ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আজিৰ দিনটো… জানক দিনটোৰ ৰাশিফল

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো ? এই দিনটোত কি কি কৰিব, কি কি নকৰিব ? পঢ়ক দিনটোৰ ৰাশিফলত...

DAILY HOROSCOPE
দিনটোৰ ৰাশিফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2026 at 5:10 AM IST

4 Min Read
Choose ETV Bharat

মেষ ৰাশি: কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্কৰ লগত পার্টী হ’ব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হ’ব ৷ খৰচ বৃদ্ধি হ’ব পাৰে ৷ আজি আপুনি নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি: নতুন, সক্ৰিয়তা অনুভৱ হ’ব ৷ আজিৰ দিনটোত আপোনাৰ আনন্দ লাগিব ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব ৷ গ্ৰহ-নক্ষত্ৰবোৰ আৰু ঈশ্বৰৰ মহিমা ভাল ৷ ভাগ্য ভাল ৷ কর্ম-ব্যৱসায়ত লক্ষ্য ভাল হ’লে সফল হ’ব ৷

মিথুন ৰাশি: নিজৰ মতে থাকক ৷ যিহেতু আপুনি বৰ বেছি সংবেদনশীল, সেয়েহে আনে হঠাৎ লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ আপোনাৰ মনলৈ অহা নতুন আদৰ্শ আপুনি কৌশলতাৰে হাতত ল’ব পাৰে ৷ আপোনাৰ মাতৃ বা পত্নীৰ লগত আপোনাৰ সম্বন্ধ অলপ মিশ্ৰিত ধৰণৰ হ’ব ৷ ভ্ৰমণ বাতিল কৰক আৰু অলপ দিন পানীৰ পৰা আঁতৰি থাকক ৷ লগতে এইকেইদিন কোনো ৰ্নিদিষ্ট বিষয়ত মানসিকভাবে অশান্তি পাই থাকিব ৷

কৰ্কট ৰাশি: নিজৰ কর্মত মুক্ত অনুভৱ কৰিব ৷ যুৱক-যুৱতীসকলৰ বাবে ভাল দিন ৷ আনন্দময় হ’ব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হ’ব ৷ আপোনাৰ প্ৰায় ভাল আৰু আনন্দময় দিন ৷ বজাৰ কৰিবলৈ যোৱাৰ ক্ষেত্ৰত প্রিয় দিন হ’ব ৷ আপুনি ল’ৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ৷

সিংহ ৰাশি: আপোনাৰ বাবে কঠিন দিন হ’ব পাৰে ৷ খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ শান্ত হৈ থাকক ৷

কন্যা ৰাশি: দিনটো কন্যাসকলৰ বাবে মিশ্ৰ ফলদায়ক ৷ আপুনি ভবা আৰু কৰা সকলো কামৰ উচিত ফল আজি আপুনি লাভ কৰিব ৷ যিয়ে আপোনাক সূখী আৰু আপুনি আনক সূখী কৰিব পাৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যায় আৰু আপোনাৰ কষ্টৰ বাবে আপুনি পুৰস্কৃত হ’ব ৷ ব্যৱসায় বৃদ্ধি হ’ব আৰু শৰীৰ ভালে থাকিব ৷ দূৰৈৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কীয় হ’ব ৷ ভ্ৰমণ লাভদায়ক হ’ব আৰু বিবাহৰ যোগ আছে ৷ সংগীৰ লগত সম্পৰ্ক উন্নত হ’ব ৷

তুলা ৰাশি: সকলো দিন একেই নহয় ৷ আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হ’ব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হ’ব ৷ আজি কোনো লাভ বা ক্ষতি নাই । কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ বন্ধু আৰু প্ৰেমৰ সম্পর্কৰ সৈতে পার্টী হ’ব পাৰে ৷ আপোনাৰ প্ৰায় ভাল ৷

বৃশ্চিক ৰাশি: জীৱনত প্ৰভাৱ পৰিব অধ্যয়নৰ ৷ কাৰ্যভাৰ গ্ৰহণ কৰিব ৷ কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ প্ৰায় ভাল, সফল দিন ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ’ব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰিব ।

ধনু ৰাশি: নতুন গ্রাহক লাভ ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজন ধৈৰ্যশীল, তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ কাৰণে কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকি কৰ্ম কৰক ৷

মকৰ ৰাশি: বিয়া আৰু সংযোগত সফলতা লাভ ৷ প্ৰেমৰ সম্পর্কত শুভ ৷ এক নতুন সক্ৰিয় দিন ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ খেলিমেলি হ’ব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হ’ব ৷ প্ৰায় সফল হ’ব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷

কুম্ভ ৰাশি: নিজৰ ব্যৱসায়, কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থকাৰ ভাল ফল পাব ৷ পছন্দৰ কার্য-ব্যৱসায়ত যোগ দিব ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হ’ব ৷ লাভ হ’ব ৷

মীন ৰাশি: এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ সৈতে কটাব ৷ প্ৰেমত শুভ ৷ প্রিয় দিন ৷ নিজৰ ওপৰত আশ্বাস, ভৰসা ৰাখিলে নিশ্চয়কৈ লক্ষ্যত সফল হ’ব ৷ কর্মত প্রতিযোগিতাৰ সন্মুখীন হ’লেও বিফল হ’ব ৷ আজি কঠোৰ কাৰ্য সহজতে সফল কৰিব পাৰিব ৷