ETV Bharat / state

কাৰ হ’ব খৰচ বৃদ্ধি, প্ৰেমৰ সম্পৰ্ক কেনে হ’ব, কৰ্ম-ব্যৱসায়ত কোন হ’ব সফল, জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো ? কি কি কৰিব, কি কি নকৰিব ?

Daily horoscope for 23rd November 2025
ৰাশিফল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 5:00 AM IST

4 Min Read
Choose ETV Bharat
  1. মেষ ৰাশি : দিনটো আপোনাৰ বাবে নিস্তেজ হৈ থাকিব । ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । কোনো কাম কৰাৰ ইচ্ছা নহ’ব ৷ সৰুসুৰা কথাত মূৰ গৰম নকৰিব । ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত দি কথা নক’ব । এনেকুৱা কৰিলে পিছলৈ আপোনাৰ ক্ষতি হ’ব পাৰে । আজি ধৰ্মীয় কামত অংশগ্ৰহণ কৰিব পাৰে ।
  2. বৃষ ৰাশি : ধ্যান কৰক আৰু মনক স্থিৰ কৰক ৷ দিনৰ শেষ ভাগলৈ আপুনি ভাগৰি পৰিব ৷ কিন্তু বচৰ কামৰ হেঁচা আপোনাৰ ওপৰত পৰিব ৷ আশা কৰি থকা ফল পাওতে দেৰি হ’ব ৷ ভ্ৰমণ বাতিল কৰক ৷
  3. মিথুন ৰাশি : ইন্দ্ৰিয়সুখ পৰিতৃপ্তি আৰু সুখভোগৰ যোগ আছে । আজি বিভিন্ন ধৰণৰ মানুহৰ সৈতে সাক্ষাৎ হ’ব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সুখদায়ক ভ্ৰমণত যাব পাৰে । নতুন কাপোৰ কিনিবলৈ যাব পাৰে । শাৰীৰিকভাৱে সুস্থ ৷ সামাজিক সন্মান আৰু খ্যাতি বৃদ্ধি ।
  4. কৰ্কট ৰাশি : দিনটো ভাল । ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু উত্তম । সুখৰ মুহূৰ্ত উপভোগ কৰিব ৷ আজি যি কামেই কৰিব, তাতেই আপুনি খ্যাতি পাব । আজি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ ৷ পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা ৷ চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো ফলদায়ক ।
  5. সিংহ ৰাশি : নিজৰ শিল্পী প্ৰতিভাক ব্যৱহাৰ কৰিব ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব । আঁচৰিত নহ’ব, আপুনি আজি ইভেণ্ট হেণ্ডেলাৰ হʼব ৷ কর্মৰ বাবে দূৰ যাত্রা হʼব পাৰে ৷ এই যাত্রাই কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷
  6. কন্যা ৰাশি : দিনটো কঠিন হʼব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ পৰিয়ালৰ লগত তৰ্ক-বিতৰ্ক হʼব ৷ অধিক তৰ্ক-বিতৰ্ক নকৰিব ৷ মাতৃৰ ৰোগ হ’ব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷
  7. তুলা ৰাশি : নিজৰ ব্যৱসায় বা কর্মত ব্যস্ত থাকিব ৷ ফলত ব্যক্তিগত জীৱন প্ৰভাৱ পৰিব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ ৰাতিৰ খানা ভাল হʼব ৷ বজাৰ কৰিবলৈ যাব পাৰে ৷
  8. বৃশ্চিক ৰাশি : ইফালে-সিফালে আজি আপুনি অআমন্ত্রিত পৰামর্শ পাব ৷ কিন্তু সেইবোৰ ভাল পৰামর্শ হʼব ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিবাহিতৰ বাবে ভাল দিন ৷ নতুন ব্যৱসায়ৰ বিচাৰ হʼব পাৰে ৷ প্ৰেমত শুভ ৷
  9. ধনু ৰাশি : দিনটো আপোনাৰ পৰিকল্পনা অনুসৰি গৈ থাকিব । আৰ্থিক লাভ । আজি গোটেই দিনটো তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ সৰুসুৰা সুখকৰ ভ্ৰমণৰ যোগ আছে । ঘনিষ্ঠ বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুখকৰ কিছু মুহূৰ্ত কটাব । কোনো আনন্দদায়ক আৰু শুভ অনুষ্ঠানৰ নিমন্ত্ৰণ পাব পাৰে ।
  10. মকৰ ৰাশি : আজি ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু খৰচো কৰিব লগা হ’ব ৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ অপাৰেশ্যনৰ পৰা আঁতৰত থাকক ৷
  11. কুম্ভ ৰাশি : এটা সফল দিন ৷ ব্যৱসায়ত বহু উন্নতি হ’ব ৷ পুৰণি বন্ধু লগ পাব ৷ তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ পাব পাৰে ৷
  12. মীন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ নিজৰ জীৱন যাপন কৰা প্ৰণালীক সৰল কৰিব ৷ মনৰ ইচ্ছা ভাগ-বতৰা কৰিবলৈ মন নহʼবও পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ বিয়াৰ সংযোগত সফলতা লাভ ৷