ETV Bharat / state

নলনী সংৰক্ষিত বনাঞ্চলত ধ্বংসযজ্ঞ; দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ

বন বিভাগৰ হেমাহিৰ বাবে নলনী সংৰক্ষিত বনাঞ্চলত ধ্বংসযজ্ঞ । বন বিষয়াৰ বিৰুদ্ধে অভিযোগৰ আঙুলি ৰাইজৰ ।

Nalani Reserved Forest
নলনী সংৰক্ষিত বনাঞ্চলত ধ্বংসযজ্ঞ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 4:05 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : কি চলিছে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নলনী সংৰক্ষিত বনাঞ্চলত ? লাহে লাহে ধ্বংসৰ দিশে গতি কৰিছে বনাঞ্চলখন । ৰাইজৰ অভিযোগ অনুসৰি বনাঞ্চলখনৰ গছ কাটি তহিলং কৰিছে বন মাফিয়াই । বন বিভাগে ৰোপণ কৰা হোলোং গছৰ ওপৰতো চকু দুৰ্বৃত্তৰ । দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে বনাঞ্চলৰ এটা অংশত । যাৰ ফলত ধ্বংস হ'ল ২০২৩-২৪ বৰ্ষত ৰোপণ কৰা হোলোং গছৰ পুলি ।

উল্লেখ্য যে, সংৰক্ষিত বনাঞ্চলক সেউজকৰণৰ লক্ষ্যৰে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ২ নং নলনীত থকা নলনী সংৰক্ষিত বনাঞ্চলত ২০২৩-২৪ বৰ্ষত প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে 'CAMPA' আঁচনিৰ অধীনত অসমৰ ৰাজ্যিক গছ হোলোঙৰ পুলি ৰোপণ কৰা হৈছিল ।

নলনী সংৰক্ষিত বনাঞ্চলত ধ্বংসযজ্ঞ (ETV Bharat)

বনাঞ্চলখনৰ প্ৰায় ৫ হেক্টৰ ভূমিত কেইবাহাজাৰ হোলোং গছৰ পুলি ৰোপণ কৰা হৈছিল । কিন্তু বৰ্তমান সময়ত বনাঞ্চলখনত দেখিবলৈ পোৱা নাযায় বন বিভাগে ৰোপণ কৰা হোলোং পুলিসমূহ । যি দুই এটা পুলি আছিল সেয়াও দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত মৰি থাকিল ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, বন বিভাগে হোলোং গছৰ মৰহি যোৱা পুলি বনাঞ্চলখনৰ ভিতৰত ৰোপণ কৰিছিল । যাৰ ফলত বৰ্তমান প্ৰায় ৯৫ শতাংশ গছ পুলিয়ে নোহোৱা হৈছে বা গছপুলিসমূহ নষ্ট হৈছে । আনহাতে শেহতীয়াকৈ বনাঞ্চলখনৰ এটা অংশত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে ।

ৰাইজে অভিযোগ কৰা মতে বনাঞ্চলখনৰ ডাঙৰ হোলোং গছসমূহৰ ওপৰত বন মাফিয়াৰ চকু পৰিছে । দীৰ্ঘদিনে বনাঞ্চলখনত বন ধ্বংসযজ্ঞ চলি আছে । বন বিভাগৰ ছত্ৰছায়াতে এই বন ধ্বংসযজ্ঞ চলাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ইফালে বনাঞ্চলখনত অগ্নিসংযোগ কৰাৰ ৭২ ঘণ্টাৰ পিছতহে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে । ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া মেহেদী হাছানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল ।

আনহাতে ৰাইজৰ এই অভিযোগ নস্যাৎ কৰি বনাঞ্চলিক বিষয়া মেহেদী হাছানে দিলে উদ্ভট যুক্তি । তেওঁ কয়, "কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ বাবে সঘনাই চাই থাকিব নোৱাৰো ৷ স্থানীয় লোকসকলে ইয়াত গৰু-ছাগলী বান্ধে । বহুলোকে ইয়াত প্ৰৱেশ কৰি সুৰাপান কৰে । তেনেকৈ কিবা কাৰণত জুই লাগিল ৷ পাছত আমাৰ মানুহ আহি জুই নুমুৱালে । আমাৰ গাড়ীও নাই, মটৰচাইকেলত আহিব লগা হয় । গছৰ পুলি এটা এটাকৈ আমি বচাব নোৱাৰোঁ । সেইটো আমাৰ হাতত নাই । ধন আহিলে আমি লগা লগ কাম কৰো ।"

এগৰাকী বন বিষয়াৰ এই ধৰণৰ দায়সৰা মন্তব্যক লৈ সমগ্ৰ তিনিচুকীয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "আধামৰা পুলি ইয়াত ৰুলে । আমি তেতিয়াৰ পৰাই প্ৰতিবাদ জনাই আহিছোঁ যে ইয়াত এজন চকীদাৰ লাগে, ভাল পুলি আনি ৰোৱক । আজি দেখিবলৈ পাইছে কোনো দুষ্কৃতিকাৰীয়ে পুলিখিনি জ্বলাই দিলে । ১০ হাজাৰ পুলিৰ ভিতৰত এতিয়া ১০ টাও নাপায় । মেহেদী হাছান নামৰ বিষয়াগৰাকীৰ হেমাহিৰ বাবে আজিৰ তাৰিখত বন বিভাগ ধ্বংসৰ পথলৈ গৈছে । তেওঁ কৈছে গাড়ী নাই বাইকত আহিব লাগে । হাছানে বন বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ।"

লগতে পঢ়ক :কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম : এখন গাঁৱে দেখুৱাইছে বিকশিত অসমৰ নমুনা