ETV Bharat / state

ৰাজপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন, শাক-পাচলি বজাৰত প্ৰশাসনৰ হাতোৰা

ৰাইজৰ অভিযোগৰ ভিত্তিত দলগাঁৱৰ বালুগাঁৱৰ শাক-পাচলি বজাৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান।

Darrang administration action mode
শাক-পাচলি বজাৰত প্ৰশাসনৰ হাতোৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 19, 2026 at 8:38 PM IST

2 Min Read
Choose ETV Bharat

মঙলদৈ : ভূমি বেদখলকাৰী বা ৰাজপথত ধান মেলা লোকৰ বিৰুদ্ধে নহয়, ৰাজপথ দখল কৰি ব্যৱসায় কৰা লোকৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই ভূমিকাত দৰং জিলাৰ প্ৰশাসন ৷ মঙলবাৰে দলগাঁৱ ৰাজহ চক্ৰৰ অন্তৰ্গত বালুগাঁৱৰ শাক-পাচলি বজাৰত প্ৰশাসনে চলালে উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি একাংশ লোকে বালুগাঁৱৰ ৰাজহুৱা স্থান বিশেষকৈ পথৰ দাঁতিত অবৈধভাৱে দখল কৰি ব্যৱসায় চলাই আহিছিল ৷ যাৰ বাবে শাক-পাচলি বজাৰত প্ৰশাসনৰ হাতোৰা পৰিল ৷ দলগাঁও ৰাজহ চক্ৰ বিষয়া মানস জ্যোতি বৰাৰ নেতৃত্বত মঙলবাৰে এই উচ্ছেদ অভিযান চলাই ৷

এই সন্দৰ্ভত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস জ্যোতি বৰাই কয়,"বালুগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাংশ লোকে শাক-পাচলি ব্যৱসায় আৰম্ভ কৰিছিল ৷ যাৰ বাবে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হয় ৷ এই সম্পৰ্কে লিখিত অভিযোগ দিছিল স্থানীয় ৰাইজে ৷ যাৰ বাবে ৰাজপথ দখল কৰি অবৈধভাবে স্থাপন কৰা দোকানসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰা হৈছে । ৰাইজৰ অভিযোগ আছিল বালুগাঁও বজাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে অবৈধভাবে কিছুমান দোকান গঢ় লৈ উঠিছে । সেয়ে ৰাইজৰ অনুৰোধ মৰ্মে উচ্ছেদ অভিযান চলাইছো ।"

তেওঁ লগতে কয়,"ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যিবিলাক অবৈধ দোকান গঢ় লৈ উঠিছিল সেই খিনি উচ্ছেদ কৰাত যান-জঁটৰ সমস্যা সমাধান হ'ব । বিশেষকৈ বুধবাৰে হোৱা বজাৰ বাৰে যি যান-জঁটৰ সৃষ্টি হৈছিল সেয়া সমাধান হ'ব । এই অবৈধ নিৰ্মাণৰ বাবে বহু দুৰ্ঘটনা হৈছিল ৷ বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ কৰা হয় । এই উচ্ছেদ কৰা ঠাইৰ ওপৰত প্ৰশাসনৰ নজৰ থাকিব ৷ আকৌ যদি বেদখল হয় লগে লগে আমি ব্যৱস্থা গ্ৰহণ কৰিম ।"

​প্ৰশাসনৰ এই তৎপৰতাক এতিয়া স্থানীয় ৰাইজে আদৰণি জনাইছে । এই উচ্ছেদৰ ফলত অঞ্চলটোত যান-জঁটৰ সমস্যা হ্ৰাস পোৱাৰ লগতে পথ দুৰ্ঘটনাও বহুখিনি ৰোধ হ’ব বুলি উল্লেক কৰিছে স্তানীয় ৰাইজে ।

লগতে পঢ়ক:পূৰ্বতকৈ উন্নত প্ৰদৰ্শন কৰিব কংগ্ৰেছৰ ১৯ বিধায়কে: বিধায়ক জয় প্ৰকাশ দাস