ETV Bharat / state

বৃষ ৰাশিৰ লোকৰ পদোন্নতিৰ যোগ, তুলা ৰাশিৰ লোকে নতুন ব্যৱসায়ত হাত দিব পাৰে... জানক কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

DAILY HOROSCOPE
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 8, 2025 at 5:06 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: ভাল সুযোগ লাভৰ যোগ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায়ত হাত দিলে লক্ষ্যত সফল হ’ব, ব্যৱসায় বৃদ্ধিত লাভৰ যোগ ৷ নতুন ব্যৱসায়ত হাত দিব পাৰে ৷ দিনটো প্ৰায় সফলতাৰে পাৰ হ’ব ৷

বৃষ ৰাশি: কন্যা-শিশুৰ সফলতাৰ বাবে দিনটো আনন্দময় হ’ব ৷ কৰ্ম জীৱনত ভাল পদোন্নতিৰ যোগ ৷ টকা-পইচা লাভৰ যোগ ৷ নতুন কৰ্ম, লক্ষ্য লাভ কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হ’ব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ ভাল বেতন লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

মিথুন ৰাশি: আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হ’ব ৷ বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে ভাল, বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ থাকি কৰ্ম সম্পন্ন কৰক ৷

কৰ্কট ৰাশি: চুবুৰীয়া লোকসকলে আপোনাক ভাল পাব ৷ টকা-পইচা নিশ্চিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷

সিংহ ৰাশি: দিনটো ভাল, সফল ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘসময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব ৷ নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ ধন ব্যয় কৰিব ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিবলৈ সংকল্প কৰা উচিত ৷

কন্যা ৰাশি: আজি দিনটো আপোনাৰ টকা-পইচাৰ খৰচ বৃদ্ধি হʼব পাৰে ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷ পইচা জমা কৰক ৷ আপোনাৰ নতুন শিক্ষা গ্ৰহণ, অধ্যয়ন কৰিবলৈ ইচ্ছা হ’ব পাৰে ৷ গ্ৰহ-নক্ষত্ৰবোৰৰ স্থান শুভ ৷ ভাগ্য ভাল ৷ কর্ম, ব্যৱসায়ত ভাল লক্ষ্য, সফল হ’ব ৷

তুলা ৰাশি: এই দিনটো বিশেষভাৱে নাৰীসকলৰ বাবে সৌভাগ্যৰ দিন ৷ চৰকাৰী নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ নতুন ব্যৱসায়ত হাত দিব পাৰে ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ আপোনাৰ প্ৰায় ভালেই ৷

বৃশ্চিক ৰাশি: আজি বহুতো ব্যক্তিৰ লগত সংযোগ ঘটিব ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হ’ব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷

ধনু ৰাশি: আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়া আৰু সংযোগত সফলতা লাভ ৷ বিপদৰ আশংকা থকা কৰ্মক সহজে সম্পন্ন কৰিব ৷ ভাগ্য ভাল ৷

মকৰ ৰাশি: কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ সত্যৰ সফলতাৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হ’ব ৷ প্ৰশংসা লাভ ৷ আপোনাৰ প্ৰায় ভাল ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিয়ক ৷ টকা-পইচাৰ খৰচ বৃদ্ধি হ’ব পাৰে ৷ টকা-পইচাৰ খৰচ সাৱধানে কৰিব ৷ পইচা জমা কৰক ৷

কুম্ভ ৰাশি: দিনটোৰ আৰম্ভণিতে কৰ্মজীৱনৰ কাৰণে মানসিক চিন্তা হ’ব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ শুভবাৰ্তা লাভ কৰিব ৷ আপুনি আজি প্ৰায় সফল হ’ব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব, লক্ষ্য সফল হ’ব ৷

মীন ৰাশি: আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হ’ব ৷ আজিৰ দিনটো আপোনাৰ আনন্দ লাগিব ৷ গ্ৰহ-নক্ষত্ৰবোৰৰ স্থান শুভ ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত ভাল লক্ষ্য, সফল হ’ব ৷ দিনটো পৰিয়ালৰ সৈতে পাৰ কৰক ৷ প্ৰেমত শুভ ৷ প্রিয় দিনত পৰিণত হ’ব ৷