ETV Bharat / state

শনি দেৱৰ প্ৰভাৱ, বছৰৰ আৰম্ভনিতে সলনি হ’ব নেকি আপোনাৰ ভাগ্য; সফলতাৰ তালিকাত আছে এই ৰাশি জাতক-জাতিকাসকল

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি শনিবাৰে আপুনি কি ক্ষেত্ৰত সাৱধান হ’ব লাগিব, সেই বিষয়ে প্ৰতিকাৰ দিব। গ্ৰহ-নক্ষত্ৰৰ পৰিৱৰ্তন অনুযায়ী দিনটো কেনে যাব, জানি লওক ইটিভি ভাৰত,অসমৰ ৰাশিফলত...

Daily Horoscope for 3rd January 2026
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 3, 2026 at 5:06 AM IST

3 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : বিপদৰ আশংকা নাই ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ নতুন ব্যৱসায় কৰিব পাৰে ৷ নতুনকৈ প্ৰেমৰ সম্পর্ক স্থাপন হʼব ৷ এলেহুৱা হৈ পৰিব পাৰে ৷ গা ধোৱা আগত মালিচ কৰক ৷ সক্ৰিয় অনুভৱ হʼব ৷
  2. বৃষ ৰাশি : নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ ড্ৰাইভ আনন্দৰে আৰু সুস্থিৰে কৰিব ৷
  3. মিথুন ৰাশি : দিনটো প্ৰায় ভাল ৷ সফলতা লাভ ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ সন্ধিয়াটো আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
  4. কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷
  5. সিংহ ৰাশি : নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ সঠিক মনোবৃত্তি আহৰণ কৰক ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
  6. কন্যা ৰাশি : টকা-পইচাৰ নিশ্চিতি হʼব ৷ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ৷ দিনটো ভাল ৷ সফলতা লাভ ৷ সক্ৰিয় অনুভৱ হʼব ৷ পৰিশ্ৰমৰ ভাল ফল পাব ৷ গ্ৰহৰ স্থান ভাল ৷
  7. তুলা ৰাশি : চৰকাৰী প্ৰকল্পত সফল ৷ নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্মত প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও সফল হʼব ৷
  8. বৃশ্চিক ৰাশি : কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ পৰিব ৷ কর্ম শান্ত হৈ থাকিব ৷ খং-ৰাগৰ পৰা আঁতৰি থাকক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
  9. ধনু ৰাশি : হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা, পৰচৰ্চা আদি কৰাৰ পৰা আঁতৰি থাকক ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । শান্ত হৈ থাকি কর্ম কৰিব ৷
  10. মকৰ ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নৰ কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব পাৰে ৷ নিৰুৎসাহিত হৈ নপৰিব ৷ কঠোৰ কাৰ্য সহজতে সফলতাৰে কৰিব পাৰিব ৷
  11. কুম্ভ ৰাশি : দিনটোত বিপদৰ-শংকা নাই ৷ কার্য-ব্যৱসায়ত সফল ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
  12. মীন ৰাশি : খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা নকৰিব ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ নহ’ব ৷ কর্মত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ কঠোৰ পৰিশ্ৰম ফল লাভ ৷