বিহুমঞ্চত সুধাকণ্ঠৰ স্মৃতিত অনুষ্ঠান : বিহু সমিতিসমূহলৈ জিলা আয়ুক্তৰ পত্ৰ
ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ প্ৰতিখন বিহুমঞ্চতে অন্ততঃ এদিনৰ অনুষ্ঠান বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত উদযাপন কৰিবলৈ এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷

Published : April 17, 2026 at 10:45 PM IST
নগাঁও: সুধাকণ্ঠ, ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিহুমঞ্চত বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত অনুষ্ঠান আয়োজনৰ আহ্বান জনাই নগাঁৱৰ বিহু সমিতিসমূহলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ ।
আজি ব’হাগৰ তৃতীয়টো দিন ৷ ৰাজ্যৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো বিভিন্ন প্ৰান্তত ৰাজহুৱা মঞ্চ বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে । এইবেলি অসম চৰকাৰে বছৰ জোৰাকৈ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি অহাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ প্ৰতিখন বিহুমঞ্চতে অন্ততঃ এদিনৰ অনুষ্ঠান ড৹ ভূপেন হাজৰিকাৰ স্মৃতিত উদযাপন কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো বিহু সমিতিলৈ আহ্বান জনোৱা হৈছে ।
বিহু সমিতিসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই আহ্বান জনাই কয়, ‘‘যিহেতু এই বছৰটো সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী হিচাপে উদযাপন কৰি অহা হৈছে ৷ সেয়েহে প্ৰতিখন বিহুতলীয়ে অন্ততঃ এদিনৰ অনুষ্ঠান ড৹ হাজৰিকাৰ নামত উৎসৰ্গা কৰিব লাগে । তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে চৰ্চা কৰাৰ লগতে তেওঁৰ অমৰ সৃষ্টিসমূহৰ অনুশীলন কৰিবলৈ তেওঁ আহ্বান জনাইছে । উল্লেখ্য যে, যোৱা বছৰৰ ৮ ছেপ্টেম্বৰত আৰম্ভ হোৱা ড৹ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৮ ছেপ্টেম্বৰত সামৰণি পৰিব ।’’
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, ছয় দশকৰো অধিক কাল অসমৰ বিহুতলীসমূহত প্ৰাণ সঞ্চাৰ কৰি ৰখা মহান শিল্পীগৰাকীৰ অসামান্য অৱদানৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে এইবেলি প্ৰতিখন বিহু মঞ্চতে তেওঁৰ নামত অন্ততঃ এটি অনুষ্ঠানৰ আয়োজন কৰিবলৈ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰাও আহ্বান জনোৱা হৈছে ।
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই জিলা প্ৰশাসনে জনোৱা আহ্বানক আদৰণি জনাইছে বিহু সমিতিসমূহেও ।
লগতে পঢ়ক: জুবিনৰ গীতক বিকৃত কৰাৰ মৰসাহ নকৰিবলৈ মৰ্মিতা মিত্রক আছুৰ সকীয়নি

