কোন ৰাশিত আজি মা লক্ষ্মীৰ আশীৰ্বাদ বৰষিব ? কোনে ল’ব লাগিব সাৱধানতা, জানো আহক...
বৃহস্পতি মানে মা লক্ষ্মীৰ বাৰ । কিন্তু এই দিনটোত মা লক্ষ্মীৰ কৃপা সকলোৰে ভাগ্যত থাকিবনে ? কোন ৰাশিৰ জাতক-জাতিকাই ল’ব লাগিব সাৱধানতা ?
ৰাশিফল (ETV Bharat)

Published : January 8, 2026 at 1:28 AM IST
|Updated : January 8, 2026 at 9:49 AM IST
- মেষ ৰাশি : সিদ্ধান্ত সাৱধানে আৰু সুস্থিৰে ল’ব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ স্বাস্থ্য ভালে থকাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷
- বৃষ ৰাশি : দিনটো প্ৰায় ভাল ৷ কিন্তু সতৰ্ক হৈ থকাটো ভাল ৷ ভাল অভ্যাস গঢ়িব ৷ হতাশা হʼব ৷
- মিথুন ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ দিনটো প্ৰায় ভাল ৷ আনন্দময় দিন হʼব ৷ কিন্তু কিছু কথা ভালদৰে চিন্তা কৰি কাম কৰিব ৷ অন্যথা বিপদ হ’ব পাৰে ৷ কিছু খেলিমেলিও হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিব ৷
- কৰ্কট ৰাশি : ভাল সুযোগ লাভ ৷ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷
- সিংহ ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে ৷ নিজৰ মনৰ শুনিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ নতুন ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে ৷ দীৰ্ঘসময় ধৰি লাভ পাব পাৰে ৷
- কন্যা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ আনন্দময় দিন ৷ আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কৰ্ম কৰক ৷
- তুলা ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ নতুন শিক্ষা অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷
- বৃশ্চিক ৰাশি : কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷
- ধনু ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ শান্ত হৈ কর্ম কৰিব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত খেলিমেলি হʼব পাৰে ৷
- মকৰ ৰাশি : দিনটো প্ৰায় ভাল ৷ সহনশীলতাৰ ধৈৰ্যশীলতাৰ আজি পৰীক্ষা হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ পৰিশ্ৰমৰ সুখ ভোগ কৰিব ৷ প্ৰশংসা লাভ ৷
- কুম্ভ ৰাশি : লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷ বন্ধুৰ লগত পার্টী হʼব পাৰে ৷
- মীন ৰাশি : দিনটো প্ৰায় ভাল ৷ নাম আৰু সুনাম হʼব ৷ কার্য-ব্যৱসায়ত সফল ৷ বজাৰ কৰিবলৈ যোৱা বাবে দিনটো আনন্দময় হʼব ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে ৷
Last Updated : January 8, 2026 at 9:49 AM IST

