প্ৰশাসনৰ হাতত ।

Dibrugarh District Administration carried out an eviction drive
ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে বাস কৰা পৰিয়ালৰ বাসগৃহত চলিল বুলড’জাৰ (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰৰ পাৰত উচ্ছেদ চলোৱাক লৈ প্ৰশাসনিক বিষয়াই কয়, "ডিব্ৰুগড় প্ৰশাসনে আজি প্ৰায় দুই কিলোমিটাৰ উচ্ছেদ চলায় । ব্ৰহ্মপুত্ৰৰ পাৰৰ সংৰক্ষিত অঞ্চলত চলোৱা হয় এই উচ্ছেদ ।‌ কিছুদিনৰ পৰা অবৈধ লোকে বেদখল কৰা দেখা গৈছিল, সেয়ে আজি উচ্ছেদ কৰা হৈছে । ব্ৰহ্মপুত্ৰৰ পাৰ যাতে প্ৰাকৃতিকভাৱে সুন্দৰ কৰি ৰাখিব পাৰি তাৰ বাবে উচ্ছেদ কৰা হৈছে । এই অভিযান চলি থাকিব । উচ্ছেদ সম্পূৰ্ণ হোৱাৰ পাছত যাতে কোনেও পুনৰ দখল কৰিবলৈ চেষ্টা নকৰে ।’’

লগতে পঢ়ক : দ্বিতীয় ৰাজধানীত প্ৰশাসনৰ উচ্ছেদ অভিযান; ৬০টাৰো অধিক ঘৰত পৰিল প্ৰশাসন হাঁতোৰা

লগতে পঢ়ক : ৩২২ বিঘা চৰণীয়া ভূমিত চলিব উচ্ছেদ অভিযান, নলবাৰীত বেদখলকাৰীক ১৫ দিনৰ সময়সীমা

লগতে পঢ়ক : এইবাৰ বৰক্ষেত্ৰীৰ প্ৰায় ৩০০ বিঘা বেদখলীকৃত ভূমিত চলিব উচ্ছেদ অভিযান

লগতে পঢ়ক : যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন