বজাৰে বজাৰে গীত গাই পৰিয়াল পোহপাল দিয়া দৃষ্টিহীন দম্পতিক সহায় কৰিলে জিলা আয়ুক্তই
নগাঁও জিলাৰ কঠীয়াতলীৰ দৃষ্টিহীন দম্পতীৰ কৰুণ জীৱন গাথা ।

Published : June 5, 2026 at 8:57 PM IST
বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী ৰেংবেঙৰ এক দৃষ্টিহীন দম্পতিৰ কৰুণ জীৱন গাথা । বিভান চন্দ্ৰ দাস আৰু তেওঁৰ পত্নী পপী শইকীয়া দুয়ো জন্মৰে পৰা সম্পূৰ্ণ দৃষ্টিহীন । বঢ়মপুৰ শংকৰ মিচন অন্ধ প্ৰাথমিক বিদ্যালয়ত দুয়ো একেলগেই পঢ়িছিল । তাৰ পিছতে বিয়াত বহিছিল দুয়ো । জন্ম হৈছিল দুটাকৈ ল'ৰা সন্তানৰ । অতি দুখ কষ্টৰ মাজত জীৱন অতিবাহিত কৰা এই দম্পতিয়ে এসাজ খাই এসাজৰ চিন্তা কৰিব লাগে ।
বিভান দাসে ঘৰে ঘৰে খুজি মাগি যি কেইটা পাই তাৰেই পেটৰ ভাতমুঠি যোগাৰ কৰিছিল । বৰ্তমানেও কঠীয়াতলী, কামপুৰ, নগাঁও জিলা আয়ুক্তৰ কাৰ্যলয় আদিত গান গাই ৰাইজে দিয়া দুই এটকাৰে দিনটোৰ পেটৰ ভাতমুঠি যোগাৰ কৰি আছে । তেওঁলোকৰ ডাঙৰ সন্তান চতুৰ্থ শ্ৰেনীত স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ লগতে সৰু পুত্ৰও স্থানীয় অংগনাৱাড়ী কেন্দ্ৰত অধ্যয়ন কৰি আছে ।
এনে সময়ত দুয়োৰে কোনোধৰণৰ চৰকাৰী নথি-পত্ৰ নথকাত চৰকাৰৰ আঁচনিৰ পৰাও বঞ্চিত হৈ আছিল । এদিন নগাঁও জিলাৰ আয়ুক্ত কাৰ্যলয়ৰ চৌহদত গান গাই থাকোতে জিলা আয়ুক্ত দেৱশীষ শৰ্মাক লগ কৰাই দিছিল এজন হৃদয়বান লোকে । অভাৱগ্ৰস্ত পৰিয়ালটো চৰকাৰী আচঁনিৰ পৰা বঞ্চিত হ'ব লগা হোৱা বিষয়টো জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ দৃষ্টিগোচৰ হয় ।
বিষয়টো জানিব পাৰি তেওঁ তৎকালিনভাৱে এক প্ৰশংসনীয় আৰু মানৱীয় পদক্ষেপ গ্ৰহণ কৰে । তেওঁলোকৰ আধাৰ পৰিচয় পত্ৰকে ধৰি কোনো পৰিচয় পত্ৰ নথকাৰ বাবে চৰকাৰী আঁচনিৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছিল । সেয়ে জিলা আয়ুক্তৰ বিশেষ তৎপৰতাত এই দম্পতীৰ আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ কাম অতি সোনকালেই সম্পূৰ্ণ কৰা হয় । বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তেওঁৰ কাৰ্যালয়ৰ কক্ষত তেওঁলোকক এই আধাৰকাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

আধাৰ কাৰ্ডখন প্ৰদান কৰি জিলা আয়ুক্তই দুয়োকে আগন্তুক দিনবোৰৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোক যাতে চৰকাৰৰ সকলো কল্যাণকামী আঁচনিৰ সৈতে জড়িত হৈ উপকৃত হ’ব পাৰে, তাৰ বাবে সংশ্লিষ্ট বিষয়াক নিৰ্দেশনা প্ৰদান কৰে ।
এই সম্পৰ্কত ই টিভি ভাৰতৰ আগত পপী শইকীয়াই কয়, "আমি জন্মগতই হয় । আমি একেখন স্কুলতে পঢ়িছিলোঁ । বঢ়মপুৰ শংকৰ মিচন অন্ধ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ । মই ষষ্ঠমান শ্ৰেনীলৈকে পঢ়িব পাৰিছিলোঁ আৰু তেখেত গৈছিলহে নতুনকৈ । পঢ়া-শুনাত থিকেই আছিলোঁ । কিন্তু হঠাৎ বিয়া হ'ব লগা হ'ল । পঢ়া জীৱনতো বহুত কষ্টত পঢ়িলোঁ । তাৰ পিছতে বিবাহিত হ'লোঁ । বিবাহিত হোৱাৰ পিছতেই প্ৰথম সন্তানৰ জন্ম হ'ল । তাৰ পাছতে লকডাউন হ'ল । সেইসময়ত এবেলা খালে দুবেলা খাবলৈ নাপাইছিলোঁ । আমি বহুত কষ্টত সংসাৰ কৰিছিলোঁ ।"

তেওঁ পুনৰ কয়,"তেতিয়া আমি মনে মনে ভাবিলোঁ আমিতো এনেকৈ থাকিব নোৱাৰিম, তেতিয়া তেখেতক গাঁৱলৈ উলিয়াই পঠালোঁ । তেতিয়া আমি চাউল পাওঁ । তেনেকৈয়ে আমাৰ দিন বাগৰিব ধৰিলে । লকডাউন খোলাৰ পিছত আমি প্ৰথম বজাৰত বহিছোঁ কঠীয়াতলীত চাৰিআলিত । কঠীয়াতলী চাৰিআলিত আমাৰ পাঁচ বছৰ হৈ গ'ল । তাৰ পাছত আমি লাহে লাহে কামপুৰলৈ গ'লোঁ ।"
পপী শইকীয়াই কয়,"সকলো ব্যক্তিয়ে আমাক কয় এইফালে যাবাচোন দুপইচা পাবা সেইফালে যাবা দুপইচা পাবা চলিব পাৰিবা । তেনেকৈ শুনি শুনি আমি নগাঁও পালোগৈ । প্ৰথম নগাঁৱৰ বৰবজাৰত বহিলোঁ । বৰবজাৰত বহি তেনেকৈ আমি এমাহ দুমাহ চালো । তাৰ পাছত আমি গলো ক'ৰ্টৰ মুখত । ক'ৰ্টৰ মুখতো ছমাহমান হ'ল ।"
আধাৰ কাৰ্ডৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়,"ছমাহ হোৱাৰ পিছতে আমি মানুহজনক লগ পালোঁ । তেখেতে আমাক কলে, তোমালোকে চৰকাৰী আঁচনি পোৱানে নোপোৱা ? তেতিয়া আমি কলো যে আমাৰ আধাৰ কাৰ্ড নাই বাবে আজিলৈকে চৰকাৰৰ কোনো আঁচনি পোৱা নাই । সেয়ে আমি চৰকাৰৰ পৰা এমুঠি চাউলো পোৱা নাই । আমি ৰাইজৰ সহায় লৈ চলি আছোঁ । তেতিয়া ছাৰজনে ক'লে তোমালোকে আবেদন এখন লিখি ডিচি ছাৰক লগ কৰা ।"
তেওঁ কয়,"ইয়াৰ পাছত তৰণিৰ হতুৱাই দৰ্খাস্ত এখন লিখালে । খুৰাজনৰ নাম নাজানোঁ, এবাৰেই দেখিছোঁ । খুৰাজনে ডিচি ছাৰৰ ওচৰত নিলে ৷ কিন্তু ডিচি ছাৰৰ মিটিং থকাৰ বাবে আমাক লগ কৰিব নোৱাৰিলে । ছাৰে আমাক নিজে বহুত সহায় কৰিছে । আমি য'ত বহি থাকোঁ তেওঁ তাৰ পৰা নিজে আহি লৈ যায় । আকৌ ধৰি ধৰি আনি বহাই থৈ যায় । ডিচি ছাৰক অশেষ ধন্যবাদ জনাইছোঁ ।"
শেষত তেওঁ কয়,"তেওঁলোকে আমাৰ ভৱিষ্যৎ পোহৰাইছে । আমি আশা কৰো তেওঁলোকে যেন গোটেই জীৱনটো কুশলে থাকে আৰু তেওঁলোকৰ জীৱনটো যেন পোহৰাই তোলে । আমাৰ দৰে মানুহক তেওঁলোকে যেন আৰু সহায় কৰে ।"

