দেওবাৰে কোন ৰাশিৰ জাতক-জাতিকা আৰ্থিকভাৱে লাভৱান হ’ব, কৰ্মক্ষেত্ৰত কোনে উন্নতি কৰিব ? জানো আহক...
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...
ৰাশিফল (ETV Bharat)

By PTI
Published : June 7, 2026 at 3:42 AM IST
- মেষ ৰাশি : দিনটো ভাল ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷
- বৃষ ৰাশি : চাকৰিয়ালসকলৰ কাৰণে দিনটো ভাগ্য সুপ্ৰসন্ন । নতুন কামে সফল পৰিণতি লাভ কৰিব । ঊৰ্ধ্বতনসকলে আপোনাৰ প্ৰতি অনুকূল থাকিব, যাৰ ফলত পদোন্নতি হ’ব পাৰে । সাংসাৰিক সুখ নিশ্চিত । অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব । কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশ নিশ্চিত ।
- মিথুন ৰাশি : ভ্রমণ যোগ ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকিব ৷
- কৰ্কট ৰাশি : কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত সপোন দেখিব ৷ কৰ্মত প্ৰায় সফল ৷
- সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হ’ব । জীৱনসংগী বা জীৱনসংগিনীয়ে অসুস্থ হ’ব পাৰে । সহকাৰী আৰু ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে কথা পতাৰ সময়ত শান্ত আৰু ধৈৰ্য ধৰি থাকক । অহেতুক আৰু অকৃতজ্ঞ কথাবতৰাত লিপ্ত হৈ নপৰিব । মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে । ৰাজহুৱা বা সামাজিক স্বীকৃতি পোৱাৰ কোনো সম্ভাৱনা নাই ।
- কন্যা ৰাশি : বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো বৰ ভাল । নিজৰ প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মীসকলতকৈ আগবাঢ়ি থাকিব । সহকৰ্মীসকলে সাহায্য-সহযোগিতা কৰিব । সংসাৰত বহুত আনন্দ আৰু পৰিতৃপ্তি পাব । স্বাস্থ্য বেয়া হ’ব পাৰে । লাভ যোগ ।
- তুলা ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ সতৰ্ক হোৱা উচিত ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ জীৱনত ভাল বন্ধু লাভ ৷
- বৃশ্চিক ৰাশি : সৰু যাত্রা হʼব পাৰে ৷ জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হʼব পাৰে ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ সৰু ভ্রমণৰ যোগ ৷
- ধনু ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷
- মকৰ ৰাশি : দিনটো বৰ ভাল নহয় । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল ৷ পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি হ’ব পাৰে ৷ অনাৱশ্যক ব্যয়ে আপোনাৰ সমস্যা অধিক বৃদ্ধি কৰিব । স্বাস্থ্যক লৈ বিশেষকৈ সতৰ্ক হওঁক । পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগ দিব ৷
- কুম্ভ ৰাশি : আৰ্থিকভাৱে দিনটো অত্যন্ত ভাল । বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰাৰ প্ৰবল ইংগিত আছে । সৰু সুৰাকৈ আনন্দদায়ক ভ্ৰমণৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । চিন্তাধাৰাত নেতিবাচকতাৰ চিন লক্ষ্য কৰিব পৰা যায় । প্ৰাৰ্থনা আৰু ধ্যানৰ দ্বাৰা এইবোৰ দূৰ কৰাৰ চেষ্টা কৰক ।
- মীন ৰাশি : বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷

