এটকা দৰো নাপাই কৃষকে, অথচ বজাৰত বিলাহীৰ কিলো ৪০-৬০ টকা
কুইণ্টলে কুইণ্টলে পকা বিলাহী আৱৰ্জনাৰ দৰে পেলাবলগীয়া হৈছে কৃষকে ৷

Published : June 2, 2026 at 7:40 PM IST
যোৰহাট: বিলাহীৰ বাবে বিপাঙত পৰিছে কৃষক ৷ বেংকৰ পৰা লাখ লাখ টকা ঋণ লৈ কৃষকে কৰিছিল বিলাহী খেতি ৷ কিন্তু বিলাহী খেতিৰে ঘৰ পোহপাল দিয়াৰ চিন্তা কৰা কৃষকে এতিয়া চৰম হতাশাত ভুগিব লগীয়া হৈছে ৷ কাৰণ কৃষকে লাভ কৰা নাই বিলাহীৰ উপযুক্ত মূল্য ৷ সেয়ে উপায়হীন খেতিয়কে কুইণ্টলে কুইণ্টলে পেলাই দিছে পকe বিলাহী ৷
উল্লেখ্য যে, দেৰগাঁৱৰ দেবীথান নাককাটি অঞ্চলৰ কৃষকসকল এতিয়া চৰম হতাশাত ভুগিব লগা হৈছে ৷ কাৰণ তেওঁলোকে কৰিছিল বিলাহী খেতি। বিলাহীত উপযুক্ত মূল্য নাপাই খেতিয়কসকলে কুইণ্টলে কুইণ্টলে পকা বিলাহী আৱৰ্জনাৰ দৰে পেলাই দিবলগীয়া হৈছে । উৎপাদন খৰচ দূৰৈৰ কথা, বজাৰলৈ নিয়া বিলাহীখিনিৰ পৰিবহণ খৰচো নোপোৱাত খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছে ।
আনহাতে, খেতিয়কে এটকাতো বিক্ৰী কৰিব নোৱৰা সেই বিলাহী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত গ্ৰাহকে উচ্চদৰত কিনিব লগা হৈছে । যোৰহাটৰ দেওবৰীয়া বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহী ৪০-৬০ টকা দৰত বিক্ৰী হৈছে । কিন্তু খেতিয়কসকলে প্ৰতি কিলোগ্ৰাম বিলাহী ১ টকাকৈও লাভ কৰা নাই ৷ সেয়ে চৰকাৰৰ ওচৰত সহায়ৰ বাবে হাত পাতিছে দুৰ্ভগীয়া কৃষকে ৷
এই সন্দৰ্ভত বিলাহী খেতিয়ক এজন কয়,"বিলাহী খেতি কৰি খেতিয়কৰ বিপৰ্যয় হৈছে ৷ বিলাহী খেতিত আমি লাখ টকা খৰচ কৰিলো, আমাৰ নিজৰ মূলধনেই নাপালো ৷ মূলধন বাদেই দিলো, হাজিৰা কৰা পইচাটোও ঘৰৰ পৰা দিব লগা হৈছে । এতিয়া বিলাহী প্ৰতি কেজি দুই, তিনি টকা হৈছে । কৃষকে উচিত মূল্য নাপালে কোনো কৃষকে চৰম পন্থা ল'ব লাগিব যেন দেখিছো । সেয়েহে চৰকাৰে কৃষকসকলক সহায় কৰক ৷"
কৃষকজনে লগতে কয়," আমি বেংকৰ পৰা ঋণ লৈ কৃষি কৰিছিলো ৷ পিছলৈ যদি আকৌ খেতি কৰিব লাগে তেতিয়া গৰু, ছাগলী বিক্ৰী কৰিব লাগিব ।এতিয়া আমি খেতিৰ পৰিবৰ্তে আনৰ ঘৰত হাজিৰা কৰিব লাগিব । পথাৰত বিলাহী উভৈনদী হৈ আছে যদিও কোনো বেপাৰীয়ে ল'বলৈ নাহে ৷ ফলত পথাৰতে বিলাহী নষ্ট হ'বলৈ আৰম্ভ কৰিছে ৷"
লগতে পঢ়ক:কিয় একেলগে, একেটা সময়তে গুৱাহাটীত বাজি উঠিল হাজাৰ হাজাৰ মোবাইল ?

