কোন সঁচা কোন মিছা ! ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষৰ বিৰুদ্ধে
দেৰগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত ছাত্ৰীক নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক ৷ এগৰাকী ছাত্ৰীৰ ঋতুস্ৰাৱৰ সময়ত আন দুজন ছাত্ৰৰ সৈতে শাস্তি দিয়াৰ অভিযোগ ৷

Published : July 4, 2026 at 11:48 AM IST
যোৰহাট: ৰাজ্যত আকৌ ছাত্ৰী নিৰ্যাতনৰ অভিযোগ ৷ এইবাৰ এই অভিযোগ উত্থাপন হৈছে দেৰগাঁৱৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে ৷
অভিযোগ অনুসৰি, দেৰগাঁৱৰ উদয়ন একাডেমী নামৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ বৰাই এগৰাকী উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীক লঘু দোষত গধূৰ শাস্তি দিয়াৰ অভিযোগ শেহতীয়াকৈ পোহৰলৈ আহিছে ।
ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঋতুস্ৰাৱ চলি থকা অৱস্থাতে অধ্যক্ষগৰাকীয়ে সকলো জানি বুজিও শাস্তি দিয়া বুলি চৰ্চালৈ আহিছে ৷ এই সন্দৰ্ভত কনিষ্ঠ মহাবিদ্যালয়খনৰে এগৰাকী শিক্ষয়িত্ৰীয়ে কয়, ‘‘সোমবাৰে ছাত্ৰীগৰাকী বিদ্যালয়লৈ অহা নাছিল, যাৰ বাবে তেওঁ অধ্যক্ষ মহোদয়ক কাৰণ দৰ্শাই এখন আবেদন দিয়ে ৷ সেই আবেদনখনত ছাত্ৰীগৰাকীয়ে সকলো কথা উল্লেখ কৰে ৷ অৱশ্যে ছাত্ৰীগৰাকীয়ে আবেদনখনত অভিভাৱকৰ চহী কৰি অনাৰ বিপৰীতে তেওঁৰ পিতৃ-মাতৃৰ ফোন নম্বৰ লিখি দিয়ে ৷ এই কথাতে ক্ষুব্ধ হৈ পৰে অধ্যক্ষগৰাকী ৷ অধ্যক্ষগৰাকীৰ খং উঠা দেখি ছাত্ৰীগৰাকীয়ে আবেদনখনত অভিভাৱকৰ চহী কৰাই আনো নেকি বুলি সোধে ৷ কিন্তু অধ্যক্ষগৰাকীয়ে ছাত্ৰীগৰাকীৰ কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয় ৷’’

শিক্ষয়িত্ৰীগৰাকীয়ে আৰু কয়, ‘‘মই যেতিয়া অন্য এটা শ্ৰেণীত পাঠদান কৰাবলৈ যাওঁ তেতিয়া ছাত্ৰীগৰাকীক আন দুজন ছাত্ৰৰ সৈতে বাহিৰত থিয় কৰাই থোৱা দেখিবলৈ পাওঁ ৷ বহুসময় ধৰি বাহিৰত থিয় হৈ থকাৰ ফলত ঋতুস্ৰাৱ চলি থকাৰ বাবে ছাত্ৰীগৰাকীৰ অবস্থা শোচনীয় হৈ পৰে । ছাত্ৰীগৰাকীৰ অৱস্থা দেখি একেলগে বাহিৰত থিয় হৈ থকা এজন ছাত্ৰই মোক কয় ৷ তাৰ পাছতেই ততাতৈয়াকৈ মই ছাত্ৰীগৰাকীক কমন ৰূমলৈ নিও ৷ কিন্তু সেই সময়ত ছাত্ৰীগৰাকী মোৰ লগত যাবলৈ প্ৰস্তুত নাছিল ৷ কাৰণ সেই ঠাইৰ পৰা আঁতৰি গ’লে তেওঁ অধ্যক্ষগৰাকীৰ খঙৰ কাৰণ হৈ পৰিব বুলি ভয় খাইছিল ৷’’
ইতিমধ্যে এই ঘটনাৰ পাছতেই মহাবিদ্যালয়খনত কৰ্মৰত হৈ থকা দুগৰাকী শিক্ষয়িত্ৰীয়ে চাকৰিৰ পৰা পদত্যাগ কৰে ৷ বৰ্তমান এই ঘটনাই দেৰগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
আনহাতে এই সমগ্ৰ ঘটনা এক পৰিকল্পিত ঘটনা বুলি অভিহিত কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ভাস্কৰ বৰাই । তেওঁক সংবাদ মাধ্যমৰ লোকে বহু প্ৰশ্ন কৰে যদিও তেওঁ বিশেষ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ তেওঁ বাৰে বাৰে মাত্ৰ এটা কথাই কয়, ‘‘সময় আহিলে মই সকলো কথা খুলি ক’ম ৷ এয়া একপক্ষীয়ভাৱে হৈ আছে ৷ পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ সন্মুখত সকলো তথ্য সদৰী কৰিম ৷’’

