জ্যোতিষ শাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ? কেনেধৰণৰ সুযোগে আপোনালৈ অপেক্ষা কৰি আছে ? জানি লওক আপোনাৰ দিনটোৰ ৰাশিফল…

Published : March 2, 2026 at 5:01 AM IST
মেষ ৰাশি: নতুন ব্যৱসায়ৰ পথৰ সন্ধান পাব পাৰে ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ সৰু যাত্রা বা মন্দিৰ ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷
বৃষ ৰাশি: নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভৰ যোগ ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ টকা-পইচা অনিশ্চিত ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুবৰ্গৰ সৈতে কটোৱা সময় আনন্দময় হʼব ৷
মিথুন ৰাশি: আপোনাৰ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ আহাৰ খোৱাৰ আগত, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু কেঁচুৱাক পৰিষ্কাৰ কৰাৰ পাছত চাবোনেৰে হাত ধোৱা আদি পৰিষ্কাৰ-পৰিচ্ছন্নতামূলক কামত লগত জড়িত হ’ব ৷
কৰ্কট ৰাশি: পুৰণি বন্ধুৰ লগতে প্ৰেমৰ সম্পর্কৰ সৈতে পার্টি হ’ব পাৰে ৷ ব্যক্তিগতভাৱে দিনটো প্ৰায় ভালেই ৷ এটা সফলতাৰে ভৰা দিন ৷ লাভ হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল ৷ বিঘিনিবোৰ আঁতৰ হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব ৷
সিংহ ৰাশি: দিনটো কঠিন হোৱাৰ সম্ভাৱনা ৷ ব্যয় বৃদ্ধিৰ যোগ ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ শিক্ষার্থীসকলে অধ্যয়নত মনোযোগ দিব ৷ শান্ত হৈ থাকি কৰ্ম সম্পাদন কৰক, সফল হ’ব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
কন্যা ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হ’ব ৷ আবেলিলৈ প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হ’ব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
তুলা ৰাশি: পৰিষ্কাৰ-পৰিচ্ছন্নতা সংক্ৰান্তীয় কামত জড়িত হোৱাৰ সম্ভাৱনা ৷ আহাৰ খোৱাৰ আগত, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পাছত আৰু কেঁচুৱাক পৰিষ্কাৰ কৰাৰ পাছত চাবোনেৰে হাত ধোৱা আদি পৰিষ্কাৰ-পৰিচ্ছন্নতামূলক কামত লগত জড়িত হ’ব ৷
বৃশ্চিক ৰাশি: নতুন ব্যৱসায়-বিধিত অধিক ব্যস্ত হৈ পৰাৰ সম্ভাৱনা ৷ কর্মত ব্যস্ত থকাৰ ফলত নিজৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷
ধনু ৰাশি: খেলিমেলিৰে পূৰ্ণ এটা দিন ৷ মানসিক হতাশাৰ সন্মুখীন হ’ব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰাৰ সম্ভাৱনা ৷ কাৰ্য-কৰ্মত প্রতিযোগিতাত নামি পৰাৰ সম্ভাৱনা ৷
মকৰ ৰাশি: যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল হোৱাৰ যোগ ৷ বন্ধুৰ সৈতে তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিব পাৰে ৷ ভালপোৱা বা প্ৰেমৰ সম্পর্কত শুভ ৷ নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷
কুম্ভ ৰাশি: কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ বিপদৰ আশংকা নাই, সফলতাৰে ভৰা এটা দিন ৷ সৰু যাত্রা বা ভ্রমণ হ’ব পাৰে, আনন্দময় হ’ব ৷ প্রতিযোগিতাত সফল হ’ব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব ৷ বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিয়া উচিত ৷
মীন ৰাশি: ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘসময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব ৷ ধন-সম্পত্তিৰ পৰা অধিক ধন উপাৰ্জন কৰিব ৷ নিজৰ বিচাৰধাৰা আৰু আলোচনাৰ বহু পৰিমাণে লাভান্বিত হ’ব ৷

