ETV Bharat / state

মোক দিয়ক, মই কৰি দেখুৱাম... ! প্ৰফুল্ল শইকীয়াই জেদটো ৰাখিলে

প্ৰত্যাহ্বান আৰু বদনাম নেওচি এগৰাকী কৃষকৰ অসমীয়াগিৰি, কমলা খেতিৰে নতুন বিপ্লৱৰ সূচনা ৷

Dhemaji farmer orange farming
কমলা খেতিৰে কৃষি বিপ্লৱৰ সূচনা ধেমাজিৰ প্ৰফুল্ল শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 6:00 PM IST

3 Min Read
Choose ETV Bharat

ধেমাজি : এতিয়া কমলাটেঙা বা সুমথিৰা খোৱাৰ বতৰ । শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰান্তৰ বজাৰ ভৰি পৰিছে কমলাটেঙাৰে । প্ৰতিদিনে অসমৰ বাহিৰৰ বিশেষকৈ অৰুণাচলৰ বিভিন্ন জিলাৰ পৰা গাড়ীয়ে গাড়ীয়ে কমলা আহি আছে ।

কিন্তু এই কমলা অসমৰ বিভিন্ন জিলাত কিয় প্ৰচুৰ পৰিমাণে উৎপাদন নহয় ? অন্যান্য খেতিৰ দৰে অসমৰ জলবায়ু কমলা খেতিৰ বাবে উপযুক্ত নহয় নেকি ? আনহাতে, কৃষি বিভাগেও কমলা খেতিৰ বাবে স্থানীয় কৃষকক উৎসাহিত কৰা দেখা নাযায় ।

কমলা খেতিৰে কৃষি বিপ্লৱৰ সূচনা ধেমাজিৰ প্ৰফুল্ল শইকীয়াৰ (ETV Bharat Assam)

কমলা খেতিৰে সফলতাৰ বাট বুলিছে এজন কৃষকে

এনে কেতবোৰ জটিল সমস্যা আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰি ধেমাজি জিলাৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অধীনস্থ বঙালমাৰী-ধূনাগুড়িত ২০ বিঘা মাটিত কমলা খেতিৰে সফলতাৰ বাট বুলিছে অঞ্চলটোৰ ২নং বৰুৱা গাঁৱৰ প্ৰফুল্ল শইকীয়া নামৰ লোকজনে ৷

দৈনিক ২-৩ কুইণ্টল বিক্ৰী

প্ৰফুল্ল শইকীয়াৰ বাৰীত ডালভৰি লমালমে লাগি আছে ৰসাল সুস্বাদু কমলা । এই কমলাবোৰ এতিয়া শীতৰ সময়ত পকিবলৈ আৰম্ভ কৰিছে ৷ প্ৰতিদিনে ২-৩ কুইণ্টল কমলা বজাৰত বিক্ৰী কৰে প্ৰফুল্ল শইকীয়াই ৷ অৱশ্যে ২০০২-০৩ চনৰ পৰা কমলাৰ পুলি ৰোপণ কৰাৰ পিছত বিগত তিনিবছৰৰ পৰাহে ফল লাভ কৰিছে প্ৰগতিশীল কৃষকজনে ৷

Dhemaji farmer orange farming
কমলা খেতিৰে কৃষি বিপ্লৱৰ সূচনা ধেমাজিৰ প্ৰফুল্ল শইকীয়াৰ (ETV Bharat Assam)

বছৰত ২-৩ লাখ উপাৰ্জন

বিগত ৩ বছৰত নিজৰ কমলাবাৰীত উৎপাদিত কমলা বিক্ৰী কৰি প্ৰফুল্ল শইকীয়াই দুইৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জন কৰে ৷ অৱশ্যে এইবছৰ ৩ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব বুলি আশাবাদী কমলা খেতিয়কজন ৷

অসমীয়া মানুহে কমলা খেতি কৰিব নোৱাৰে বুলি কোৱা কৃষি বিভাগৰ বিষয়াক যোগ্য প্ৰত্যুত্তৰ

উল্লেখ্য যে অসমৰ জলবায়ুত কমলা খেতিৰ বাবে যথেষ্ট কষ্ট কৰিব লাগে আৰু দীঘলীয়া সময় অপেক্ষা কৰিব লাগে । সেয়ে অসমীয়া মানুহে কমলা খেতি কৰিব নোৱাৰে বুলি বদনাম দিয়া চৰকাৰৰ কৃষি বিভাগেও কমলা খেতিয়কক উৎসাহিত কৰা দেখা নাযায় ৷ কিন্তু এই ধাৰণা নস্যাৎ কৰি অসমীয়া মানুহেও যে কমলা খেতি কৰি লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰে তাক প্ৰতিপন্ন কৰি দেখুৱালে প্ৰফুল্ল শইকীয়াই ৷

বহুমুখী কৃষিপামেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা প্ৰফুল্ল শইকীয়াই এই সন্দৰ্ভত কয়, “২০০২-০৩ চনত গুটি পচাইছিলোঁ ৷ তাৰ পৰা এতিয়া লাগিছে । তিনিবছৰ হৈছে ফল লগা । যোৱাবাৰ দুই লাখমান টকা পাইছিলোঁ ৷ এইবাৰ তিনি লাখৰ ওপৰ হ’ব বুলি ভাবিছোঁ ।"

Dhemaji farmer orange farming
কমলা খেতিৰে কৃষি বিপ্লৱৰ সূচনা ধেমাজিৰ প্ৰফুল্ল শইকীয়াৰ (ETV Bharat Assam)

কমলা খেতিৰ প্ৰত্যাহ্বান আৰু প্ৰতিপালন

কমলা খেতিৰ প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁ কয়, "এতিয়া কমলাত পোকে খাইছে যদিও পোকৰ ঔষধ ধেমাজিত পাবলৈ নাই ৷ মেইন ফেক্টৰ হ’ল যে আমাৰ বদন লাহন ছাৰে স্কিমটো দিবলৈ মন নকৰে ৷ আমাৰ বোলে অসমীয়া মানুহে খেতি নকৰে ৷ মই ক'লোঁ মোক দিয়ক, দিয়ক মই কৰি দেখুৱাম ৷ সিদিনাখন ছাৰ আৰু বাইদেউ আহিছিল ৷ মই এতিয়া সুখী যে মই কৰি দেখুৱাব পাৰিলোঁ ৷ মোৰ জেদটো ৰাখিলোঁ ৷"

নিঃসন্দেহে অসমৰ অন্যান্য জিলাৰ আগ্ৰহী কৃষকসকলেও প্ৰফুল্ল শইকীয়াৰ আদৰ্শ গ্ৰহণ কৰি আগবাঢ়ি গ“লে কৃষি খণ্ডত এক নতুন বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক :কৃষকলৈ আশাৰ বাৰ্তা কঢ়িয়াইছে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকে
লগতে পঢ়ক :মণিপুৰৰ থলুৱা ফুলেৰে বিশ্বৰ বজাৰ দখলৰ লক্ষ্য এগৰাকী যুৱতীৰ