কোন ৰাশিৰ লোকৰ খৰচ বৃদ্ধি হ’ব, কোনে দিব লাগিব স্বাস্থ্যৰ প্ৰতি ধ্যান, জানক দৈনিক ৰাশিফল
জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল
দিনটোৰ ৰাশিফল (ETV Bharat Assam)

Published : June 29, 2026 at 5:02 AM IST
- মেষ ৰাশি: খং-ৰাগৰ প্ৰভাৱত সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কর্ম কৰক ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কার্য-কর্মত প্ৰভাৱ পৰিব ৷ হতাশ হ’ব পাৰে ৷ ধাৰ্মিক আৰু ভাল কামৰ বাবে দিনটো ভাল ৷ মন্দিৰ ভ্রমণৰ সম্ভাৱনা ৷
- বৃষ ৰাশি: ল’ৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাম ৷ বন্ধুৰ সৈতে পার্টি হ’ব পাৰে ৷ প্রতিযোগিতা বা অধ্যয়নত ভাগ ল’ব পাৰে ৷
- মিথুন ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব, ব্যৱসায় বৃদ্ধিত লাভ হ’ব ৷ কৰ্ম বিধিত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
- কৰ্কট ৰাশি: আজি আনক মানসিক আঘাত দিব পাৰে ৷ কিন্তু প্ৰেমৰ সম্পর্কত শুভ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ আজি প্ৰায় ভাল হ’ব ৷ পিতৃ-মাতৃ, ল’ৰা-ছোৱালীৰ মাজত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ খৰচ বৃদ্ধি হ’ব পাৰে ৷ টকা-পইচা অনিশ্চিত হোৱাৰ সম্ভাৱনা ৷ আপোনাৰ সক্ৰিয় অনুভৱ হ’ব ৷ প্ৰেমৰ সম্পর্কত শুভ ৷ সংযোগত সফলতা লাভ ৷
- সিংহ ৰাশি: সক্ৰিয় অনুভৱ হ’ব ৷ আপোনাৰ প্ৰায় ভাল হ’ব ৷ একাধিক ব্যক্তিৰ সৈতে সংযোগ স্থাপনৰ সম্ভাৱনা ৷ আপোনাৰ পছন্দৰ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু-বৰ্গৰ বিচাৰ হ’ব পাৰে, ভাল বন্ধুত্ব হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷
- কন্যা ৰাশি: বিপদৰ আশংকা নাই, কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল ৷ নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ লক্ষ্যত সফল নহ’ব পাৰে ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ আপুনি সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিব ৷ দিনটো প্ৰায় সফল ৷
- তুলা ৰাশি: সঠিক, আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল হ’ব ৷ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ যাত্রা বা ভ্রমণ হ’ব পাৰে, আনন্দময় হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে কটোৱা সময় আনন্দময় হ’ব ৷
- বৃশ্চিক ৰাশি: আজি গোটেই দিন আপোনাৰ কোনো লাভ নহ’ব ৷ অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব । পৰিয়ালৰ মাজত কাজিয়া, বিবাদ সৃষ্টি কৰিব পৰা পৰিস্থিতিৰ পৰা দূৰৈত থাকক । পৰিয়ালৰ লোকৰ মাজত থকা ভুল ধাৰণাবোৰ ভাঙি দিয়ক । শাৰীৰিক সমস্যাই আপোনাক বিষণ্ণ কৰি ৰাখিব । নেতিবাচক চিন্তা এৰাই চলক আৰু অনৈতিক কাৰ্য-কলাপৰ পৰা দূৰৈত থাকক ।
- ধনু ৰাশি: সৰু যাত্রা বা মন্দিৰ ভ্রমণ হ’ব পাৰে, আনন্দময় হ’ব ৷ ধাৰ্মিক আৰু ভাল কামত দিন ভাল হ’ব ৷ প্রিয় দিন হ’ব ৷ নাম আৰু সুনাম লাভ ৷ ব্যৱসায় আৰু বন্ধু-বৰ্গ, কার্য-ব্যৱসায়ত সফলতা লাভ ৷
- মকৰ ৰাশি: প্ৰতিটো পদক্ষেপত সাৱধানে খোজ পেলাওঁক । কৰ্মক্ষেত্ৰত আপুনি সহযোগিতা পাব পাৰে । আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব । আজি আপুনি ধৰ্মীয় আৰু সামাজিক কামত ব্যস্ত হৈ থাকিব, যাৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে । স্বাস্থ্যক লৈ দুশ্চিন্তাত ভুগিব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে ৷ আজি আপুনি সফল হ’বলৈ হ’লে মূৰৰ ঘাম ভৰিত পেলাই কাম কৰিব লাগিব । উদ্বেগে আপোনাক আমনি দি থাকিব । দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা, সাৱধানে থাকক ।
- কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ ৷ কৰ্মক্ষেত্ৰত(চাকৰি আৰু ব্যৱসায়ত) আপুনি লাভবান হ’ব পাৰে । কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে । ধনদেৱীৰ কৃপা লাভ ৷ সামাজিক খ্যাতি আজি ইতিবাচকভাৱে বৃদ্ধি পাব । সন্তানসকলৰ সৈতে সম্পৰ্ক ভালেই থাকিব । পত্নী আৰু পুত্ৰৰ পৰা সু-সংবাদ পোৱাৰ সম্ভাৱনা আছে । বিবাহযোগ্য প্ৰাৰ্থীসকলৰ কাৰণে দিনটো ভাল । সুখদায়ক ভ্ৰমণ হ’ব পাৰে ।
- মীন ৰাশি: অতি সাৱধানেৰে কর্ম পালন কৰা উচিত ৷ পুৰণি, অসম্পূৰ্ণ কাৰ্য সম্পন্ন কৰাত সহায় হ’ব ৷ মানুহৰ মাজত হোৱা বিবাদক সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰিব ৷ নিজৰ সৎ কৰ্মক অধিক উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব ৷

