ETV Bharat / state

হাঁহৰ গঁড়ালসদৃশ জুপুৰীত জীৱনৰ বিয়লি বেলা কটাইছে আইতাই

চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এগৰাকী আইতাক । জৰাজীৰ্ণ পঁজাত কটাইছে জীৱন ।

Development vs reality a poor grandmother fight for survival in Majuli
হাঁহৰ গঁড়ালসদৃশ জুপুৰীত জীৱনৰ বিয়লি বেলা কটাইছে আইতাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 3:48 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: চৰকাৰে ৰাজ্যখনৰ দুখীয়া লোকসকলৰ বাবে বিভিন্নধৰণৰ আঁচনি প্ৰৱৰ্তন কৰিছে । সেই আঁচনিৰ জৰিয়তে দুখীয়া লোকসকল যথেষ্ট উপকৃত হোৱাও দেখিবলৈ পোৱা গৈছে । এতিয়াও কিন্তু এনে লোক আছে যিসকলক চৰকাৰী আঁচনিয়ে আজিৰ তাৰিখত ঢুকি পোৱা নাই ।

মাজুলীৰ দক্ষিণপাটৰ এগৰাকী আইতাৰ কথা কবলৈ লৈছোঁ, যিগৰাকী আইতাক আজিৰ তাৰিখত চৰকাৰী আচঁনিয়ে ঢুকি পোৱা নাই । যাৰ স্পষ্ট ছবি পকী হাজৰিকা নামৰ এই বৃদ্ধাগৰাকীৰ বাসগৃহটো দেখিলেই ধৰিব পাৰি । বাসগৃহ বুলি ক'ব নোৱাৰি, আচলতে এখন চালিৰ তলতেই তেওঁ জীৱন কটাইছে ।

হাঁহৰ গঁড়ালসদৃশ জুপুৰীত জীৱনৰ বিয়লি বেলা কটাইছে আইতাই (ETV Bharat Assam)

চালিখন ইমানেই ভঙা-চিঙা যে নিশা হ’লে চালিৰ ভিতৰৰ পৰাই আপুনি আকাশৰ তৰা দেখা পাব । বৰষুণ দিলে চালিখনৰ ভিতৰত থকাৰ কোনো পৰিৱেশেই নাথাকে । অতি দুখৰ কথা আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনিৰ সুবিধা নাপালে এইগৰাকী দুৰ্ভগীয়া আইতাই ।

দক্ষিণপাট কুমাৰ গাঁৱৰ বাসিন্দা, ৯০ বছৰ ঊৰ্ধ্বৰ এইগৰাকী বৃদ্ধা আইতা চৰকাৰী আঁচনিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত আজিৰ তাৰিখত । বৃদ্ধাগৰাকীৰ এই অৱস্থাই আজিৰ তাৰিখত প্ৰশ্ন কৰিবলৈ সুবিধা কৰিছে যে প্ৰকৃততে চৰকাৰী সুবিধা যোগ্য লোকসকলে লাভ কৰি আছে নে ?

ইটিভি ভাৰতৰ সন্মুখত উচুপি উঠিল আইতা পকী হাজৰিকা, ক'লে এইদৰে, "একো পোৱা নাই, ঘৰ নাই, বস্তু-বাহনি একো নাই, চালৰ মাজত জীৱটো সোমাই আছোঁ আৰু মই চকুৰেও নেদেখো, কানেৰেও নুশুনো ।"

আইতাগৰাকীৰ একমাত্ৰ পুত্ৰই দিন হাজিৰা কৰি কোনোমতে নিজৰ লগতে নিজ মাতৃৰ বাবে দুবেলা দুসাজৰ যোগাৰ কৰি আহিছে । এতিয়া প্ৰশ্ন হয় আমাৰ এই বাতৰিৰ পাছত চৰকাৰ তথা প্ৰশাসনৰ চকুত পৰিবনে এইগৰাকী আইতালৈ ।

লগতে পঢ়ক: উন্নয়নৰ আঁৰত দৰিদ্ৰতাৰ কান্দোন !

অৱসৰ বিনোদন হ'ব মহঙা, পাৰ্কত সোমালেই লাগিব ধন