ETV Bharat / state

কাৰ ভাগ্য উদয় হ’ব, কোন ৰাশিৰ জাতক-জাতিকাৰ সফলতাৰ দুৱাৰ খোল খাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক বুধবাৰৰ আপোনাৰ ৰাশিফল...

Daily Horoscope for 7th January 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 5:37 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : দিনটো ৰসহীন আৰু আকৰ্ষণহীন হৈ থাকিব । সৰু-সুৰা অসুস্থতাই আপোনাক আমনি দি থাকিব, যাৰ ফলত এলেহুৱা, ভাগৰুৱা আৰু শক্তিহীন হৈ থাকিব । অধিক শৰীৰচৰ্চা কৰাৰ প্ৰয়োজন নাই ৷ তাতকৈ বিশ্ৰাম লোৱাটো অধিক গুৰুত্বপূৰ্ণ । ভ্ৰমণৰ দিন পিছুৱাই দিয়ক, কাম শেষ কৰাৰ কাৰণে অ’ত ত’ত দৌৰি ফুৰাৰ সলনি আৰাম কৰক । চিন্তাত থাকিব, গতিকে কামৰ পৰা অলপ ছুটী লওঁক । নিজৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ থাকিব । সাৱধানে থাকিব !
  2. বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটোক আপুনি নিজৰ ইচ্ছা মতে, যিমান পাৰে ভাল কৰি ৰাখিব ৷ দিশাহীনভাৱে অ’ত ত’ত ঘূৰি ফুৰাৰ সলনি কাম কৰি যাওঁক । যিমান পাৰে ভালকৈ কাম কৰক আৰু আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাওঁক । পিতৃৰ পৰা কোনো লাভ আৰু উপকাৰ পাব । পিতৃৰ সৈতে মনৰ কথা পাতি ভাল লাগিব। আপুনি নিজেই যদি পিতৃ, তেন্তে নিজৰ সন্তানৰ সৈতে গম্ভীৰ অথচ উদাৰভাৱে কথা পাতক। খেল আৰু খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল। আপুনি যদি খেলুৱৈ তেন্তে আপুনি নিজৰ পাৰদৰ্শিতা দেখুৱাই সকলোকে আচৰিত কৰি দিব ।
  3. মিথুন ৰাশি : হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷
  4. কৰ্কট ৰাশি : এক নতুন সক্ৰিয় দিন ৷ যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ ৷
  5. সিংহ ৰাশি : বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কৰ্ম কৰিব, সফল হʼব ৷ অৱশ্যে খেলিমেলি হʼব পাৰে ৷
  6. কন্যা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ দিনটো প্ৰায় ভাল ৷ আনন্দময় দিন ৷ আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷
  7. তুলা ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ চিন্তাধাৰাবোৰ ভাল ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷
  8. বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল ৷ ৰোগ-পীড়া হ’ব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  9. ধনু ৰাশি : ব্যৱসায় বা কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন ইয়াৰ প্ৰভাৱ পৰিব ৷ কার্য জীৱন ভাল ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷
  10. মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালত ঔষধৰ খৰচ বৃদ্ধি ৷ ৰোগ হ’ব পাৰে ৷ সদায় যোগ-অনুশীলন কৰাটো ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
  11. কুম্ভ ৰাশি : পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লওক ৷ সকলোকে প্ৰশংসা কৰক । আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
  12. মীন ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ কর্ম কৰিব ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল হʼব ৷