ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত শীতৰ প্ৰকোপ আৰু শুকান বতৰৰ ধাৰাবাহিকতা; ঘন কুঁৱলীৰ সতৰ্কতা জাৰি

ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।

WEATHER IN ASSAM
ৰাজ্যত এতিয়া হাড় কঁপোৱা শীত(ফাইল ফটো) (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 10:56 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: ৰাজ্যত ভূমিকম্পৰ পিছতে বতৰৰ পৰিৱৰ্তনৰ জাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । আগন্তুক ৫ টা দিনত ৰাজ্যত আৰু অধিক হ'ব শীতৰ প্ৰকোপ । উত্তৰ-পূবৰ লগতে সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বাঢ়িব এই শীত । শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিলে বিভাগে ।

ঘন কুঁৱলীয়ে আবৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD), আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বাভাস অনুসৰি আগন্তুক কেইটামানদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অংশত শীত আৰু প্ৰধানকৈ শুকান বতৰ অব্যাহত থাকিব । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

WEATHER IN ASSAM
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতা (ETV Bharat Assam)

৫ জানুৱাৰীত প্ৰকাশিত দৈনিক বতৰৰ প্ৰতিবেদন অনুসৰি অৰুণাচল প্ৰদেশৰ কিছুমান স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । লগতে ৰাজ্যখনৰ ওখ পাহাৰীয়া অঞ্চলসমূহত আগন্তুক দুদিনত পাতলৰ পৰা মধ্যম পৰ্যায়ৰ তুষাৰপাত হ’ব পাৰে ৷

আনহাতে, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত মূলতঃ শুকান বতৰেই বিদ্যমান থাকিব বুলি জানিবলৈ দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

তাপমাত্ৰাৰ ধাৰা

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানীসকলৰ মতে সৰ্বনিম্ন তাপমাত্ৰাত বিশেষ পৰিবর্তন নহ’ব যদিও ক্ৰমে সামান্য বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকিব পাৰে । কিন্তু সমগ্ৰ অঞ্চলটোত সৰ্বোচ্চ তাপমাত্ৰা ২-৩ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত পুৱা আৰু নিশাৰ ভাগত শীতৰ অনুভূতি অধিক হ’ব ।

আগন্তুক পাঁচদিনৰ কুঁৱলী সতৰ্কতা

উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে ঘন কুঁৱলীৰ সতৰ্কতা জাৰি কৰা হৈছে -

প্ৰথম আৰু দ্বিতীয় দিন: অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছুমান স্থানত ঘন কুঁৱলী হোৱাৰ সম্ভাৱনা ।

WEATHER IN ASSAM
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা সতৰ্কতা (ETV Bharat Assam)

তৃতীয় দিন: অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰামত কুঁৱলী দেখা যাব পাৰে ।

চতুৰ্থ আৰু পঞ্চম দিন: অসম, মেঘালয় আৰু মণিপুৰৰ কিছুমান অঞ্চলত কুঁৱলীৰ প্ৰভাৱ অব্যাহত থাকিব ।

ইয়াৰোপৰিও পুৱাৰ সময়ত বহু ৰাজ্যৰ বিভিন্ন স্থানত পাতলৰ পৰা মধ্যম পৰ্যায়ৰ কুঁৱলীৰ ফলত দৃষ্টিসীমা ক্ষীণ হ’ব পাৰে ।

গুৱাহাটীৰ পূৰ্বাভাস: শীতল পুৱা অব্যাহত

গুৱাহাটী আৰু ওচৰ-পাঁজৰৰ অঞ্চলসমূহৰ বাবে আগন্তুক ৭ দিনৰ স্থানীয় পূৰ্বাভাস অনুসৰি -
পুৱা কুঁৱলী, পাছলৈ আংশিক মেঘ অথবা পৰিষ্কাৰ আকাশ ।

সৰ্বোচ্চ তাপমাত্ৰা ২২°-২৩° ছেলচিয়াছৰ ভিতৰত থাকিব ।

সৰ্বনিম্ন তাপমাত্ৰা সপ্তাহৰ শেষফালে ১৪°-১২° ছেলচিয়াছলৈ নামিব পাৰে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ

ঘন কুঁৱলীৰ ফলত বিশেষকৈ পুৱাৰ সময়ত ৰাজপথ আৰু নদী-কাষৰীয়া অঞ্চলত যাতায়াত কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ নাগৰিকসকলক পৰামৰ্শ দিয়া হৈছে । কৃষক আৰু যাত্ৰীবোৰকো নিয়মিতভাৱে বতৰ বিজ্ঞানৰ শেহতীয়া পূর্বাভাষ অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ সামগ্ৰিকভাৱে, উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক কেইদিন স্থিৰ যদিও শীতকালীন বতৰ অব্যাহত থাকিব আৰু এই সময়ছোৱাত কুঁৱলীয়েই মুখ্য চিন্তাৰ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: পুহমহীয়া জাৰ : মঙলবাৰৰ পৰা এখন জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ