কলগাছিয়াত পথৰ মাজতে পুখুৰী সদৃশ গাঁত, সঘনাই দুৰ্ঘটনা
মৰণ ফান্দত পৰিণত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ ।

Published : July 3, 2026 at 3:10 PM IST
জনীয়া: কলগাছিয়াৰ ডিমাপুৰ গাঁৱত মৰণ ফান্দত পৰিণত হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ । পথৰ মাজত থকা পুখুৰী সদৃশ গাঁতে যাতায়তৰ ক্ষেত্ৰত সৃষ্টি কৰিছে সমস্যাৰ । জৰুৰীকালিন সময়ত ৰোগীক এই পথেৰে নিয়াটো সকলোৰে বাবে হৈ পৰিছে প্ৰত্য়াহ্বান ।
মনাকচা গাঁৱৰ পিএমজিএছৱাই পথৰ দূৰৱস্থাই নৰক যন্ত্ৰণা ভোগাইছে ৰাইজক । দৈনিক হাজাৰ হাজাৰ লোকে যাতায়ত কৰা অতি ব্যস্ততাপূৰ্ণ পথ দুটা ৰাইজে শীঘ্ৰে মেৰামতি কৰিবলৈ স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক দাবী জনাইছে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা মন্দিয়া বিধানসভা সমষ্টিৰ ডিমাপুৰ গাঁৱৰ আমতলা চাৰিআলি চ'কৰ পৰা পশ্চিম ফালে মনাকচা গাঁৱলৈ যোৱা অতি ব্যস্ততাপূৰ্ণ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এই পকী পথটো দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ থকাত ৰাস্তাৰ মাজতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত ।
এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "ডিমাপুৰ গাঁৱৰ আমতলা চাৰিআলি চ'কৰ পৰা পশ্চিম ফালে মনাকচা গাঁৱলৈ যোৱা অতি ব্যস্ততাপূৰ্ণ পকী পথটো বিধ্বস্ত হৈ পৰিছে । পকী ভাঙি যোৱাৰ ফলত পিলপিলিবোৰ পৰি যায় । ছাত্ৰ-ছাত্ৰীয়ে এই পথেদি অহা-যোৱা কৰোতে সমস্য়াৰ সন্মুখীন হয় । এই পথটো নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰা হৈছে যদিও সম্পূৰ্ণ হোৱা নাই । সেইবাবে পথটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছো ।"
আন এজন স্থানীয় ব্য়ক্তিয়ে এই সন্দৰ্ভত কয়, "এজাক সাধাৰণ বৰষুণ দিলেই পথটো বিধ্বস্ত হৈ পৰে । ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্য়াৰ সন্মুখীন হৈছে ।"
জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ :
ইপিনে, পশ্চিম ডিমাপুৰ গাঁৱৰ পথটো দীৰ্ঘদিন ধৰি বোকা পানীৰে ভৰি থকাত প্ৰায় ব্যাহত হৈ পৰিছে যাতায়ত । আনকি এই পথটোত কঠীয়া ৰুব পৰা অৱস্থাৰ সৃষ্টি হৈছে যদিও কোনো এজন জনপ্ৰতিনিধিয়েও মেৰামতি কৰিবলৈ আগবাঢ়ি অহা নাই । ডিমাপুৰৰ পৰা মনাকচালৈ যোৱা পথ আৰু পশ্চিম ডিমাপুৰ গাঁৱৰ অতি ব্যস্ততাপূৰ্ণ পথ দুটাৰে দৈনিক হাজাৰ হাজাৰ লোক, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু পথচাৰীসকলে যাতায়ত কৰে । এই বিধ্বস্ত পথটোৰ বাবেই সঘনাই সংঘটিত হয় দুৰ্ঘটনা ।

উল্লেখ্য় যে, ২০২৬ বৰ্ষৰ ১২ মাৰ্চত জনীয়া বিধানসভা সমষ্টিৰ তদানীন্তন বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে এছঅ'পিজি-জি আঁচনিৰ দ্বাৰা ডিমাপুৰ গাঁৱৰ পৰা মনাকচালৈ যোৱা পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈকে নিৰ্মাণকাৰ্য আৰম্ভই হোৱা নাই । ৰাস্তাৰ দুৰৱস্থাৰ বাবেই কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া কেকে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়, চকলা চিকে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হয় ।
গাঁৱলৈ যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন :
ইফালে, ক'ৰবাত জুই লাগিলে বা কাৰোবাৰ বেমাৰ হ'লে ঠেক ৰাস্তাৰ বাবে সময়মতে উপস্থিত হ'ব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন । সেয়েহে শীঘ্ৰে এই পথ দুটাৰ মেৰামতি কৰি যাতায়তৰ উপযোগী কৰিবলৈ মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।
লগতে পঢ়ক:ছোৱালী চাবলৈ আহিও ঘূৰি যায় দৰা ! বিয়া ভঙা এটা আপদীয়া বাটৰ কাহিনী.
মৰণফান্দত পৰিণত কাঠৰ দলং, আন গাড়ী বাদেই এম্বুলেঞ্চো সোমাব নোৱাৰে গাঁৱত

