ETV Bharat / state

ৰাখী পূৰ্ণিমাৰ ৰাশিফল: কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো জানি লওক...

আজিৰ দিনটো আপোনাৰ কেনে যাব ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল ৷

DAILY HOROSCOPE
দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2026 at 7:36 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: আজি আপুনি নিজৰ প্ৰতিভা ব্যৱহাৰ কৰিব ৷ আচৰিত নহ’ব, আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হ’ব ৷ আপোনাৰ ভাগ্য প্ৰায় ভাল হ’ব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷

বৃষ ৰাশি: আজি আপোনাৰ দিনটো অত্যন্ত ভাল । ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ অনুকূল ৷ আজি ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে আৰু ইয়াৰ পৰা উচ্চস্তৰীয় সফলতা পাব পাৰে । আপুনি চাকৰিয়াল হ’লে ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সংসাৰত সুখ-শান্তিৰ পৰিৱেশ বৰ্তি থাকিব । ঘনিষ্ঠ বন্ধুসকলক লগ পোৱাৰ পিছত আপোনাৰ আনন্দ বৃদ্ধি পাব ৷

মিথুন ৰাশি: যাত্রা বা ভ্রমণ হ’ব পাৰে ৷ আনন্দময় হ’ব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ থাকি কর্ম কৰক ৷ নিজৰ মতে চলিলে সফল হ’ব ৷

কৰ্কট ৰাশি: কেইবামাহো ধৰি ভাগ্য ভাল নাছিল, সেইবাবে ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হৈছিল ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো সুখৰ সপোন দেখিব ৷ আপোনাৰ এতিয়া আনন্দৰ দিন ৷ প্ৰায় সফল হ’ব ৷

সিংহ ৰাশি: ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব ৷ ব্যৱসায় ডাঙৰ কৰাৰ ক্ষেত্ৰত দেশৰ বাহিৰত সফল হ’ব ৷ কথোপকথনৰ আৱশ্যক, সফল হ’ব ৷ উচিত সময়ত কাম কৰিলে লক্ষ্যত সফল হ’ব ৷

কন্যা ৰাশি: আজি আপোনাৰ হাতৰ মুঠিত এই পৃথিৱীখন আছে যেন লাগিব । আপুনি ঘৰত আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে থাকিব । বন্ধু আৰু সহকৰ্মীসকলে আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰাৰ লগতে সহায়-সহযোগিতা কৰিব । যদি কোনো বেমাৰত ভুগি আছে, তেতিয়াহ’লে সুস্থ হৈ উঠাৰ সম্ভাৱনা ৷ ঘৰৰ পৰা বা পৰিয়ালৰ পৰা সুখবৰ পাব পাৰে । আজি নিজৰ কৰ্ম-কুশলতাৰ স্বীকৃতি পাব ৷ প্ৰয়োজনৰ তুলনাত অধিক ব্যয়ৰ সম্ভাৱনা ৷

তুলা ৰাশি: আজিৰ দিনটো আন দিনৰ দৰেই পাৰ হ’ব । বিশেষ একো ঘটনা নঘটে । সন্তানৰ বিষয়ত উদ্বেগ বঢ়াৰ সম্ভাৱনা ৷ আপুনি যদি পঢ়ুৱৈ, তেতিয়াহ’লে আজি পঢ়াশুনাত মন বহাব নোৱাৰিব ৷ অৰ্থহীন আৰু বিতৰ্কিত আলোচনাত লিপ্ত নহ’ব । আপোনাৰ সুনাম নষ্ট হ’ব পাৰে । নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক । ভ্ৰমণ এৰাই চলক । ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ।

বৃশ্চিক ৰাশি: আজি ব্যৱসায় বিধিত অধিক ব্যস্ত হ’ব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হ’ব ৷ যোগ-অনুশীলন কৰাৰ ইচ্ছা হ’ব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ সক্ৰিয় অনুভৱ হ’ব ৷ আজিৰ দিনটোত আপোনাৰ আনন্দ লাগিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব ৷ গ্ৰহ-নক্ষত্ৰবোৰৰ লগতে ঈশ্বৰৰ মহিমা ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত লক্ষ্য ভাল হ’লে সফলতা লাভ কৰিব ৷

মকৰ ৰাশি: পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব । নম্ৰ আৰু বিনয়ী হৈ থাকিব পাৰিলে আপুনি সমস্যাৰ পৰা দূৰৈত থাকিব পাৰিব । আজি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে । আপোনাৰ স্বাস্থ্য আজি বৰ ভালেৰে নাযাব । চকুৰ সমস্যা দেখা দিব পাৰে । পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু লাভদায়ক । শাৰীৰিক আৰু মানসিকভাৱে আপুনি অত্যন্ত তজবজীয়া অনুভৱ কৰিব । জাগতিক আৰু আধ্যাত্মিক - এই দুয়ো দিশতেই আপুনি পৰিতৃপ্ত অনুভৱ কৰিব । গ্ৰহৰ অৱস্থানৰ দিশৰ পৰা চাবলৈ গ’লে আজি পৰিয়ালৰ লোকৰ সৈতে বাহিৰলৈ ফুৰিবলৈ যাব, আনন্দ-ফুৰ্তি কৰিব, ভাল ভাল খাদ্য উপভোগ কৰিব, উপহাৰ লাভ কৰিব । গোটেই দিনটো আধ্যাত্মিকভাৱে উজ্জীৱিত হৈ থাকিব ।

মীন ৰাশি: আজি আপোনাৰ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হʼব ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ আজিৰ দিনটো আপোনাৰ বাবে প্ৰায় ভাল ৷ লাভ হ’ব ৷