জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? দিনটোত কি কৰিব, কি নকৰিব ? সকলো জানিব পাৰিব আমাৰ এই ৰাশিফলৰ জৰিয়তে ৷

Published : April 9, 2026 at 5:00 AM IST
মেষ ৰাশি: খং-ৰাগৰ কাৰণে সম্পর্কত প্ৰভাৱ পৰাৰ সম্ভাৱনা ৷ শান্ত হৈ থাকি কর্ম সম্পাদন কৰক ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কার্য-কর্মত প্ৰভাৱ পৰিব ৷ হতাশাত ভোগাৰ সম্ভাৱনা ৷ ধাৰ্মিক আৰু ভাল কামত সময়ৰ ব্যৱহাৰ কৰিলে দিনটো ভালেৰে যাব ৷ মন্দিৰ ভ্রমণৰ যোগ ৷
বৃষ ৰাশি: ল’ৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পাৰ্টি হোৱাৰ সম্ভাৱনা ৷ প্রতিযোগিতা বা অধ্যয়নত অংশ ল’ব পাৰে ।
মিথুন ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব, ব্যৱসায় বৃদ্ধিত লাভৰ যোগ ৷ কৰ্মবিধিত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত সফলতাৰ যোগ ৷
কৰ্কট ৰাশি: আনক মানসিক আঘাত দিয়াৰ সম্ভাৱনা ৷ প্ৰেমৰ সম্পর্কৰ ক্ষেত্ৰত শুভ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ দিনটো প্ৰায় ভালদৰে পাৰ হ’ব ৷ পিতৃ-মাতৃ, ল’ৰা-ছোৱালীৰ মাজত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ টকা-পইচাৰ নিশ্চয়তা নাই ৷ সক্ৰিয় অনুভৱ হ’ব ৷ প্ৰেমত শুভ ৷ সংযোগত সফলতা লাভ ৷ সফলতাৰে ভৰা এটা দিন ৷
সিংহ ৰাশি: সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো প্ৰায় ভালেই ৷ একাধিক ব্যক্তিৰ লগত সংযোগ হোৱাৰ সম্ভাৱনা, আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধুবৰ্গৰ বিচাৰ হ’ব পাৰে, ভাল বন্ধুত্ব হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷
কন্যা ৰাশি: এই দিনটোত বিপদৰ আশংকা নাই ৷ কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ লক্ষ্যত সফল নহ’বও পাৰে ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিব ৷ দিনটো প্ৰায় সফল ৷
তুলা ৰাশি: সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । দিনটো প্ৰায় ভালেই ৷ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ যাত্রা বা ভ্রমণৰ সম্ভাৱনা ৷ আনন্দময় হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুবৰ্গৰ লগত কটোৱা সময় আনন্দময় হ’ব ৷
বৃশ্চিক ৰাশি: আজি সমগ্ৰ দিনটোত লাভৰ মুখ নেদেখাৰ সম্ভাৱনা ৷ অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব । পৰিয়ালৰ মাজত কাজিয়া বা বিবাদ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰৈত থাকক । পৰিয়ালৰ লোকৰ মাজত থকা ভুল ধাৰণাবোৰ দূৰ কৰক ৷ শাৰীৰিক সমস্যাই আপোনাক বিষণ্ণ কৰি ৰাখিব । নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্য-কলাপৰ পৰা দূৰৈত থাকক ।
ধনু ৰাশি: সৰু যাত্রা বা মন্দিৰ ভ্রমণ হ’ব পাৰে, আনন্দময় হ’ব ৷ ধাৰ্মিক আৰু ভাল কামত দিন ভাল হ’ব ৷ প্রিয় দিন ৷ নাম আৰু সুনাম লাভ ৷ নিজৰ ব্যৱসায় আৰু বন্ধুবৰ্গ, কার্য-ব্যৱসায়ত সফলতা লাভ কৰিব ৷
মকৰ ৰাশি: প্ৰতিটো পদক্ষেপতে সাৱধানে খোজ পেলাওঁক ৷ কৰ্মক্ষেত্ৰত সহযোগিতা লাভৰ যোগ ৷ আয়তকৈ ব্যয় অধিক হ’ব ৷ ধৰ্মীয় আৰু সামাজিক কৰ্মকাণ্ডত ব্যস্ত হৈ থাকিব, যাৰ ফলত ব্যয় বৃদ্ধি হ’ব পাৰে । স্বাস্থ্যক লৈ দুশ্চিন্তাত ভূগিব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে ৷ সফল হ’বলৈ হ’লে মূৰৰ ঘাম মাটিত পেলাই কাম কৰিব লাগিব । উদ্বেগে আমনি দিয়াৰ সম্ভাৱনা ৷ দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা, সাৱধানে থাকক ।
কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত(চাকৰি আৰু ব্যৱসায়ত) লাভবান হোৱাৰ সম্ভাৱনা ৷ কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে । ধনৰ দেৱীৰ কৃপা লাভ ৷ আজি সামাজিক খ্যাতি ইতিবাচকভাৱে বৃদ্ধি পাব । সন্তানসকলৰ সৈতে সু-সম্পৰ্ক স্থাপন ৷ পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ লাভৰ সম্ভাৱনা ৷ বিবাহযোগ্য প্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল । সুখদায়ক ভ্ৰমণ হ’ব পাৰে ।
মীন ৰাশি: অতি সাৱধানৰে কর্ম পালন কৰা উচিত ৷ পুৰণি আধৰুৱা কাৰ্য সম্পন্ন কৰাত সহায়ক হ’ব ৷ লোকসকলৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰা হ’ব ৷ সৎ কৰ্মক বেছি ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷

