ETV Bharat / state

অসমৰ দুই সাহিত্যিকলৈ সাহিত্য অকাডেমি বঁটা

অসমীয়া ভাষাত দেৱব্ৰত দাস আৰু বড়ো ভাষাত সহায়চুলি ব্ৰহ্মই লাভ কৰিছে সাহিত্য অকাডেমিৰ এই সন্মান ।

Sahitya Akademi award 2025
অসমৰ দুই সাহিত্যিকলৈ সাহিত্য অকাডেমি বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 4:44 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ঘোষণা হ'ল ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা । দেশৰ ২৪ গৰাকী সাহিত্যিকলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সাহিত্যিক অৱদানৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে । আনহাতে, অসমৰ দুই বৰেণ্য সাহিত্যিক এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে । তাৰে এগৰাকীয়ে অসমীয়া ভাষাত আৰু আনগৰাকীয়ে বড়ো ভাষাৰ উৎকৃষ্ট সাহিত্য সৃষ্টিৰ বাবে লাভ কৰিছে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ।

অসমীয়া ভাষাত এইবাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে 'কড়ি খেলাৰ সাধু' নামৰ উপন্যাসখনৰ বাবে দেৱব্ৰত দাসে । আনহাতে, বড়ো ভাষাত সাহিত্য একাডেমি বঁটা লাভ কৰিছে সহায়চুলি ব্ৰহ্মই (Sahaisuli Brahma) । তেওঁ ডৌংনুই লামা মৌনছে গেথৌং (Dwngnwi Lama Mwnse Gathwn) নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে ।

Sahitya Akademi award 2025
মনোনয়ন লাভ কৰা অসমীয়া গ্ৰন্থ (ETV Bharat Assam)

উল্লেখ্য যে সোমবাৰে ঘোষণা কৰা সাহিত্য অকাডেমি বঁটাত সাহিত্য অকাডেমিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ২৪টা ভাৰতীয় ভাষাৰ বাবে এই বঁটা ঘোষণা কৰা হয় । ইয়াৰে ভিতৰত ৮ খন কাব্যগ্ৰন্থ, ৪ খন উপন্যাস, ৬ খন গল্পপুথি, দুখন প্ৰবন্ধ পুথি, এখন সাহিত্য সমালোচনা, এখন আত্মজীৱনী আৰু দুখন স্মৃতিগ্ৰন্থই ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

প্ৰতিবছৰে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা সাহিত্য অকাডেমিৰ স্বীকৃতিপ্ৰাপ্ত ২৪টা ভাষাৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয় । ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল উক্ত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা । ২০২৫ চনৰ ৩০ জানুৱাৰীত ইয়াৰ বাবে এক মুকলি বিজ্ঞাপন দিয়া হৈছিল ।

Sahitya Akademi award 2025
সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থসমূহ (ETV Bharat Assam)

আনহাতে, ২৪টা ভাষাৰ সন্মানীয় জুৰিমণ্ডলীক ইয়াৰ নিৰ্বাচনৰ বাবে সাহিত্য অকাডেমিৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অনুমোদন জনায় ।

অসমীয়া ভাষাৰ বাবে জুৰীমণ্ডলীত আছিল অধ্যাপক ডঃ ধ্ৰুৱজ্যোতি বৰা, অধ্যাপক দীনেশ বৈশ্য আৰু ডঃ ৰঞ্জনা ভট্টাচাৰ্য । আনহাতে, বড়ো ভাষাৰ জুৰীমণ্ডলীত আছিল ডঃ দেৱকান্ত ৰামচিয়াৰী, ৰাখাও বসুমতাৰী আৰু ডঃ সীমাশ্ৰী বসুমতাৰী ।

Sahitya Akademi award 2025
জুৰীমণ্ডলী (ETV Bharat Assam)

উল্লেখ্য যে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাৰ বাবে অসমীয়া ভাষাত মনোনয়ন লাভ কৰা গ্ৰন্থসমূহ আছিল ভৃংগেশ্বৰ শৰ্মাৰ উপন্যাস আবেলিৰ ৰামধেনু, সৌৰভ শইকীয়াৰ কবিতা পুথি ব্ৰজুকা সুন্দৰী, অনুভৱ তুলসীৰ কবিতা পুথি বানান কৰি পঢ়া লুইতৰ পানী, দেৱব্ৰত দাসৰ উপন্যাস কড়ি খেলাৰ সাধু, ধীৰেণ শৰ্মাৰ যাত্ৰা আৰু অভিনয়ৰ ওপৰত অসমৰ যাত্ৰাভিনয়ৰ ইতিহাস, ৰক্তিম ৰঞ্জন শৰ্মাৰ অৰ্থনৈতিক ইতিহাস প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস, শৰ্মিষ্ঠা প্ৰীতমৰ উপন্যাস পৰাণ নিগৰে, আনিছ-উজ-জামানৰ কবিতা পুথি নৈখন ক'লৈ গৈছে তুমিও নাজানা ময়ো নাজানো, ৰক্তিম শৰ্মাৰ উপন্যাস নং বাৰে ৰিবাৰে, ফণীন্দ্ৰ কুমাৰৰ উপন্যাস প্ৰেম গাথা, দীপক কুমাৰ বৰকাকতিৰ উপন্যাস হৃদয়ালয় ।

লগতে পঢ়ক :সলনি হ’ব কাজিৰঙাৰ ৫০ টা ম’হৰ ঠিকনা
লগতে পঢ়ক :মঘাই ওজা দিৱস পালন; ঢুলীয়া ৰঞ্জিত গগৈক ষষ্ঠদশ বাৰ্ষিক মঘাই ওজা বঁটা প্ৰদান