ETV Bharat / state

শিক্ষাৰ নামত বেপাৰ: ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ধৃত ছাত্ৰৰ মাতৃ

ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে ধুবুৰীত থানাত এজাহাৰ দাখিল গোচৰটোত গ্ৰেপ্তাৰ হোৱা ছাত্ৰৰ পৰিয়াল ।

Dhubri fake marksheet case
শিক্ষাৰ নামত বেপাৰ : ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ধৃত ছাত্ৰৰ মাতৃ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 4:00 PM IST

4 Min Read
Choose ETV Bharat

ধুবুৰী: অসমৰ ধুবুৰী জিলাত শিক্ষাৰ নামত ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে । 'ইংলিছ এডুকেশ্ব'ন একাডেমী' নামৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । প্ৰতিষ্ঠানটোৰ পৰা উত্তীৰ্ণ এজন ছাত্ৰই উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিবলৈ যোৱাৰ সময়তে প্ৰতিষ্ঠানটোৰ প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ আহে । পৰিতাপৰ কথাটো হ'ল যে নামভৰ্তি কৰিবলৈ যোৱা ভুক্তভোগী ছাত্ৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে । ইয়াৰ পিছতে ছাত্ৰজনৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে । যাৰ বাবে ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত খলিলপুৰ (নাথপাৰা) নিবাসী ছাত্ৰজনৰ মাতৃ প্ৰতিমা ঘোষে দাখিল কৰা এজাহাৰত ভুৱা শিক্ষানুষ্ঠান চলোৱা, জাল নথি প্ৰদান কৰা আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

শিক্ষাৰ নামত বেপাৰ : ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ধৃত ছাত্ৰৰ মাতৃ (ETV Bharat)

এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰ ধুবুৰী জিলাৰ ঝাগৰাৰপাৰ তৃতীয় খণ্ডস্থিত 'ইংলিছ এডুকেশ্ব'ন একাডেমী' নামৰ শিক্ষানুষ্ঠানখনত নামভৰ্তি কৰিছিল । উক্ত শিক্ষানুষ্ঠানটোৱে সামাজিক মাধ্যম, বেনাৰ আৰু অনলাইনৰ জৰিয়তে প্ৰচাৰ চলাই বৈধ আৰু অনুমোদিত প্ৰতিষ্ঠান হিচাপে প্ৰদৰ্শন কৰিছিল । এই প্ৰচাৰৰ ফলতেই তেওঁলোকৰ শিক্ষানুষ্ঠানটোৰ প্ৰতি আস্থা বাঢ়িছিল ।

Dhubri fake institution
পলাতক শিক্ষানুষ্ঠানৰ সঞ্চালক জাহিদুল ইছলাম (ETV Bharat)

অভিযোগ অনুসৰি শিক্ষানুষ্ঠানটোৰ গৰাকী জাহিদুল ইছলামৰ আশ্বাসৰ ভিত্তিত ছাত্ৰজনে নামভৰ্তি কৰে । ছাত্ৰজনে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পিছত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণপত্ৰও লাভ কৰে ।

চলিত বৰ্ষৰ ২৯ এপ্ৰিলত যেতিয়া ছাত্ৰজনে উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে বিদ্যাপাৰা বয়জ হায়াৰ ছেকেণ্ডাৰী স্কুলত আবেদন জনাইছিল তেতিয়া বিদ্যালয় কৰ্তৃপক্ষই প্ৰমাণপত্ৰ খনৰ বিসংগতি লক্ষ্য কৰি জালিয়াতিৰ সন্দেহত আৰক্ষীক অৱগত কৰে । ইয়াৰ পিছতেই ধুবুৰী আৰক্ষীয়ে ধুবুৰী থানাত ১৪২/২০২৬ নম্বৰ গোচৰ ৰুজু কৰি ছাত্রজনক গ্ৰেপ্তাৰ কৰে ।

প্ৰতিমা ঘোষে তেওঁৰ এজাহাৰত উল্লেখ কৰা মতে পুত্ৰ এই সম্পৰ্কত অজ্ঞাত আছিল । প্ৰমাণপত্ৰ যে ভুৱা তেওঁ গম পোৱা নাছিল । তেওঁ কয়, "আমি অতি বিশ্বাস কৰি পুত্ৰক প্ৰতিষ্ঠানটোত নামভৰ্তি কৰি দিছিলো ।"

তেওঁ লগতে কয়, "মোৰ পুত্ৰ আৰু আমাৰ পৰিয়ালে সম্পূৰ্ণ বিশ্বাসৰ সৈতে আগবাঢ়িছিল । আমি অসাধু আৰু প্ৰৱঞ্চক চক্ৰৰ বলি হৈছোঁ । অথচ বৰ্তমান আমিয়ে সামাজিক অপমান, মানসিক নিৰ্যাতন আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হৈছো ।"

ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে শিক্ষা বিভাগ আৰু স্থানীয় তদাৰকী সংস্থাসমূহৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে । অভিযোগ অনুসৰি প্ৰায় ২ বছৰ ধৰি উক্ত প্ৰতিষ্ঠানটো মুকলিকৈ চলি আছিল আৰু ইয়াৰ বৈধতা পৰীক্ষা বা ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল ।

শিক্ষাৰ নামত বেপাৰ : ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিল ধৃত ছাত্ৰৰ পৰিয়াল (ETV Bharat)

আনহাতে ছাত্ৰজনৰ মোমায়েকে কয়, "প্ৰতিষ্ঠানটোৰ লগতে সঞ্চালক জাহিদুল ইছলাম আৰু ইয়াৰ লগত জড়িত আন ব্যক্তিসকলৰ বিৰুদ্ধে তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ ।" তেওঁ‌ লগতে কয় যে তেওঁ ভাগিন অতি সাধাৰণ আৰু সৰল হোৱা বাবেই প্ৰৱঞ্চনৰা সন্মুখীন হৈছে । প্ৰতিষ্ঠানখন যে ভুৱা তেওঁলোকে গম পোৱা নাছিল । তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয়, "আৰক্ষীয়ে ভুৱা প্ৰতিষ্ঠানৰ মূল স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে প্ৰৱঞ্চনাৰ সন্মুখীন হৈ তাৰ অধ্যয়ন কৰা ছাত্ৰক হে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।" সেয়ে তেওঁলোকে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সন্তানৰ ন্যায়ৰ বাবে দাবী জনাইছে ।

ইফালে সমগ্ৰ ঘটনাটোৱে সমগ্ৰ ধুবুৰী জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে ভুৱা শিক্ষানুষ্ঠান চলোৱা আৰু শিক্ষাৰ্থীসকলক বিভ্ৰান্ত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । অৱশ্যে প্ৰতিষ্ঠানটোৰ সঞ্চালক জাহিদুল ইছলাম আৰু আন অভিযুক্তসকল এতিয়াও পলাতক ।

লগতে পঢ়ক :

ভুৱা মাৰ্কশ্বীট যোগানৰ অভিযোগ; ধুবুৰীত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান