কেনেদৰে পাৰ হ’ব শনিবাৰৰ দিনটো ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল
আজিৰ দিনটোত আপুনি কি কি কৰিব, কি নকৰিব ?

Published : June 6, 2026 at 5:00 AM IST
মেষ ৰাশি: ব্যৱসায় বিধিত অধিক ব্যস্ত হ’ব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হ’ব ৷ সক্ৰিয়তা অনুভৱ কৰিব ৷ যোগ-অনুশীলন কৰাৰ ইচ্ছা হ’ব পাৰে ৷
বৃষ ৰাশি: নতুন অধ্যয়নৰ প্ৰতি সক্ৰিয় অনুভৱ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ সত্যত থাকি সফলতা লাভ কৰিবলৈ পৰিশ্ৰম কৰাৰ প্ৰয়োজন ৷ নিজৰ প্ৰতিভা, শিল্পীসুলভ গুণাগুণ ব্যৱহাৰ কৰিব ৷ গান গোৱা, কবিতা আবৃত্তি, নৃত্য আদিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷
মিথুন ৰাশি: মনত থিতাপি লোৱা বেয়া ভাববোৰ আঁতৰাই পেলাওক ৷ কাৰণ যদি সেই কাম নকৰে, আপুনি ভয়ংকৰ বিপদত পৰিব ৷ নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে যদি অলপ দিন ৰৈ দিয়ক ৷ খং পৰিহাৰ কৰক, কাৰণ আপোনাৰ আশ- পাশে থকা মানুহক এই খঙে আঁতৰাই পেলাব ৷ খৰচৰ মাত্ৰা কমাওক অন্যথা আপোনাৰ জেপ খালী হ’ব ৷ ধ্যান আৰু যোগ অভ্যাসে আপোনাৰ মনক শান্ত কৰি ৰখাত সহায় কৰিব ৷
কৰ্কট ৰাশি: বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্কত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্রা হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ ভাল হ’ব ৷ আনন্দময় দিন ৷ পৰিয়ালৰ সৈতে বাহিৰলৈ গ’লে সুস্থিৰে গাড়ী চলাওক ৷ আপোনাৰ প্ৰায় ভাল ৷
সিংহ ৰাশি: আজি আপুনি নিজৰ কর্মত মুকলি মুকলি অনুভৱ কৰিব ৷ যুৱক-যুৱতীবিলাকৰ বাবে দিনটো ভাল ৷ আনন্দময় দিন ৷ পৰিয়ালৰ সৈতে সু-সম্পর্ক স্থাপন ৷ বজাৰ কৰিবলৈ যোৱাৰ বাবে প্রিয় দিন হ’ব ৷ লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
কন্যা ৰাশি: আলোচনাৰ পৰা পৰাপক্ষত আঁতৰি থাকক ৷ কাৰণ আপোনাৰ সামান্য টান কথাই সমগ্ৰ পৰিবেশ নষ্ট কৰিব ৷ আকস্মিকভাৱে খৰচ বৃদ্ধি হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ সৈতে কথা পাতক আৰু তেওঁলোকৰ লগত বাহিৰলৈ ফুৰিবলৈ যাওক ৷ ভাল খাদ্য গ্ৰহণ কৰক, নহ’লে পেটৰ বিষত ভূগিব পাৰে ৷ জমা কৰোতে সাৱধান হওক ৷
তুলা ৰাশি: বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সু-সম্পর্ক স্থাপন ৷ প্ৰেমৰ সম্পর্কত শুভ ৷ সংযোগত সফলতা লাভ ৷ আজি ভাগ্য প্ৰায় ভাল ৷
বৃশ্চিক ৰাশি: আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত ধন ব্যয় হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ ৰচিব পাৰে ৷ আপোনাৰ চাৰিওফালে অলপ বেয়া সময় চলি থকা যেন অনুভৱ হৈছে ৷ দিনটো সাধাৰণভাৱেই পাৰ হ’বলৈ দিয়ক ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷
ধনু ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব । বিভ্ৰান্তি আৰু স্ব-বিৰোধে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে । মিশ্ৰ অনুভূতিৰ কাৰণে আপোনাৰ মনক বিভ্ৰান্তিৰ ডাৱৰে আগুৰি ধৰি থাকিব ৷ মনটোক বিশ্ৰাম দি সকলো কথা ভালকৈ চিন্তা কৰক তাৰপিছত দৃঢ় অৱস্থান গ্ৰহণ কৰক । এনেকুৱা কৰিব নোৱাৰিলে অনিশ্চয়তাৰ সৈতে অত্যধিক কামৰ হেঁচা আৰু অপ্ৰত্যাশিত ব্যয়ৰ কাৰণে আপোনাৰ মন বিমোৰত পৰি থাকিব । আপোনাৰ মনৰ উদ্বিগ্ন অৱস্থাৰ কাৰণে ঘৰতো সকলোৰে সৈতে মতবিৰোধ হ’ব ।
মকৰ ৰাশি: নতুন অধ্যয়নৰ প্ৰতি সক্ৰিয় অনুভৱ হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব, ব্যৱসায় বৃদ্ধিত লাভৰ যোগ ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক । নিজৰ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷
কুম্ভ ৰাশি: লক্ষ্মী গোঁসানী আজি আপোনাৰ ওপৰত সুপ্ৰসন্ন হৈ আছে ৷ সামাজিক অৱস্থাৰ উন্নতি হ’ব ৷ গ্ৰহৰ প্ৰভাৱত ব্যৱসায়ত উন্নতি হ’ব আৰু মহিলা বন্ধুৰ সৈতে সম্পৰ্ক উন্নত হ’ব ৷ নতুন সম্পৰ্ক স্থাপনৰ যোগ ৷ ভ্ৰমণৰ সম্ভাৱনা ৷ বিবাহযোগ্য প্ৰাৰ্থীসকলৰ বিবাহৰ প্ৰস্তাৱ আহিব আৰু বৈবাহিক সম্বন্ধৰ উন্নতি হ’ব ৷
মীন ৰাশি: কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ ওপৰৱালাৰ লগত সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লক্ষ্মীদেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যৱসায়ত উন্নতি হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ আমনি নোপোৱাকৈ দিনটো পাৰ হ’ব ৷

