ধপাঁতমুক্ত অঞ্চল ঘোষণা কৰা নামত চাইনবৰ্ড আৰিয়ে দায়িত্ব সামৰিছে কোনে ?
ধপাঁতমুক্ত হোৱা নাই ধেমাজি গাঁও পঞ্চায়তৰ বহু অঞ্চল ৷ ক্ৰমাৎ ধপাঁত সেৱনকাৰী সংখ্যা বৃদ্ধিহে পাইছে ৷ এই কথা উল্লেখ কৰে AJYCPৰ এগৰাকী নেতাই ৷

Published : May 31, 2026 at 3:56 PM IST
ধেমাজি : আজি বিশ্ব ধপাঁত বিৰোধী দিৱস । প্ৰতিবছৰে ৩১ মে’ত সমগ্ৰ বিশ্বই এই দিৱসটো পালন কৰি আহিছে ৷ কিন্তু অতি পৰিতাপৰ আৰু আশ্চৰ্যকৰ বিষয় যে ৰাজ্য চাকাৰৰ স্বাস্থ্য বিভাগৰ ধপাঁত নিয়ন্ত্ৰণ কোষৰ অধীনত প্ৰতিবছৰে এদিন নামমাত্ৰ দিৱস পালন কৰি ধপাঁত বিৰুদ্ধে সজাগতা নামত দায়িত্ব পালন কৰি আহিছে । যাৰ ফলত দিনক দিনে নগৰে-চহৰে ধপাঁত সেৱনকাৰী সংখ্যা বৃদ্ধি পাইছে ৷ এই অভিযোগ একাংশ সচেতন নাগৰিকৰ ৷
আনকি সময়ে সময়ে কিছুমান অঞ্চলক ধপাঁত মুক্ত হিচাপে কাগজে পত্ৰয়ে ঘোষণা কৰি আহিছে যদিও কাৰ্যত অবাধ মুক্ত গতিত বৃদ্ধি পাইছে ধপাঁত জাতীয় সামগ্ৰী বিক্ৰী কৰা দোকান, ঘুমতি আদি ৷ লগতে বৃদ্ধি পাইছে ধপাঁত সেৱনকাৰীৰ সংখ্যাও ৷ এই অভিযোগ ধেমাজি জিলা সমিতিৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়াৰ ৷
ধেমাজি জিলা স্বাস্থ্য বিভাগৰ ধপাঁত নিয়ন্ত্ৰণ কোষ পৰা জানিব পৰা মতে, বিগত বছৰত সংশ্লিষ্ট বিভাগে জৰীপ চলাই দক্ষিণ ধেমাজি গাঁও পঞ্চায়তৰ অধীনৰ মাটিখোলা, খুবলীয়া, শলিকুছি, দুসুতিমুখ, বঙালমাৰী আদিকে ধৰি দহখন গাঁৱক ধপাঁতমুক্ত গাঁও হিচাপে ঘোষণা কৰিছিল ৷ সেইদৰে জিলাখনৰ ৬৫ খন শিক্ষানুষ্ঠানক ধপাঁতমুক্ত হিচাপে ঘোষণা কৰিছিল ৷
কিন্তু স্থানীয় এজন লোকে উল্লেখ কৰা মতে, সেই গাঁওসমূহত এতিয়া ধপাঁত মুক্ত হোৱা দূৰৰে কথা উক্ত গাঁওসমূহত এখনো চাইনবৰ্ড দেখা পাবলৈ নাই ৷ গাঁৱৰ মানুহে নাজানে ধপাঁতমুক্ত অভিযান অথবা সজাগতা বিষয়ে ৷
ধপাঁত বিৰোধী দিৱসৰ সম্পৰ্কত ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি তথা সচেতন নাগৰিক সঞ্জীৱ চুতীয়াই কয়, “চৰকাৰে যি ৯ খন গাঁও ধপাঁতমুক্ত আদৰ্শ গাঁও হিচাপে তথ্য ফলক লিখাইছিল, বৰ্তমান সেই তথ্য ফলক পাবলৈ নাই ৷ বিশেষকৈ যিকেইখন গাঁৱক ধপাঁতমুক্ত বুলি চৰকাৰে ঘোষণা কৰিছিল, সেই গাঁওকেইখন ধপাঁতমুক্ত হোৱা নাই ৷ এতিয়াও মুক্তভাৱেই ধপাঁতৰ বিক্ৰী চলি আছে ৷’’
চৰকাৰে চিগাৰেটৰ ওপৰত কৰ আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাভাবিকতে চিগাৰেটৰ মূল্য বাঢ়িছে যদিও এইক্ষেত্ৰত ধুম্ৰপায়ীৰ মাজত তাৰ কোনো প্ৰভাৱ পৰা নাই বুলিও মন্তব্য কৰে নেতাজনে ৷ তেওঁ কয়, “চিগাৰেটৰ ওপৰত GST লগালে কি হ’ব, সেই চিগাৰেট এতিয়া সেৱনত ব্যস্ত এতিয়া উঠি অহা প্ৰজন্ম ৷ বিশেষকৈ গোগামুখ নগৰ, চিলাপথাৰ নগৰ, ধেমাজি নগৰ আৰু স্কুল কলেজৰ চৌপােশে থকা দোকান বজাৰত উঠি অহা প্ৰজন্মৰ প্ৰায়খিনিয়ে চিগাৰেট কিনে ৷’’

