ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

Daily Horoscope
দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 5:01 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: নিজৰ সৌন্দৰ্যৰ কথাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰাৰ নামত খৰচ হ’ব ৷ ভালপোৱা, প্ৰেমৰ সম্পর্কৰ ক্ষেত্ৰত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্রা হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে নৈশ আহাৰ গ্ৰহণ ৷ আনন্দময় দিন ৷ পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাৰ সময়ত সাৱধানে, সুস্থিৰে তথা আনন্দৰে গাড়ী চলাওক ৷ প্ৰায় ভাল আনন্দময় দিন ৷

বৃষ ৰাশি: সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল ৷ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ ৰাখি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ আনন্দময় দিন ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

মিথুন ৰাশি: আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা লোৱা পৰামৰ্শ ভাল হ’ব ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল আৰু লাভৱান হ’ব ৷

কৰ্কট ৰাশি: আপোনাৰ বাবে এটা কঠিন দিন হ’ব পাৰে ৷ খেলিমেলিৰ সম্ভাৱনা ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হ’ব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্মবিধিত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷

সিংহ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আপুনি প্ৰায় সফল হ’ব ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । টকা-পইচা জমা কৰিব ৷ টকা-পইচাৰ নিশ্চিতি ৷

কন্যা ৰাশি: আজি আপোনাৰ বাবে এটা সক্ৰিয় দিন ৷ মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ তথাপিও আপুনি প্ৰায় সফল হ’ব ৷ পৰিয়ালৰ সৈতে সু-সম্পর্ক স্থাপন ৷ নতুন কৰ্ম, লক্ষ্য প্ৰদানৰ সম্ভাৱনা ৷ দিনটোৰ শেষত প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ নিজৰ ব্যৱসায়, কর্মত ব্যস্ত থাকিব যদিও প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷

তুলা ৰাশি: পৰিয়ালৰ লগতে প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ প্রিয় দিন ৷ নাম আৰু সুনাম লাভৰ যোগ ৷ প্ৰেমৰ সম্পর্কৰ বাবে শুভ দিন ৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ সৈতে প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ প্রিয় দিন ৷ নাম আৰু সুনাম লাভৰ যোগ ৷ প্ৰেমৰ সম্পর্কত শুভ ৷

ধনু ৰাশি: আজি আপুনি কঠোৰ কাৰ্যত সহজতে সফলতা লাভ কৰিব ৷ আপোনাৰ বহুতো ব্যক্তিৰ সৈতে সংযোগ ঘটিব পাৰে ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

মকৰ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আপুনি প্ৰায় সফল হ’ব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ দিনটো ভালেই ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷

কুম্ভ ৰাশি: বিপদৰ আশংকা নাই যদিও কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ ভাল লক্ষ্যত সফল হ’ব ৷ কিন্তু বন্ধুৰ লগত যুদ্ধত লিপ্ত হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হ’ব ৷ কৰ্মত সুফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হ’ব ৷

মীন ৰাশি: আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎ কৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা লাভ কৰিব ৷ এবাৰ লক্ষ্য স্থিৰ কৰাৰ পিছত তাত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰক । বন্ধু আৰু প্ৰেমৰ সম্পর্কৰ সৈতে পার্টি হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সৰু যাত্রা হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ ৷ আনন্দময় দিন ৷