ETV Bharat / state

কাঠফুলাৰে মিঠাই, নিমকি, ভুজিয়া বনাই চৰ্চিত ধুবুৰীৰ তাপসী মণ্ডল

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী ধুবুৰীৰ এগৰাকী মহিলা । বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিও বজাৰ দখলৰ প্ৰয়াস ।

Dhubri woman become self reliant through mushroom cultivation
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী ধুবুৰীৰ তাপসী মণ্ডল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 4:48 PM IST

5 Min Read
Choose ETV Bharat

ধুবুৰী : বৰ্তমান সময়ত কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰা লোকসকলৰ পছন্দৰ এবিধ খাদ্য হৈছে কাঠফুলা । কাঠফুলাৰ চাহিদাও বজাৰত বৃদ্ধি পাইছে । আপুনি কাঠফুলা ভাজি বা তৰকাৰী বনাই খাই নিশ্চয় । কিন্তু কাঠফুলাৰ পৰা আৰু যে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰি আপুনি জানেনে ? কাঠফুলাৰ মিঠাই, নিমকি, ভুজিয়া, আচাৰ আদি বনাই চৰ্চা লাভ কৰিছে ধুবুৰীৰ এগৰাকী মহিলাই ।

কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱাই নহয় আন কেইবাটাও পৰিয়ালক উপাৰ্জনৰ পথ দেখুৱাইছে মহিলাগৰাকীয়ে । তেওঁ হৈছে তাপসী মণ্ডল । ধুবুৰীৰ অসম-পশ্চিমবংগ সীমান্তৰ জিনকাটা প্ৰথম খণ্ড গাঁৱৰ বাসিন্দা তাপসী মণ্ডল । মহিলাগৰাকীয়ে নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত গাওঁখনত স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে । তাপসী মণ্ডলে নিজৰ ঘৰতে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী ধুবুৰীৰ তাপসী মণ্ডল (ETV Bharat)

প্ৰায় ২ বছৰ ধৰি কাঠফুলাৰ খেতি কৰি থকা তাপসী মণ্ডলে পি এম এফ এম ই অৰ্থাৎ প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আনুষ্ঠানিককৰণ আঁচনিৰ অধীনত ২০২৪ বৰ্ষত ২ লাখ টকাৰ ঋণ লাভ কৰিছিল । সেই টকাৰে তেওঁ ঘৰতে কাঠফুলাৰ খেতি আৰম্ভ কৰি যথেষ্ট লাভান্বিত হোৱা বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত তাপসী মণ্ডলে কয়, "মই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত চৰকাৰী চাকৰিৰ পিছত ঘূৰি চাকৰি নাপালোঁ । তাৰ পিছত মই কিবা এটা কৰাৰ কথা ভাবিলোঁ । মই কাঠফুলাৰ খেতি কৰাৰ বাবে মন মেলিলোঁ আৰু ই মহিলা মানুহৰ বাবে বহুত এটা ভাল ব্যৱসায় ।"

Dhubri woman become self reliant through mushroom cultivation
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী ধুবুৰীৰ তাপসী মণ্ডল (ETV Bharat)

তেওঁ দৈনিক ২০/৩০ কিলোগ্ৰামকৈ কাঠফুলা উৎপাদন কৰে । প্ৰতি কেজি কাঠফুলা ২০০ টকাত বিক্ৰী কৰাৰ লগতে শুকান কাঠফুলা ২৫০ টকাত বিক্ৰী কৰি থকাৰ কথা উল্লেখ কৰি তাপসী মণ্ডলে কয়, "কাঠফুলাৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আছে । কাঠফুলা উৎপাদন কৰাৰ লগতে ইয়াৰ পৰা মিঠাই, আচাৰ, বিস্কুট, ভুজিয়া, নিমকি আদি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছো আৰু গ্ৰাহকৰ মাজত এই খাদ্য বস্তুবোৰৰ চাহিদা যথেষ্ট পোৱা গৈছে ।"

উল্লেখ্য যে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱা তাপসী মণ্ডলে ধুবুৰী জিলাৰ কাষৰীয়া বি টি আৰৰ বগৰীবাৰীস্থিত আৰ্ট অব লিভিং নামৰ প্ৰতিষ্ঠানৰ সহযোগত কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পৰা এই খেতিৰ ওপৰত প্ৰশিক্ষণো লৈছিল বুলি উল্লেখ কৰে । ইয়াৰ সমান্তৰালকৈ তাপসী মণ্ডলে ওচৰৰে প্ৰায় ১২ গৰাকী মহিলাকো লগত লৈ শ্যামকানু আত্মসহায়ক গোট এটা খুলিছে ।

Dhubri woman become self reliant through mushroom cultivation
শ্যামকানু আত্মসহায়ক গোটৰ মহিলাসকল (ETV Bharat)

শ্যামকানু আত্মসহায়ক গোটৰ সভানেত্ৰী লিপিকা বৰ্মণ আৰু সম্পাদিকা তাপসী মণ্ডলৰ নেতৃত্বত মহিলাসকলে ঘৰতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনোৱাৰ লগতে সমাজৰ অন্যান্য কামতো আগ-ভাগ লৈছে । গাওঁখনত নাৰীৰ সবলীকৰণ আৰু উত্তৰণৰ বাট অগ্ৰগামী কৰি তোলাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকে ।

ইফালে তাপসী মণ্ডলৰ কাঠফুলাই জিনকাটা, হালাকুৰা, গোলকগঞ্জকে ধৰি জিলাখনৰ বাহিৰতো সমাদৰ লাভ কৰা বুলি জানিব পৰা গৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীৰ সবলীকৰণ আৰু নাৰীৰ বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ বাবেই গাঁৱৰ মহিলাসকলে অধিক উৎসাহী হৈ কাম কৰিবলৈ সুবিধা পাইছে বুলি তাপসী মণ্ডলে উল্লেখ কৰে ।

তাপসী মণ্ডলে কয়, "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ । মহিলাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বহুত চিন্তা কৰিছে, মহিলাসকলৰ উন্নয়ন কেনেকৈ কৰিব পাৰি সেই দিশত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়া দেখা গৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যে আমি মহিলাসকলে ভৱিষ্যতে আৰু কিবা সুবিধা পাম সেই ক্ষেত্ৰত আমি যথেষ্ট আশাবাদী আৰু আমি মহিলা সকলো যথেষ্ট আগুৱাই যাম ।"

তাপসী মণ্ডলে লগতে কয়, "যাৰ বাবে আমি আমাৰ কৰ্মৰাজিদ্ৰুত গতিত কৰি আছোঁ । কাঠফুলা খেতিতে আমি ৰৈ থকা নাই । কাঠফুলাৰ পৰা যে বহুত প্ৰডাকশ্যন আছে আমি তাৰো কাম কৰি আছোঁ । মই কাঠফুলাৰ পৰা মিঠাই বনাই আছোঁ, নিমকি, ভুজীয়া, আচাৰকে ধৰি বহুতো খাদ্য সামগ্ৰী বনাই আছোঁ আৰু ৰাইজৰ মাজত চাহিদাও বৃদ্ধি পাইছে ।

চাকৰিৰ পিছত ঘূৰি নাথাকি স্বাৱলম্বী হোৱাৰ বাবে কৃষিকৰ্মক আদৰি লোৱাৰ আহ্বান জনাই তাপসী মণ্ডলে কয়, "নৱ প্ৰজন্মৰ যিসকলে চাকৰিমুখী হৈ আছে তেওঁলোকক উদ্দেশ্যি কওঁ যে চাকৰি ইমান সহজ নহয় যে পোৱা যাব । গতিকে আত্মনিৰ্ভৰ হৈ ব্যৱসায় বা অন্য খেতিৰ কামত আত্মনিয়োগ কৰিব পাৰিলে বহু ভাল ফল পাব বুলি মই যথেষ্ট আশাবাদী ।"

তাপসী মণ্ডলে দেখুওৱা এই পথ গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈছে বহু মহিলা । কেৱল ধুবুৰীতে নহয় অসমৰ বিভিন্ন প্ৰান্ততো তাপসী মণ্ডলৰ চিন্তাৰে আগবঢ়াৰ প্ৰতিজ্ঞা লৈছে একাংশ মহিলাই ।

লগতে পঢ়ক :কৃষিকৰ্মৰে যদি ইমান উপাৰ্জন হয়, চৰকাৰী চাকৰি কিয় লাগে !