৩১ ডিচেম্বৰলৈ অসমত অব্যাহত থাকিব ঘন কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ
ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ । দেওবাৰে গুৱাহাটীৰ সৰ্বনিম্ন তাপমান ১৪.৯ ডিগ্ৰী চেলছিয়াছ । সৰ্বোচ্চ তাপমান আছিল ১৯ ডিগ্ৰী চেলছিয়াছ ।

Published : December 28, 2025 at 9:07 PM IST
গুৱাহাটী: শীতৰ আমেজ মানেই সেমেকা পুৱা, ডাঠ কুঁৱলী, জুইৰ উম, গৰম কাপোৰৰ আনন্দকে ধৰি বহুতো । শীতৰো আছে সুকীয়া আমেজ । গুৱাহাটীকে ধৰি ৰাজ্যবাসী এতিয়া শীতৰ সেই আমেজৰ মাজত । পুহ মাহ সোমোৱাৰ লগে লগে ৰাজ্যত নামি আহিছে শীত । বিগত দুদিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ।
আজি বছৰটোৰ অন্তিমটো দেওবাৰ আৰু আজিৰ দিনটোত শীতৰ আমেজ লৈ বহুতে বনভোজৰ আনন্দ উপভোগ কৰে । আজিৰ দিনটোত প্ৰায় কুঁৱলীৰ মাজতে পাৰ হয় । ৰাজ্যখনৰ সমান্তৰালকৈ ৰাজধানী চহৰ মহানগৰী গুৱাহাটীতো শীতৰ প্ৰকোপ কিছু বৃদ্ধি পাইছে । আজি দেওবাৰ হোৱাৰ বাবে বহুতে ঘৰতে থাকি আৰু আন বহুতে পৰিয়ালৰ সৈতে ফুৰিবলৈ ওলাই গৈ নাইবা বনভোজ খাবলৈ গৈ শীতৰ আমেজ লয় ।

ইফালে, গুৱাহাটীৰ বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ক্ষেত্রীয় মুৰব্বী তথা বিজ্ঞানী সঞ্জয় অনিল শ্ব'ৱে দিয়া তথ্য মতে, আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বনিম্ন তাপমান আছিল ১৪.৯ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ তাপমান আছিল ১৯ ডিগ্ৰী চেলছিয়াছ । সেইদৰে তাপমান ডিব্ৰুগড়ত ১৩-২৬ ডিগ্ৰী, তেজপুৰত ১৩.৭-২৩ ডিগ্ৰী, শিলচৰত ১৩-২৬.২ ডিগ্ৰী, ধুবুৰীত ১৪-১৭.৩ ডিগ্ৰী, যোৰহাটত ১১.২-২৫.৭ ডিগ্ৰী, উত্তৰ লখিমপুৰত ১১-২৭.২ ডিগ্ৰী আৰু চাপৰমুখত ১০-২৩ ডিগ্ৰী চেলছিয়াছ আছিল ।
আনহাতে ৩১ ডিচেম্বৰলৈ ৰাজ্যৰ প্ৰায় সংখ্যক জিলাতেই ঘন কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ অব্যাহত থাকিব । লগতে ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে বুলি সঞ্জয় অনিল শ্ব'ৱে জানিবলৈ দিয়ে । আগন্তুক চাৰি-পাঁচদিনলৈ গুৱাহাটীত শীতৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে বিগত কেইদিন ধৰি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ দেখা গৈছে ডাঠ কুঁৱলী আৱৰণ । ডাঠ কু্ঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ সতৰ্কতা অৱলম্বনৰ বাবে আহ্বান জনাইছে । অহা ৩১ ডিচেম্বৰলৈকে ৰাজ্যৰ ২৯ খন জিলাত প্ৰচণ্ড ঘন কুঁৱলী পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
এনেক্ষেত্ৰত ৰাজপথত যান-বাহন চলাওঁতে চালকসকলে সাৱধানতা অৱলম্বন কৰাটো নিতান্তই প্ৰয়োজন । পৰাপক্ষত বাহনত হেডলাইট জ্বলাই লাগে লাহে যান-বাহন চলাবলৈ আহ্বান জনোৱা হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক তিনি-চাৰিদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ লগতে দিনৰ ভাগত তাপমাত্ৰা যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । তেনেস্থলত শীতৰ প্ৰকোপ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ শুকান হৈ পৰিছে । বহুদিন ধৰি বৰষুণ নহাৰ ফলত গুৱাহাটীৰ পৰিৱেশ ধূলিময় হৈ পৰিছে । গছ-বন সকলোতে পৰিছে ধূলিৰ আৱৰণ । অৱশ্যে ডাঠ কুঁৱলীৱে পৰিৱেশ কিছু পৰিমাণে সলনি কৰিছে । গুৱাহাটী মহানগৰীত নামি অহা শীতৰ বাবে ঠায়ে ঠায়ে জুই জ্বলাই ৰাইজে আমেজ লোৱা পৰিলক্ষিত হৈছে ।

