গেলাপুখুৰী চাহ বাগিচাত মাথোঁ কান্দোনৰ ৰোল: মৃতদেহ আহি পোৱাৰ পাছতে ঢলি পৰিছে ইগৰাকীৰ পাছত সিগৰাকী
এইপৰ্যন্ত ২২ গৰাকীৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ১৭ গৰাকীৰ মৃতদেহ । গাড়ীখনৰ ভিতৰত আৰু মৃতদেহ সোমাই থকাৰ সন্দেহ ।

Published : December 13, 2025 at 7:43 PM IST
তিনিচুকীয়া: গেলাপুখুৰী চাহ বাগিচাত চাৰিওফালে মাথোঁ কান্দোনৰ ৰোল ৷ আপোনজনক হেৰুৱাই ঢলি পৰিছে ইগৰাকীৰ পাছত সিগৰাকী ৷ শাৰী শাৰীকৈ ছয়খনকৈ এম্বুলেন্সত ছয়গৰাকী শ্ৰমিকৰ মৃতদেহ গেলাপুখুৰী চাহ বাগিচাত উপস্থিত হোৱাৰ পিছতেই কোনোৱে কল্পনা কৰিব নোৱৰা এক কৰুণ দৃশ্য় দেখি সকলোৰে অন্তৰে কান্দি উঠিল ।
পূৰ্বৰে পৰা জিলা প্ৰশাসনে সাজু কৰি ৰখা খেলপথাৰলৈ আজি ছয়গৰাকী শ্ৰমিকৰ মৃতদেহ লৈ অনা হয় । মৃতদেহ আহি পোৱাৰ পাছতে সকলোফালে মাথোঁ কান্দোনৰ ৰোল ৷ পৰিয়ালৰ লোকসকলে আপোনজনক হেৰুৱাই কান্দোনত ভাগি পৰি মূৰ্চ্ছা যায় ৷ খেলপথাৰতে ঢলি পৰে ইগৰাকীৰ পাছত সিগৰাকী ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো সাজু কৰি ৰখাৰ লগতে শেষ বিদায় দিবলৈ একত্ৰিত হয় স্থানীয় লোকসকল ।
আজি উপস্থিত হোৱা ছয়গৰাকী শ্ৰমিকৰ মৃতদেহৰ ভিতৰত আছে গেলাপুখুৰী চাহ বাগিচাৰ অভয় ভূমিজ, সঞ্জয় কুমাৰ, অগৰ তাঁতী, ৰাজনী নাগ, ৰাহুল কুমাৰ আৰু ধেলাখাট চাহ বাগিচাৰ জুনাছ মুণ্ডা ৷ পৰৱৰ্তী সময়ত ৰাজহুৱা শ্মশানত সাজু কৰি ৰখা স্থানত বহুসংখ্যক লোকৰ উপস্থিতিত শেষকৃত্য় সম্পন্ন কৰা হয় ।
যোৱা ৮ ডিচেম্বৰ সোমবাৰে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সংঘটিত দুৰ্ঘটনাত নিহত হৈছিল ২১ গৰাকীকৈ শ্ৰমিক ৷ সমগ্ৰ ঘটনা বৃহস্পতিবাৰে পোহৰলৈ অহাৰ পাছত শুকুৰবাৰে এন ডি আৰ এফ আৰু সেনাৰ দলে চলোৱা অভিযানৰ অন্তত ৭০০ মিটাৰ গভীৰতাৰ পৰা ৬ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰ পাছত অৰুণাচল প্ৰদেশতেই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি শনিবাৰে প্ৰথমে মৃতদেহকেইটা তিনিচুকীয়া আহি পোৱাৰ লগে লগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে জিলা প্ৰশাসনে । তাৰ পাছতে শাৰী শাৰীকৈ ছয়খনকৈ এম্বুলেন্সত ছয় গৰাকী শ্ৰমিকৰ মৃতদেহ গেলাপুখুৰী চাহ বাগিচালৈ অনা হয় ৷
ইফালে, শুকুৰবাৰে ৬ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছত আজি পুৱাৰ পৰা চলোৱা অভিযানত ১১ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত স্বপ্নীল পালে । এইপৰ্যন্ত ২২ গৰাকীৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ১৭ গৰাকীৰ মৃতদেহ । এগৰাকী আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু চাৰিগৰাকী বৰ্তমান সন্ধানহীন হৈ আছে । সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হোৱা মন্ত্ৰী বিমল বড়াই শিহৰণকাৰী ঘটনাৰ বিৱৰণ দিয়াৰ লগতে কয়, "গাড়ীখন ওপৰৰ পৰা দেখা পোৱা নাযায় । সন্দেহ কৰা হৈছে গাড়ীখনৰ ভিতৰত আৰু মৃতদেহ সোমাই আছে । গাড়ীখন উদ্ধাৰ কৰিব পৰা নাই । গাড়ীখনৰ কাষলৈ গ’লেই শিলগুটি বাগৰি আহে । গতিকে গেছ কাটাৰে গাড়ীখন কাটিবলৈ চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে ৷"

