কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল, কাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?
ৰাশিফল (ETV Bharat)

Published : October 31, 2025 at 5:05 AM IST
- মেষ ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নৰ কর্মত ব্যস্ত হৈ পৰিব ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
- বৃষ ৰাশি : ব্যৱসায় বঢ়াবৰ বাবে পৰিকল্পনাত ব্যস্ত থাকিব পাৰে । উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক সাহায় কৰিব ৷ সকলো ঠিকে ঠাকে যাবলৈ অলপ সময়ৰ প্ৰয়োজন হ’ব । ব্যৱসায়ৰ বাবে ভ্ৰমণলৈ যাব লগা হ’ব পাৰে । কৰ্মস্থলীত জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাম্বিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে । পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।
- মিথুন ৰাশি : সতৰ্ক হোৱা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফল ৷ বিবাহিত জীৱন আনন্দময় ৷
- কৰ্কট ৰাশি : সুস্বাদ্যু আহাৰ, সুন্দৰ সজ্জা আৰু বহু-সাংস্কৃতিক কথাবতৰাই আপোনাক সম্পূৰ্ণ দিনটো ব্যস্ত কৰি ৰাখিব । আনন্দ উপভোগ কৰিব ৷ নতুন ব্যৱসায়িক বন্ধনৰ চিন্তা কৰিব পাৰে । প্ৰথমে অপেক্ষা কৰক আৰু চাওক । লগতে, এই ফলদায়ী সময়ৰ পৰা শ্ৰেষ্ঠ লাভ কৰিবৰ বাবে, অংশীদাৰসকলৰ লগত সম্পৰ্কক উন্নত কৰিবৰ বাবে আৰু নিজৰ মূল ধন সংৰক্ষিত ৰাখিবৰ বাবে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷
- সিংহ ৰাশি : ব্যৱসায়ীৰ বাবে বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু অধিনস্থসকলে লাভ কৰোৱাৰ সম্ভাৱনা আছে । বিনিয়োগৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাক সহায় কৰিব । নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক; বজাৰ কৰক, খাওক আৰু আনন্দ কৰি –দিনটো উদ্যাপন কৰক ।
- কন্যা ৰাশি : নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিবলৈ আপুনি উত্সাহিত অনুভৱ কৰিব । শিল্পজাত বস্তু আৰু কলাকৃতি সৃষ্টিৰ বাবে প্ৰেৰণা পাব । ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব । দিনটো শুভ ৷
- তুলা ৰাশি : এটা সাধাৰণ দিন । পৰিপক্ক হওক আৰু পৰিয়ালৰ মাজত সৰু সৰু বিবাদক এৰাই চলক । মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে । সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক । গান শুনি বা গাই কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে । শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ।
- বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ । আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷
- ধনু ৰাশি : যুক্তিৰে সকলো কথা চিন্তা কৰিব ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷
- মকৰ ৰাশি : নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ আজি মনৰ কথা ভাগ-বতৰা কৰিবলৈ ইচ্ছা নহʼব ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷ বিবাহিত বাবে এই দিনটো শুভ ৷
- কুম্ভ ৰাশি : টকা-পইচা খৰচ বৃদ্ধি ৷ অনাৰ্থক খৰচ হʼব পাৰে ৷ তথাপিও বিপদৰ আশংকা নাই ৷ কার্য-ব্যৱসায়ত ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷
- মীন ৰাশি : শ্বেয়াৰ আদিত কৰা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা । কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব । ঘৰুৱা পৰিৱেশো শান্ত আৰু উত্সাহজনক হৈ থাকিব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক । সন্ধিয়াবেলা, উদ্বিগ্নতা হ’ব পাৰে ৷ অত্যাধিক ব্যয়ৰ সম্ভাৱনা আছে ।

