কোন ৰাশিৰ আজি হাতলৈ ধন আহিব, প্ৰেমত কাৰ শুভ, কাৰ বাবে দিনটো অশুভ, চাওক দৈনিক ৰাশিফল
আজিৰ দিনটো আপোনাৰ কেনে যাব ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল ৷

Published : August 25, 2026 at 4:53 AM IST
মেষ ৰাশি : পৰিয়াল সম্বন্ধীয় বিষয়ত আলোচনা কৰিলে সেয়া ফলদায়ক হ’ব, যাৰ ফলত আপুনি পৰিতৃপ্ত হ’ব ৷ ইয়াৰ পিছতো আপোনাৰ যদি এনেকুৱা লাগে যে কিবা যেন অভাৱ আছে, তথাপি আশা এৰি নিদিব ৷
বৃষ ৰাশি : বিদেশত কামৰ বাবে থকা আপোনাৰ বন্ধু আৰু আত্মীয়-স্বজনৰপৰা ইতিবাচক খবৰ পাব ৷ যাৰ ফলত আপুনি উৎসাহ অনুভৱ কৰিব আৰু আপুনি ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে ৷ যিসকলে বিদেশত গৈ পঢ়াশুনা কৰিব বিচাৰে বা ইনটাৰ্ণ হ’ব বিচাৰে, তেওঁলোকৰ কাৰণে সময়টো অনুকূল ৷
মিথুন ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ বিবাহিতৰ বাবে দিন শুভ ৷
কৰ্কট ৰাশি : বৃত্তিমূলক আৰু আৰ্থিক সকলো বস্তুৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী ৷ ধনবৃদ্ধি আৰু ব্যৱসায়ৰ উন্নতি হ’ব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব ৷
সিংহ ৰাশি : গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে দিনটোক মধ্যমীয়া কৰি ৰাখিব ৷ শান্তভাৱে দিনটো পাৰ হ’ব ৷
কন্যা ৰাশি : আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷
তুলা ৰাশি : নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় আৰু এয়া প্ৰচণ্ড আকৰ্ষণীয়ও হয় ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে আপোনাৰমনটো বেয়া হৈ থাকিব ৷
বৃশ্চিক ৰাশি : ধনাগমনৰ দিশ শুভ ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷
ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷
মকৰ ৰাশি : সৰু সুৰা দূৰ্ঘটনা আৰু মানসিক অশান্তিয়ে গোটেই দিন আগুৰি থাকিব ৷ আপোনাৰ সন্তান , পৰিয়াল আৰু সহকৰ্মীৰ ওপৰত উঠা খঙে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব ৷
কুম্ভ ৰাশি : আজি আপোনাৰ প্ৰায় ভাল হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷
মীন ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আজি বিপদাশঙ্কা নহয়, দিন প্ৰায় ভাল হʼব ৷ সৰু যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব ৷

