ETV Bharat / state

প্ৰকৃতি সেউজীয়া কৰাৰ লক্ষ্যৰে ৩৭ বছৰে বিৰামহীনভাবে কাম কৰা এগৰাকী প্ৰকৃতিপ্ৰেমী

ৰাইজৰ মাজত প্ৰকৃতি সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাৰ্তা বিলোৱা দেহ বৰা ।

Deh Bora, a nature lover who has been working for 37 years with the aim of making nature green
৩৭ বছৰে বিৰামহীনভাবে কাম কৰা এগৰাকী প্ৰকৃতিপ্ৰেমী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 5:43 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: আজি বিশ্ব পৰিৱেশ দিৱস । ১৯৭২ চনত ষ্টকহ’মত অনুষ্ঠিত মানৱ পৰিৱেশ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ সময়ত এই দিৱস অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল । সেই বছৰৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৫ জুনৰ দিনটোক আনুষ্ঠানিকভাৱে বিশ্ব পৰিৱেশ দিৱস হিচাপে নিৰ্ধাৰণ কৰে ।

প্ৰকৃতি, জৈৱ বৈচিত্ৰ সুৰক্ষাৰ বাবে আজি সকলোৱে ৰুইছে গছপুলি । প্ৰকৃতিৰ বাবে সকলোৱে এই দিনটোত সংকল্প লৈছে । এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এজন ব্যক্তিৰ বিষয়ে ক'ব খুজিছো, যিগৰাকীয়ে প্ৰকৃতিৰ বাবে নিজক উছৰ্গা কৰিছে । বিলাই দিছে প্ৰকৃতি সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ ৰক্ষাৰ বাৰ্তা । এইগৰাকী ব্যক্তি হৈছে যোৰহাটৰ গৰুমৰাৰ দেহ বৰা ।

৩৭ বছৰে বিৰামহীনভাবে কাম কৰা এগৰাকী প্ৰকৃতিপ্ৰেমী (ETV Bharat Assam)

বিগত ৩৭ বছৰে প্ৰকৃতি সেউজীয়া কৰি তোলাৰ লক্ষ্যৰে কাম কৰি আহিছে । নিজৰ একক প্ৰচেষ্টাৰে ১৪ বিঘা মাটিত গছপুলি ৰোপণ কৰি গঢ়ি তুলিছে সেউজ স্বৰ্গ । তেওঁ জীৱ-জন্তু, চৰাই চিৰিকটি, পখিলা, মৌ-মাখিৰ বাবে সুকীয়াকৈ গঢ়ি তুলিছে অৰণ্য ।

তেওঁ পুৱা শোৱাপাটিৰ পৰা উঠিয়ে সেউজীয়া পৃথিবীখনলৈ চকু ফুৰায় । হাতত এটা বেগ আৰু এখন কোৰ লৈ ওলাই আহে গছপুলি ৰোপণ কৰিবলৈ । তেওঁ গছপুলি ৰোপণ কৰি সকলোকে পৃথিৱীখন সেউজীয়া কৰি তুলিবলৈ আহ্বান জনাইছে ।

৩৭ বছৰে বিৰামহীনভাবে কাম কৰা এগৰাকী প্ৰকৃতিপ্ৰেমী (ETV Bharat Assam)

প্ৰকৃতিপ্ৰেমী দেহ বৰাই আজিৰ এই বিশেষ দিনটো বুলিয়ে নহয়, প্ৰত্যেক দিনাই কাম কৰি আহিছে প্ৰকৃতিৰ বাবে । বিশ্ব পৰিৱেশ দিৱসৰ দিনা নিজা চাৰিবেৰাৰ ভিতৰত গছপুলি ৰোপণ কৰিয়ে ক্ষান্ত থকা নাই, বিভিন্ন ঠাইতো ৰোপণ কৰিছে গছপুলি । তেওঁ ১৪ বিঘা ভূমিত গঢ়া অৰণ্যত বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু বিভিন্ন প্ৰজাতিৰ ৰঙীন পখিলা বিৰাজমান ।

Deh Bora, a nature lover who has been working for 37 years with the aim of making nature green
প্ৰকৃতিপ্ৰেমী দেহ বৰা (ETV Bharat Assam)

এই সন্দৰ্ভত দেহ বৰাই কয়, "৩৭টা বছৰে মই প্ৰকৃতিৰ বাবে কাম কৰি আহিছো । এদিনো ৰৈ নাথাকো । যিমানেই মানুহ ইয়ালৈ আহে সিমানেই মোৰ ভাল লাগে । বিভিন্ন শিক্ষানুষ্ঠানত মই গঢ়ি তুলিছো ফুলৰ উদ্যান আৰু শিক্ষাৰ্থীসকলক লগত লৈ ৰোপণ কৰিছো গছপুলি । অৰণ্যখনত হৰিণা, শহাপহু, মেচেকা, শিয়াল, বিভিন্ন ধৰণৰ সৰীসৃপ, দেশী-বিদেশী পক্ষীকে আদি কৰি বিভিন্ন জীৱ-জন্তু পোৱা যায় ।"

Deh Bora, a nature lover who has been working for 37 years with the aim of making nature green
প্ৰকৃতিপ্ৰেমী দেহ বৰা (ETV Bharat Assam)

দেহ বৰাৰ একক প্ৰচেষ্টাত গঢ়ি উঠা অৰণ্যখনত হৰিণা, শহাপহু, মেচেকা, শিয়াল, বিভিন্ন ধৰণৰ সৰীসৃপ, দেশী-বিদেশী পক্ষীকে আদি কৰি বিভিন্ন জীৱ-জন্তু পোৱা যায় । আনহাতে হাতী আৰু মানুহৰ সংঘাত ৰোধৰ বাবে তেওঁ গঢ়ি তোলা বনাঞ্চলখনৰ কাষে কাষে আৰু বৃহৎ এলেকাত ভীমকল, কঁঠাল, আম আদি ৰোপণ কৰিছে ।

Deh Bora, a nature lover who has been working for 37 years with the aim of making nature green
প্ৰকৃতিপ্ৰেমী দেহ বৰা (ETV Bharat Assam)

উল্লেখ্য় যে দেহ বৰাই গঢ়ি তোলা পখিলা উদ্যান, ফল-মূলৰ উদ্যান তথা বিশাল অৰণ্যলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমীয়ে আহি সুবাস গ্ৰহণ কৰিছে । আনহাতে এইগৰাকী প্ৰকৃতিপ্ৰেমী দেহ বৰাই হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত সৃষ্টি কৰিছে এখন ফুলৰ উদ্যান ।

লগতে পঢ়ক:হাতী বন্ধুৰ প্ৰচেষ্টাত হেৰোৱা মৰ্যাদা ঘূৰাই পালে টকলা হৈ পৰা এখন পাহাৰে

টীয়কৰ জুবিন সেউজ চাপৰিতো বিশ্ব পৰিৱেশ দিৱস পালন, ৬,০০০ গছপুলি ৰোপণ