হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা ধুবুৰীবাসীৰ, খিলঞ্জীয়া মুছলমানৰ পৰা সীমান্ত সুৰক্ষালৈ বিভিন্ন পদক্ষেপৰ আহ্বান
দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে ধুবুৰীৰ ৰাইজে ।

Published : May 11, 2026 at 7:50 PM IST
ধুবুৰী: নতুন চৰকাৰখনলৈ বহু আশা, বহু প্ৰত্যাশাৰে চাই ৰৈছে ধুবুৰীবাসী ৰাইজে ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰেই ধুবুৰীৰো সৰ্বাংগীন উন্নয়ন সাধন কৰিব বুলি নতুন চৰকাৰৰ প্ৰতি আশাবাদী জিলাখনৰ বাসিন্দাসকল ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে ধুবুৰীৰ ৰাইজে । ধুবুৰীৰ কেতবোৰ জ্বলন্ত সমস্যাৰ সমাধানৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ ওচৰত আহ্বান জনাইছে ৰাইজে ।
ধুবুৰীৰ সমাজসেৱী বিশ্বজিৎ কলিতাই কয়, ‘‘ধুবুৰী জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি মিত্ৰজোঁটৰ পৰা জিকিছে । সেই বাবে আমি আশাবাদী । কিন্তু বিগত পাঁচটা বছৰত অসমৰ আন আন ঠাইত যি উন্নয়ন হৈছে সেই উন্নয়ন ধুবুৰী জিলাত হোৱা নাই ।
যিহেতুকে মিত্ৰজোঁটৰ চৰকাৰখনক ধুবুৰী জিলাবাসী ৰাইজে দুটা সমষ্টিত জয়ী কৰাইছে, সেই হিচাপত অসমৰ আন আন অংশৰ লগতে ধুবুৰী জিলাখনৰো উন্নতি হ'ব বুলি আমি আশা ৰাখিছোঁ ।’’
‘‘ধুবুৰী জিলাত বহুকেইটা উন্নয়নমূলক কাম কৰিবলৈ বাকী আছে । যেনে ধুবুৰী চহৰত এখন ৰেল'ৱে অভাৰব্ৰীজ লাগে, এখন সৰ্বাংগ সুন্দৰ ক্ৰীড়া ষ্টেডিয়াম লাগে, ধুবুৰী মহকুমা পৰিষদৰ পৰা গৌৰীপুৰলৈ যোৱাৰ এটা বিকল্প ৰাস্তা লাগে । আমাৰ মূল সমস্যাবোৰ ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰিব বুলি আমি আশাবাদী । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পোন প্ৰথমে ধুবুৰী জিলা ভ্ৰমণ কৰাৰ বাবে আমি আমন্ত্ৰণ জনালোঁ ৷’’ তেওঁ লগতে কয় ।
ধুবুৰীৰ আন এজন স্থায়ী বাসিন্দা তথা জ্যেষ্ঠ সাংবাদিক প্ৰণৱাশীষ ৰয়ে কয়, ‘‘মঙলবাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ সেইবাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ ধুবুৰী জিলাখন অসমৰ শেষ প্ৰান্তৰ ভাৰত-বাংলাদেশ সীমান্তৰ গাতে লাগি আছে । অসম চৰকাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধুবুৰী জিলাতো বহু উন্নয়নমূলক কাম কৰিছে । আমাৰ ধুবুৰী জিলাৰ পৰা এইবাৰ দুজনকৈ বিধায়ক বিজেপি মিত্ৰজোঁটৰ হৈ জয়ী হৈছে । নতুন চৰকাৰখনলৈ আমাৰ এটা আহ্বান যে আন্তৰ্জাতিক সীমান্তৰ সুৰক্ষা কটকটীয়া কৰি তুলিব লাগে ।’’
‘‘ধুবুৰী জিলাৰ সীমান্ত এলেকাৰ উন্নয়ন সাধন কৰিব লাগিব, চৰকাৰৰ প্ৰতি আমাৰ এয়া আহ্বান । চৰকাৰে বিপিএল শ্ৰেণীৰ উন্নয়ন সাধন কৰাৰ সমান্তৰাল কৈ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবেও বিভিন্ন ভাল আঁচনি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ।’’ ৰয়ে লগতে কয় ৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সাংবাদিকসকলৰ উন্নয়নৰ বাবে নতুন চৰকাৰৰ প্ৰতি আহ্বান জনাই প্ৰণৱাশীষ ৰয়ে কয় যে সাংবাদিক সুৰক্ষা আইন নতুন চৰকাৰখনে বলৱৎ কৰিব লাগে । সাংবাদিকৰ পেঞ্চন আঁচনিৰ ধন প্ৰতি মাহে পঞ্চাশ হাজাৰ টকা নিৰ্ধাৰণ কৰিব লাগে বুলি তেওঁ নতুন চৰকাৰখনলৈ আহ্বান জনাইছে ।
আনহাতে ধুবুৰীৰ ছাগলচৰা নিৱাসী হাৰুণ ৰছিদে কয়, ‘‘আমি ডঃ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনাইছোঁ । আমি এইবাৰ আমাৰ দেশী খিলঞ্জীয়া মুছলিম লোকসকলৰ বাবে জৰীপ কৰাৰ আহ্বান জনালোঁ । কাৰণ আমি দেশী খিলঞ্জীয়া মুছলিম লোকসকল এই অঞ্চলৰ ভূমিপুত্ৰ । মুছলিম বুলি প্ৰচাৰ চলাই আমাৰ দেশী খিলঞ্জীয়া মুছলিম লোকসকলক মিঞা মুছলিমৰ লগত একাকাৰ কৰিছে একাংশ মিঞা মুছলিমে । আমি এটা পৃথক জনগোষ্ঠী । দেশী খিলঞ্জীয়া মুছলিম লোকসকল সদায়ে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ কাষত থাকিব । পূৰ্বতেও আছিল আৰু ভৱিষ্যতেও থাকিব ।’’
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ

