নৈপৰীয়াৰ মূলধন নাও: বাৰিষা আহি আছে, দগাচুক গাঁৱৰ ৰাইজ এতিয়া ভীষণ ব্যস্ত
আজিও অৱহেলিত টীয়কৰ ঢেকীয়াখোৱাৰ দগাচুক ইন্দিৰা আদৰ্শ গাঁৱৰ নাও নিৰ্মাণত জড়িত লোকসকল ৷

Published : May 16, 2026 at 2:32 PM IST
টীয়ক: নৈপৰীয়া লোকসকলৰ অন্যতম সাৰথি হৈছে নাও । বানৰ সময়তেই হওক অথবা জীৱন নিৰ্বাহৰ আহিলা হিচাবেই হওক নাওখন নৈপৰীয়া লোকৰ এৰাব নোৱৰা অংগ । কেৱল বানেই যে এনে নহয়, আমি যদি কিছু বছৰৰ আগৰলৈ উভতি যাওঁ তেতিয়া দেখিম যে মানুহে এখন ঠাইৰ পৰা আনখন ঠাইলৈ বেপাৰ বা অন্য কাৰণত ভ্ৰমণ কৰিলে সততে নদীৰে যায় ৷ নদীৰে যাত্ৰা কৰাৰ ফলত আগৰ দিনত মানুহে নাও ব্যৱহাৰ কৰিছিল ৷
পিছে আজিৰ দিনত পুৰণি কালত ব্যৱহৃত নাৱৰ সলনি অত্যাধুনিক নাও নিৰ্মাণ কৰা দেখা যায় ৷ আধুনিকতাৰ এই যুগতো কিন্তু আজিও বহু এনে শিল্পী আছে, যিয়ে পুৰণি বঠা মৰা নাও নিৰ্মাণ কৰি আহিছে ৷ পূৰ্বপুৰুষৰ ব্যৱসায়ক আগুৱাই নিয়াৰ স্বাৰ্থতে নাও নিৰ্মাণ কৰা লোকসকলে এই কাৰ্য কৰি আহিছে ৷
আমি ক’বলৈ লৈছো টীয়কৰ ঢেকীয়াখোৱাৰ দগাচুকৰ নাও নিৰ্মাণত জড়িত শিল্পীসকলৰ কথা ৷ দুৰ্ভাগ্যৰ কথা যে, অতীতৰ পৰা এই কাম কৰি অহাৰ পাছতো দগাচুকৰ শিল্পীসকলে আজিও নাপালে চৰকাৰী কোনো সা-সুবিধা ।
দগাচুকৰ এগৰাকী নাও নিৰ্মাণকাৰী ব্যক্তিয়ে কয় যে ২০০৪ চনতে গৰাখহনীয়াৰ কবলত পৰি বহু লোক মাজুলীৰ পৰা এই অঞ্চললৈ আহি ইয়াতে সংস্থাপিত হৈছিল । মূলতঃ নাও প্ৰস্তুত, মৃৎশিল্পৰ সৈতে জড়িত এইসকল চহা ৰাইজে তেতিয়াৰে পৰা আজি পৰ্যন্ত অধিক কষ্টেৰে উক্ত বৃত্তিৰে নিজ নিজ পৰিয়াল পোহপাল দি আহিছে ।
উক্ত বৃত্তিৰ লগত জড়িত আন এগৰাকী লোকে কয়, ‘‘পূৰ্বৰ তুলনাত কেঁচামালৰ মূল্যবৃদ্ধি তথা নাৱৰ চাহিদা কিছু হ্ৰাস পাইছে ৷ ফলত নাও নিৰ্মাণৰ জৰিয়তে পৰিয়াল চলাবলৈ অপাৰগ হৈ পৰিছে এইসকল শিল্পী । অধিক কষ্ট তথা উপযুক্ত বজাৰৰ অভাৱৰ বাবে উত্তৰ প্ৰজন্মও এই শিল্পৰ প্ৰতি আগ্ৰহী হোৱা নাই ।’’
ইপিনে চৰকাৰখনে দক্ষতা বিকাশৰ নামত বিভিন্ন আঁচনি ৰূপায়ণ কৰি কোটি কোটি টকা ব্যয় কৰিছে যদিও অসমীয়াৰ চহা এই ঐতিহাসিক শিল্প জীয়াই ৰখাৰ স্বাৰ্থত আজিলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও তেওঁলোকে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে এই শিল্প এতিয়া প্ৰায় বিলুপ্তিৰ পথত গতি কৰিছে বুলিও তেওঁলোকে কয় ।
এগৰাকী শিল্পীয়ে কয়, "এই বিদ্যা আমাৰ পূৰ্বপুৰুষৰ । বৰ্তমান ইয়াকে কৰি চলি আছো । উঠি অহা প্ৰজন্ম ইয়াৰ প্ৰতি বৰ আগ্ৰহী নহয় যদিও তেওঁলোকে দুই এটা সামগ্ৰী অৱশ্যে যোগাৰ কৰি দিয়ে । আমি চৰকাৰীভাৱে একো সুবিধা পোৱা নাই । মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত এক উচিত ব্যৱস্থা গ্ৰহণ কৰি চহা শিল্পটোৰ লগতে শিল্পীসকলক সকাহ দিবলৈ আমি আহ্বান জনাইছো ।"
অন্য এজন নাও নিৰ্মাতাই কয়, "২০০৪ চনতে মাজুলীৰ পৰা আমাক ইয়াত সংস্থাপিত কৰিলে । আমি প্ৰায় মানুহেই এই বৃত্তিৰেই চলো । সেয়ে চৰকাৰে আমাক সহায় কৰিব লাগে ।"

