ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল

আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া ? দিনটোত কি কৰিব, কি নকৰিব ? সকলো জানিব পাৰিব আমাৰ এই ৰাশিফলৰ জৰিয়তে ৷

Daily Horoscope
দিনটোৰ ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 27, 2026 at 5:04 AM IST

3 Min Read
Choose ETV Bharat

মেষ ৰাশি: যুক্তিসূত্ৰসমূহৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফলতাৰ যোগ ৷ মহিলাসকলৰ বাবে ভাগ্য ভাল ৷ আজিৰ দিনটোত বিপদৰ আশংকা নাই ৷ কিন্তু সতৰ্ক থকাটো ভাল ৷ বিপদৰ পৰা সুৰক্ষিত ৰাখিব ৷ আবেলিলৈ প্ৰায় ভাল হ’ব ৷

বৃষ ৰাশি: নতুন ব্যৱসায়-বিধিত অধিক ব্যস্ত হোৱাৰ সম্ভাৱনা ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হ’ব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হ’ব ৷

মিথুন ৰাশি: খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চ্চালৈ পৰিণত হোৱাৰ সম্ভাৱনা ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: মনে বিচৰা ধৰণে সফলতা লাভৰ যোগ ৷ ধৈৰ্যশীল, সহনশীল হওক ৷ বাসগৃহটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰাৰ সম্ভাৱনা ৷ দিনটো প্ৰায় ভালেই ৷

সিংহ ৰাশি: সক্ৰিয় অনুভৱ হ’ব ৷ নিজৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিব ৷ দিনটো প্ৰায় সফল ৷ ভাগ্য ভাল, ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷

কন্যা ৰাশি: আজি নিজৰ প্ৰতিভা, শিল্পীসুলভ গুণাগুণ ব্যৱহাৰ কৰিব ৷ ঘৰটো নতুন পৰিকল্পনাৰে নতুন গৃহলৈ পৰিণত কৰিব পাৰে ৷ নতুনকৈ কাঠৰ বস্তু ক্ৰয় কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপনৰ যোগ ৷

তুলা ৰাশি: মানসিক হতাশাত ভোগাৰ সম্ভাৱনা ৷ ল’ৰা-ছোৱালীৰ সৈতে তৰ্ক-বিতৰ্কৰ সম্ভাৱনা ৷ হতাশাত ভূগিব ৷ যাৰ প্ৰভাৱ কর্মজীৱনত পৰাৰ সম্ভাৱনা ৷ প্রমুখৰ পৰা হতাশা ৷

বৃশ্চিক ৰাশি: নিজৰ ব্যৱসায়, কর্মত সম্পর্ক ৰক্ষাৰ বাবে গুৰুত্ব দিয়ক ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মত মনে বিচৰা ফল পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হ’ব ৷ ব্যয় বৃদ্ধিৰ সম্ভাৱনা ৷ পৰিয়ালৰ লগত সু-সম্পর্ক স্থাপন ৷

ধনু ৰাশি: আজিৰ দিনটো সক্ৰিয় অনুভৱ হ’ব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ লোৱাৰ সম্ভাৱনা । কোনো ইভেণ্ট পৰিচালনাৰ সুযোগ লাভ ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ সন্ধিয়ালৈ ভাল ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

মকৰ ৰাশি: পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক । আবেলিলৈ কৰ্মজীৱনত ভাল খবৰ লাভৰ সম্ভাৱনা ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে সু-সম্পর্ক স্থাপন ৷ প্ৰেমত শুভ ৷

কুম্ভ ৰাশি: প্রিয় দিন ৷ নাম আৰু সুনাম লাভৰ যোগ ৷ কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনা ৷ নতুন কৰ্ম-লক্ষ্য প্ৰদানৰ সম্ভাৱনা ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷ নিজৰ 100% মনোযোগ দিব, সফলতা লাভ কৰিব ৷

মীন ৰাশি: নতুন অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব, ব্যৱসায় বৃদ্ধিত লাভৰ যোগ ৷ কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখক । নিজৰ কর্মত মনোযোগ দিয়ক ৷ জীৱনত সুখী হ’ব ৷