জ্যোতিষ শাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো...
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগে আপোনাৰ বাবে অপেক্ষা কৰি আছে ?জানি লওক দিনটোৰ ৰাশিফলত…

Published : March 3, 2026 at 5:06 AM IST
মেষ ৰাশি: আজি প্ৰায় ভাল ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ নিজৰ ৰুচিৰ পৰিণাম দেখিবলৈ পাব ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আনৰ পাপবোৰ গুপুতে ৰাখিব পাৰে ৷ শিক্ষার্থীৰ শুভ ৷ ল’ৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷
বৃষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ প্ৰায় সফলতাৰে ভৰা দিন ৷ কৰ্মজীৱনত ভাল পদত পদোন্নতিৰ যোগ ৷ যিয়ে নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ নিজৰ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ সফলতা লাভ ৷
মিথুন ৰাশি: দিনটো প্ৰায় ভালেই ৷ সুস্থিৰে থাকিব ৷ চকুৱে কষ্ট দিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বিপদৰ আশংকা আছে, সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ সাৱধানে টকা-পইচা খৰচ কৰক ৷ প্ৰাৰ্থনা কৰক ৷
কৰ্কট ৰাশি: জীৱনৰ বহুতো ক্ষেত্ৰত সফল হ’ব ৷ সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । দিনটো প্ৰায় ভালেই ৷ ল’ৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
সিংহ ৰাশি: বিশ্বাসী দিন ৷ বিপদৰ আশংকা নাই, দিনটো প্ৰায় ভালদৰেই পাৰ হ’ব ৷ কার্য-ব্যৱসায়ত সতৰ্ক থকা ভাল ৷ বহুতো ব্যক্তিৰ লগত সংযোগ স্থাপনৰ সম্ভাৱনা ৷ নিজৰ পছন্দৰ কার্যই সহায় কৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কন্যা ৰাশি: নিজৰ খং-ৰাগৰ কাৰণে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কৰ্ম সম্পাদন কৰক ৷ মানসিক আৰু শাৰীৰিক হতাশাৰ সম্ভাৱনা ৷ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিনটো ভালেৰেই পাৰ হ’ব ৷
তুলা ৰাশি: দিনটো প্ৰায় ভাল ৷ ব্যৱসায়ত সফলতা লাভৰ যোগ ৷ কৰ্মজীৱনত শুভ ৷ পৰিয়ালৰ লগতে প্ৰেমৰ সম্পর্কৰ ক্ষেত্ৰত শুভ ফল ৷ কৰ্মজীৱনত পদোন্নতিৰ যোগ, নাম-সুনাম অৰ্জন ৷
বৃশ্চিক ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ তথাপিও এলেহুৱা-নিৰুৎসাহিত নহ’ব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ বিবাহিতসকলৰ বাবে শুভ দিন ৷ পৰিয়ালৰ লগত সৰু যাত্রা হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ ৷
ধনু ৰাশি: শৰীৰ আজি বৰ ভালেৰে নাযাব ৷ মানসিক উদ্বিগ্নতা শাৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলিমেলিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ৷ আপোনাৰ ব্যবহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিৱেশ কৰক ৷ প্ৰতিযোগিতা আৰু দন্দ্বৰ পৰা আঁতৰি থাকক ৷
মকৰ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ঔষধ কিনাকে ধৰি যাৱতীয় ব্যয় বৃদ্ধিৰ সম্ভাৱনা ৷ ৰোগ-পীড়া হোৱাৰ আশংকা ৷ তেনেকুৱাত সদায় যোগ অনুশীলন কৰা ভাল ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
কুম্ভ ৰাশি: প্ৰেমৰ সম্পর্কত শুভ ৷ নীতি বহিৰ্ভূত কাম নকৰিব ৷ লক্ষ্যত সফলতা ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ বজাৰ কৰিবলৈ যোৱা দিন ৷
মীন ৰাশি: স্বাস্থ্য ভাল, ভাতৃ-ভগ্নীৰ লগত মৰমৰ সম্পর্কত শুভ ৷ কৰ্মজীৱনত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ যোগ ৷ খং-ৰাগৰ বাবে ব্যক্তিগত জীৱনত প্ৰভাৱ পৰাৰ সম্ভাৱনা ৷ শান্ত হৈ থাকি কৰ্ম সম্পাদন কৰক ৷ লক্ষ্যত সফল ৷

